/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/1aaad76d-a78c-4fd7-8046-66b64c1fe4c1/mamta_4.jpg)
মোডীৰ শীঘ্ৰে পদত্যাগ দাবী কৰিলে মমতাই...
ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ ফলাফল অহাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শীঘ্ৰে পদত্যাগ দাবী কৰিলে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, এফালে চি বি আই, এফালে ইডি থকাৰ পাছতো নৰেন্দ্ৰ মোডীয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে। তেওঁ তেওঁৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে। সেয়ে তেওঁ শীঘ্ৰে পদগত্যাগ কৰিব লাগে। কিয়নো তেওঁ এইবাৰ ৪০০ পাৰ কৰাৰ শ্লোগান দিছিল।
মমতা বেনাৰ্জীয়ে পুনৰ কয়, এতিয়া তেওঁ তেলেগু দেশম পাৰ্টি আৰু নীতিশ কুমাৰৰ ভৰিত ধৰিবলগীয়া হৈছে। মোডীজীক মই ভালকৈ জানোঁ। তেওঁ ইণ্ডিয়া মিত্ৰজোঁটক ভাঙিব নোৱাৰে।
ইয়াৰোপৰি তেওঁ কয়, মই অখিলেশক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ভাল কাম কৰিছে। আহিবলগীয়া নিৰ্বাচনত অখিলেশ যাদৱৰেই জয়ী হ’ব। বিহাৰৰ পৰা যি ফলাফল এতিয়া পোহৰলৈ আহিছে সেয়া সম্পূৰ্ণ শুদ্ধ নহয়। মোৰ তেজস্বী যাদৱৰ সৈতে কথা হৈছে। তেওঁ কৈছে এতিয়াও বহু গণনা বাকী আছে। তেওঁলোকে ভুল তথ্য দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us