আঁতৰি দিয়ক, আঁতৰি দিয়ক গৌৰৱ গগৈ আহিছে...

আঁতৰি দিয়ক, আঁতৰি দিয়ক গৌৰৱ গগৈ আহিছে...
আঁতৰি দিয়ক, আঁতৰি দিয়ক গৌৰৱ গগৈ আহিছে...

ডিজিটেল ডেস্কঃ আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ বিজয় নিশ্চিত হৈছে। সমষ্টিটোত গৌৰৱ গগৈয়ে বৰ্তমানৰ সাংসদ তপন গগৈতকৈ ১৩৭৪৬২ টা ভোটত আগবাঢ়ি আছে। তেওঁ লাভ কৰিছে ৭২২৬৪৫ টা ভোট।

দেশবাসীৰে দৃষ্টি নিবদ্ধ থকা এই সমষ্টিত গৌৰৱ গগৈৰ এনে জয়যাত্ৰাই এতিয়া উৎফুল্লিত কৰি তুলিছে তেওঁৰ অনুৰাগীসকলক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি অসম মন্ত্ৰীসভাখন যোৰহাটত তপন গগৈক জয়ী কৰাই গৌৰৱৱ গগৈক পৰাস্ত কৰিবলৈ জপিয়াই পৰিছিল যদিও আজিৰ ফলাফলে গৌৰৱ গগৈৰ বিজয় নিশ্চিত কৰিছে।

এনে পৰিস্থিতিত যোৰহাটৰ ৰাজপথলৈ ওলাই আহিছে কংগ্ৰেছ, মিত্ৰদল ক্ৰমে ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদিৰ কৰ্মীসকল। ঠায়ে ঠায়ে সমষ্টিৰ ভিন্ন প্ৰান্তত গৌৰৱ গগৈক কাষত পাই বিভিন্ন শ্লোগান আওঁৰাইছে তেওঁলোকে। গৌৰৱ গগৈৰ লগত দেখা গৈছে অখিল গগৈ, দেবব্ৰত শইকীয়াকো।

গৌৰৱ গগৈক কাষত পাই তেওঁৰ অনুৰাগীসকলে আঁতৰি দিয়ক গৌৰৱ আহিছে বুলিও কোৱা শুনিবলৈ পোৱা গৈছে। মন কৰিবলগীয়া যে শেহতীয়াকৈ ৰাজ্যত জনপ্ৰিয় হৈ পৰিছে 'আঁতৰি দিয়ক ডাঙৰীয়া আহিছে' শীৰ্ষক বাক্যশাৰী। তাকে কিছু সলনি কৰি এইসকল লোকে আঁতৰি দিয়ক গৌৰৱ গগৈ আহিছে বুলি শ্লোগান দিছে।

আঁতৰি দিয়ক, আঁতৰি দিয়ক গৌৰৱ গগৈ আহিছে...
জেপি নড্ডাৰ ঘৰলৈ অমিত শ্বাহঃ যিকোনো পৰিস্থিতিত চৰকাৰ গঠন কৰিবলৈ সাজু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in