একক সংখ্যাগৰিষ্ঠতা হেৰুৱাব বিজেপিয়ে ! JDU, TDP য়েই ভৰসা মোডীৰ...

একক সংখ্যাগৰিষ্ঠতা হেৰুৱাব বিজেপিয়ে ! JDU, TDP য়েই ভৰসা মোডীৰ...
একক সংখ্যাগৰিষ্ঠতা হেৰুৱাব বিজেপিয়ে ! JDU, TDP য়েই ভৰসা মোডীৰ...

ডিজিটেল ডেস্কঃ ২০১৪ চনত কংগ্ৰেছক পৰাস্ত কৰি শাসনলৈ আহিছিল বিজেপি। যদিও এন ডি এয়ে সেইবাৰ চৰকাৰ গঠন কৰিছিল তথাপিও বিজেপিয়ে একক ভাৱে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছিল। একেই ফলাফল আছিল ২০১৯ ৰ লোকসভাৰ নিৰ্বাচনতো।

কিন্তু এইবাৰ অষ্টাদশ লোকসভা নিৰ্বাচনে সেই পৰিবেশ সলনি কৰিলে। সন্ধিয়া ৫ বজা পৰ্যন্ত নিৰ্বাচন আয়োগৰ তথ্যই এই কথা স্পষ্ট কৰিছে যে কেন্দ্ৰত বিজেপিয়ে এইবাৰ একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে।

অৱশ্যে যদিহে এন ডি এৰ মিত্ৰ দলে কোনো খেলিমেলি নকৰে তেন্তে পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি প্ৰায় নিশ্চিত হৈছে। বিজেপিয়ে প্ৰথমে কোৱাৰ দৰে ৪০০ অতিক্ৰম কৰাটো দূৰৰে কথা এককভাৱে ২৫০ খনো আসন লাভ নকৰে। চৰকাৰ গঠন কৰিবলৈ মেজিক নম্বৰ ২৭৩।

অৰ্থাৎ, কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ,  বিজেপিয়ে এতিয়া এন ডি এৰ দুই সহযোগী দল চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি (টিডিপি) আৰু নীতিশ কুমাৰৰ জেডিইউৰ ওপৰতেই অধিক নিৰ্ভৰ কৰিব লাগিব। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল এই দুই দলৰ নেতৃত্বৰ বিজেপিৰ সৈতে সম্পৰ্ক বৰ এটা সন্তুষজনক নহয়। দুয়ো নেতাই পূৰ্বে একাধিকবাৰ সুবিধা অনুসৰি এন ডি এ ত্যাগ কৰিছে আকৌ প্ৰয়োজনত পুনৰ ঘূৰি আহিছে।

এই দুয়ো দলে খেলি মেলি নকৰিলে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে তৃতীয়বাৰ ক্ষমতালৈ আহিব পাৰিব। তেনে হ'লেই তেওঁ একেৰাহে তিনিবাৰ প্ৰধানমন্ত্ৰী হোৱা দেশৰ দ্বিতীয়জন ব্যক্তি হৈ পৰিব। কিন্তু প্ৰধানমন্ত্ৰী হ’বলৈ মোডীয়ে বিজেপিয়ে এককভাৱেই ২৭০ ৰো অধিক আসন পাব বুলি যি দাবী কৰিছিল সেই দাবী বিফল হৈছে।

এইবাৰৰ লোকসভা নিৰ্বাচনে ৰাষ্ট্ৰীয় ৰাজনীতিত পুনৰ কংগ্ৰেছক প্ৰাসংগিক কৰি তুলিছে। সংসদৰ বিৰোধী দলৰ নেতা পদৰ বাবে, এটা দলে লোকসভাত ৫৫ খন আসন জয় কৰিব লাগে। কিন্তু ২০১৪ চনত কংগ্ৰেছে মাত্ৰ ৪৪ খন আৰু ২০১৯ চনত ৫২ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল। সেয়ে কংগ্ৰেছে সংসদীয় নিয়ম অনুসৰি সেই মৰ্যাদা লাভ কৰা নাছিল।

কিন্তু এইবাৰ মল্লিকাৰ্জুন খাৰ্গেৰ দলে ৯০ ৰ পৰা ১০০ খন আসনৰ ভিতৰত জয়ী হোৱাৰ সম্ভাৱনা আছে। 'ইণ্ডিয়া'ৰ সকলো সহযোগী দলে ২৩০ ৰো অধিক আসন লাভ কৰিবলৈ আগবাঢ়িছে। সেয়ে প্ৰধানমন্ত্ৰী হ’বলৈ মোডী যে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব সেয়া প্ৰায় নিশ্চিত। 

একক সংখ্যাগৰিষ্ঠতা হেৰুৱাব বিজেপিয়ে ! JDU, TDP য়েই ভৰসা মোডীৰ...
আঁতৰি দিয়ক, আঁতৰি দিয়ক গৌৰৱ গগৈ আহিছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in