'জয়, পৰাজয় ৰাজনীতিৰে অংশ, হতাশ হলে নচলিব': পৰাজিত মন্ত্ৰীক মোডীৰ সান্তনা...

মন্ত্ৰীসভাৰ অন্তিমখন বৈঠকত মোডীৰ ভাষণ
'জয়, পৰাজয় ৰাজনীতিৰে অংশ, হতাশ হলে নচলিব': পৰাজিত মন্ত্ৰীক মোডীৰ সান্তনা...
'জয়, পৰাজয় ৰাজনীতিৰে অংশ, হতাশ হলে নচলিব': পৰাজিত মন্ত্ৰীক মোডীৰ সান্তনা...

ডিজিটেল ডেস্কঃ ''জয়, পৰাজয় ৰাজনীতিৰ অংশ। গতিকে হতাশ হলে নচিলব।'' মন্ত্ৰীসভাৰ সৈতে শেষ বৈঠকত এইদৰেই নৰেন্দ্ৰ মোডীয়ে নিজা ভাষণেৰে উজ্জিৱীত কৰিলে মন্ত্ৰীসকলক।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত অৰ্পণ কৰিলে তেওঁৰ পদত্যাগ পত্ৰ। বুধবাৰেই তেওঁ মন্ত্ৰীসভাৰ সৈতে অন্তিমখন বৈঠকত মিলিত হয়। এই বৈঠকতে তেওঁ মন্ত্ৰীসকলক উদ্দেশ্য কৰি বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

সদ্য ঘোষিত নিৰ্বাচনী ফলাফলে দেশত পুনৰ এবাৰ এন ডি এৰ চৰকাৰ গঠন নিশ্চিত কৰিছে যদিও বিজেপিয়ে হেৰুৱাইছে সংখ্যাগৰিষ্ঠতা। ২০১৯ ত ৩০৩ খন আসন লাভ কৰা বিজেপিয়ে এইবাৰ লাভ কৰিছে মাত্ৰ ২৪০ খন আসন।

বহু কেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে নিজ নিজ সমষ্টিত পৰাজয়বৰণ কৰিছে। যাৰ ভিতৰত আছে স্মৃতি ইৰাণী, সাধ্বী নিৰঞ্জন জ্যোতি, কৈলাশ চৌধুৰী, অৰ্জুন মুণ্ডা, সুভাষ সৰকাৰ, নিশীথ প্ৰামাণিক প্ৰমুখ আদি।

জনতাৰ এই জনাদেশত পৰাজিত মন্ত্ৰীসকল মানসিকভাৱে ভাঙি পৰিছে। সেয়ে মোডীয়ে তেওঁলোকক উদ্দেশ্যি উজ্জিৱীতমূলক ভাষণ প্ৰদান কৰিছে।

তেওঁ কৈছে, জয় পৰাজয় সকলো ৰাজনীতিৰ অংশ। সংখ্যাৰ খেল চলিয়েই থাকিব। আমি যোৱা ১০ বছৰ ধৰি ভাল কাম কৰিছোঁ।আগন্তুক সময়তো সেই কাম চলি থাকিব।

বুধবাৰে পুৱা ১১ বজাত প্ৰধানমন্ত্ৰীৰ বাভৱনত এই বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকতে সংখ্যাগৰিষ্ঠতা অৰ্জন নকৰাৰ বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰা নাই। বৰঞ্চ মোডীয়ে কৈছে শাসক গোষ্ঠী (এন ডি এ)য়ে মানুহৰ আশা, আকাংক্ষা জয় কৰিব পাৰিছে। আগন্তুক সময়তো তেওঁলোকে এইদৰেই মানুহৰ আশা, আকাংক্ষা জয় কৰিব পাৰিব বুলি আশা কৰিছে। তেওঁ মন্ত্ৰীসকলক উদ্দেশ্যি কয় আপোনালোক সকলোৱে ভাল কাম কৰিছে আৰু পৰিশ্ৰমো কৰিছে। সেয়ে আপোনালোকক অভিনন্দন।  

এই বৈঠকৰ পাছতে বুধবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতিভৱনলৈ গৈ তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰিছে। অৱশ্যে চৰকাৰ গঠন নোহোৱা পৰ্যন্ত তেওঁৱেই কাৰ্যবাহী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিব।

সকলো ঠিকেই থাকিলে চলিত সপ্তাহতে সহযোগী দলৰ সমৰ্থনত এন ডি এৰ চৰকাৰ গঠন হ’ব আৰু প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীয়ে শপত গ্ৰহণ কৰিব।

'জয়, পৰাজয় ৰাজনীতিৰে অংশ, হতাশ হলে নচলিব': পৰাজিত মন্ত্ৰীক মোডীৰ সান্তনা...
বিশ্ব সংবাদ মাধ্যমৰ প্ৰতিবেদনত মোডীৰ বিফলতাৰহে ছবি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in