৪০০ পাৰ নকৰিলেও দেশবাসীক ধন্যবাদ জনালে মোডীয়ে...

তৃতীয়বাৰৰ বাবে এন ডি এয়ে গঠন কৰিব চৰকাৰ
৪০০ পাৰ নকৰিলেও দেশবাসীক ধন্যবাদ জনালে মোডীয়ে...
৪০০ পাৰ নকৰিলেও দেশবাসীক ধন্যবাদ জনালে মোডীয়ে...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ফলাফলৰ মাজতে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। অবকি বাৰ ৪০০ পাৰ শ্লোগানেৰে নিৰ্বাচনত জপিয়াই পৰা বিজেপিয়ে এককভাৱে সংখ্যাগৰিষ্ঠতাও অৰ্জন নকৰিলে যদিও অৱশ্যে এন ডি এয়েই পুনৰ চৰকাৰ গঠন কৰাটো একপ্ৰকাৰে নিশ্চিত হৈছে।

তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্সত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মোডীয়ে লিখিছে- "দেশৰ জনসাধাৰণে একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এৰ ওপৰত বিশ্বাস প্ৰকাশ কৰিছে। এয়া ভাৰতৰ ইতিহাসৰ এক অভূতপূৰ্ব মুহূৰ্ত। এই মৰম আৰু আশীৰ্বাদৰ বাবে মই মোৰ প্ৰণাম জনাইছো।"

তেওঁ পুনৰ কয়, "মই দেশবাসীক আশ্বাস দিছো যে তেওঁলোকৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বাবে আমি নতুন শক্তি, নতুন উৎসাহ আৰু নতুন সংকল্পৰ সৈতে আগবাঢ়িম। মই সকলো কাৰ্যকৰ্তাক তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এন ডি এ ২৯২ খন আসনত আৰু ইণ্ডিয়া ২৩৩ খন আসনত আগবাঢ়ি আছে।

নিৰ্বাচন আয়োগৰ মতে এই পৰ্যন্ত বিজেপিয়ে ১১৭ খন আৰু কংগ্ৰেছে ৫১ খন আসন লাভ কৰিছে। বিজেপি বৰ্তমান ১২২ খন আসনত আগবাঢ়ি আছে আৰু কংগ্ৰেছ ৪৮ খন আসনত আগবাঢ়ি আছে।

৪০০ পাৰ নকৰিলেও দেশবাসীক ধন্যবাদ জনালে মোডীয়ে...
মোডীৰ শীঘ্ৰে পদত্যাগ দাবী কৰিলে মমতাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in