বিজেপিক কিয় লাগে ৪০০ ৰো অধিক আসন? হিমন্ত বিশ্ব শৰ্মাই দিল্লীত দিলে ব্যাখ্যা

অসমৰ মুখ্যমন্ত্ৰীৰ মন্তব্যত দেশজুৰি প্ৰতিক্ৰিয়া
বিজেপিক কিয় লাগে ৪০০ ৰো অধিক আসন? হিমন্ত বিশ্ব শৰ্মাই দিল্লীত দিলে ব্যাখ্যা
বিজেপিক কিয় লাগে ৪০০ ৰো অধিক আসন? হিমন্ত বিশ্ব শৰ্মাই দিল্লীত দিলে ব্যাখ্যা

ডিজিটেল ডেস্কঃ চলিত লোকসভা নিৰ্বাচনৰ আৰম্ভণিৰে পৰা বিজপেৰি শ্লোগান আছিল 'অবকি বাৰ ৪০০ পাৰ'। মঙ্গলবাৰে দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিক কিয় এইবাৰ ৪০০ ৰো অধিক আসন লাগে তাৰ ব্য়াখ্যা আগবাঢ়াইছে।

বিজেপিৰ অন্যান্য শীৰ্ষ নেতাৰ দৰেই মুখ্যমন্ত্ৰী ড০ শৰ্মাই নৰেন্দ্ৰ মোডীক পুনৰ এবাৰ প্ৰধানমন্ত্ৰী পাতিবলৈ বিজেপিক ৪০০ ৰো অধিক আসন লাগে বুলি অসমৰ নিৰ্বাচনী প্ৰচাৰত উল্লেখ কৰিছিল। কিন্তু দিল্লীত গৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই আন এক ব্যাখ্যাহে আগবঢ়াইছে। তেওঁ বিজেপিক কিয় ৪০০ ৰো অধিক আসন লাগে তাৰ কাণ উল্লেখ কৰিছে।

কিয় লাগে বিজেপিক ৪০০ ৰো অধিক আসন?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মতে মথুৰাত কৃষ্ণ জন্মভূমি আৰু জ্ঞানব্যাপী মছজিদৰ স্থানত কাশী বিশ্বনাথৰ ভব্য মন্দিৰ নিৰ্মাণ কৰিবলৈ বিজেপিক ৪০০ আসন লাগে। বিজেপিয়ে ৪০০ খন আসন পালে মথুৰাতো কৃষ্ণ জন্মভূমি আৰু জ্ঞানব্যাপী মছজিদৰ স্থানত কাশী বিশ্বনাথৰ মন্দিৰ নিৰ্মাণ হ'ব।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত কয়, যেতিয়া কংগ্ৰেছে আমাক সুধে আপোনালোকক ৪০০ আসন কিয় লাগে তেতিয়া মই ভাবোঁ ইয়াৰ উত্তৰ দিব লাগে। মই ইয়াৰ পিছত  কংগ্ৰেছীক কলোঁ যে যেতিয়া আমাৰ ৩০০ আসন আছিল তেতিয়া আমি ৰাম মন্দিৰ নিৰ্মাণ কৰিলোঁ। এতিয়া আমাৰ ৪০০ আসন হ’লে মথুৰাতো কৃষ্ণ জন্মভূমি হ'ব আৰু জ্ঞানব্যাপী মছজিদৰ স্থানত কাশী বিশ্বনাথৰ ভব্য মন্দিৰ নিৰ্মাণ হ'ব।

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিৰুদ্ধে হৈছে প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এই মন্তব্যৰ বিৰুদ্ধে এতিয়া থিয় দিছে আৰ জে ডিৰ সাংসদ মনোজ ঝা। সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক সমালোচনা কৰি ইয়াৰ প্ৰত্যুত্তৰ দিছে।

তেওঁ কয়, ''তেওঁ (হিমন্ত বিশ্ব শৰ্মাই) এইবোৰেই ক'ব পাৰে। মই বহুত সুখী হ'লোহয় যদিহে তেওঁ ক'লে হয়, ইমানবোৰ আসন লাভ কৰিলে আমি এজন এজন ব্যক্তিক সংস্থাপন দিম। এইবোৰ তেওঁ কোৱা নাই। তেওঁলোকৰ ডাঙৰ জনেও কোৱা নাই, সৰু জনেও কোনো নাই।''

মন্দিৰ, মছজিদ, গুৰুদ্বাৰক লৈ পৃথিৱীৰ ক'তো হোৱা নাই নিৰ্বাচন

আৰ জে ডিৰ সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ ভাৰতত নিৰ্বাচনী বিষয়ক লৈ কোনেও কথা নকয় বুলি আক্ষেপ প্ৰকাশ কৰিছে। তেওঁ সামূহিক চিন্তাৰ বিষয়েও উল্লেখ কৰিছে।

মনোজ ঝাই কয়, ''যদি তেওঁ (হিমন্ত বিশ্ব শৰ্মাই) ক'লে হয় যে, শস্যই জলসিঞ্চনৰ পানী লাভ কৰিব, আমি কৃষকৰ উপাৰ্জনৰ সমৃদ্ধিৰ কাৰণে কাম কৰিম, শস্যৰ ওপৰত এম এছ পি দিম !এইবোৰহে মূল কথা।মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰ এইবোৰক লৈ পৃথিৱীৰ কোনো ঠাইতে নিৰ্বাচন নহয়। এই দেশৰে দুৰ্ভাগ্য যে, ইয়াত ডাঙৰ ডাঙৰ বিষয়াসকলে নিৰ্বাচনী বিষয়ৰ ওপৰত কথা নকয়। নিবনুৱা সংস্থাপন, মূল্যবৃদ্ধিৰ কথা নকয়। এইবোৰহে সামূহিক চিন্তাৰ বিষয় হোৱা উচিত।''

বিজেপিক কিয় লাগে ৪০০ ৰো অধিক আসন? হিমন্ত বিশ্ব শৰ্মাই দিল্লীত দিলে ব্যাখ্যা
UPA ৰ অধীনত সাংবাদিকক কৰিছিল গ্ৰেপ্তাৰঃ অবৈধ আখ্যাৰে উচ্চতম ন্যায়ালয়ে দিলে মুক্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in