/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/679b362f-2f11-4ba8-bbec-998da3aa294e/SABC_News_Fuel_Reuters.jpg)
ডিজিটেল ডেস্ক : দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাইজৰ মূৰত পৰিল ৰাম-টাঙোন ! মঙলবাৰে ঘোষণা হৈছিল লোকসভা নিৰ্বাচনৰ ফলাফল আৰু বুধবাৰে বাঢ়িল পে'ট্ৰল- ডিজেলৰ দাম। ফলাফল ঘোষণাৰ এদিন পাছতে পেট্ৰ'ল-ডিজেলৰ দামবৃদ্ধিয়ে এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
জানিব পৰামতে পূৰ্বৰ দামতকৈ প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ১.১২টকা আৰু ডিজেলত বাঢ়িল ১টকাকৈ। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছতে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বিভিন্ন সামগ্ৰীৰ দামবৃদ্ধি পাইছিল।
দামবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ পৰিপ্ৰেক্ষিত এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অসমত শেহতীয়াকৈ ডিজেলৰ দামবৃদ্ধিৰ কিছু তথ্য উল্লেখ কৰা হ'ল-
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/8a7c23ce-28f8-4ce2-9376-45c40e455850/a45e4180-b3cd-44d1-b8b4-67cc10bfdc3f.jpg)
অসমত শেহতীয়াকৈ পেট্ৰ'লৰ দামবৃদ্ধিৰ কিছু তথ্য উল্লেখ কৰা হ'ল-
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/930c497c-dc29-46a5-b58d-6cd92ecdc74a/4544f71d-1691-4e50-b382-ce459099bfc4.jpg)
Also Read: লেখিকা-সমাজসেৱিকা ভৱানী শৰ্মাৰ স্মৃতি দিৱস উদযাপন