ৰাষ্ট্ৰপতিৰ হাতত নৰেন্দ্ৰ মোডীয়ে তুলি দিলে পদত্যাগপত্ৰ...

দিল্লীত ইণ্ডিয়া, এন ডি এৰ গুৰুত্বপূৰ্ণ বৈঠক, সলনি হ'ব পাৰে ৰাজনৈতিক পৰিৱেশ
ৰাষ্ট্ৰপতিৰ হাতত নৰেন্দ্ৰ মোডীয়ে তুলি দিলে পদত্যাগপত্ৰ...
ৰাষ্ট্ৰপতিৰ হাতত নৰেন্দ্ৰ মোডীয়ে তুলি দিলে পদত্যাগপত্ৰ...

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰপতিক সাক্ষাত কৰি তেওঁৰ পদত্যাগপত্ৰ দাখিল কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও প্ৰধানমন্ত্ৰীগৰাকীৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে। অৱশ্যে নতুন চৰকাৰ গঠন নোহোৱা লৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকেই চৰকাৰ চম্ভালিবলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে অনুৰোধ কৰিছে।   

উল্লেখ্য যে, মঙ্গলবাৰে ঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপিয়ে পূৰ্বৰ দৰে এককভাৱে সংখ্যাগৰিষ্ঠ লাভ নকৰিলে যদিও এন ডি এয়ে ২৯২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই লাভ কৰিছে ২৩৩ খন আসন। অন্যান্যই লাভ কৰিছে ১৮ খন আসন। ফলত এন ডি এয়ে পুনৰ চৰকাৰ গঠন কৰিবলৈ প্ৰস্তুতি চলাইছে। অৱশ্যে যিকোনো মুহূৰ্ততে পৰিস্থিতি সলনি হোৱাৰো সম্ভাৱনা নথকা নহয়।

তাৎপর্যপূর্ণ ভাৱে এন ডি এ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিলেও ২০১৪ আৰু ২০১৯ চনৰ তুলনাত আসনৰ সংখ্যা বহু হ্ৰাস পালে। ২০১৪ আৰু ২০১৯ ত বিজেপিয়ে অৰ্জন কৰিছিল একক সংখ্যাগৰিষ্ঠতা।

এইবাৰ বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় ২৭৩ খন আসনৰ ভিতৰত ২৪০ খন আসনহে লাভ কৰিবলৈ সক্ষম হয়। সেয়ে চৰকাৰ গঠন কৰিবলৈ এতিয়া সহযোগী দলসমূহৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে।

আজি দিল্লীত নৰেন্দ্ৰ মোডী, অমিত শ্বাহেৰে এন ডি এৰ সহযোগী দলসমূহৰ বৈঠকো অনুষ্ঠিত হৈছে। ইফালে আজি সন্ধিয়া ইণ্ডিয়াৰো এখন গুৰুত্বপূৰ্ণ বৈঠক আছে দিল্লীত। এই দুয়োখন বৈঠকেই ভাৰতীয় ৰাজনীতিৰ অতি গুৰুত্বপূৰ্ণ বৈঠক হিচাপে আজিৰ সময়ত বিবেচিত হৈছে।

কিয়নো যিকোনো মুহূৰ্ততে দেশৰ ৰাজনীতি সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিবা কাৰণত এন ডি এৰ পৰা নীতিশ কুমাৰৰ জে ডি ইউ আৰু চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি যদি বাহিৰলৈ আহে তেন্তে বিজেপিৰ চৰকাৰ গঠনৰ পথ বন্ধ হৈ পৰিব।

এনে পৰিস্থিতিত নতুন চৰকাৰ গঠন কৰিবলৈ বিজেপিয়ে বেছি সময় হাতত ল’ব বিচৰা নাই। চলিত সপ্তাহতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।  

ৰাষ্ট্ৰপতিৰ হাতত নৰেন্দ্ৰ মোডীয়ে তুলি দিলে পদত্যাগপত্ৰ...
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাইজক মাধমাৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in