UPA ৰ অধীনত সাংবাদিকক কৰিছিল গ্ৰেপ্তাৰঃ অবৈধ আখ্যাৰে উচ্চতম ন্যায়ালয়ে দিলে মুক্তি...

২০২৩ ৰ অক্টোবৰত চীনা প্ৰপাগাণ্ডা প্ৰচাৰৰ বাবে আমেৰিকানৰ পৰা টকা লোৱাৰ অভিযোগত হৈছিল গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
UPA ৰ অধীনত সাংবাদিকক কৰিছিল গ্ৰেপ্তাৰঃ অবৈধ আখ্যাৰে উচ্চতম ন্যায়ালয়ে দিলে মুক্তি...

UPA ৰ অধীনত সাংবাদিকক কৰিছিল গ্ৰেপ্তাৰঃ অবৈধ আখ্যাৰে উচ্চতম ন্যায়ালয়ে দিলে মুক্তি...

ডিজিটেল ডেস্কঃ যিসময়ত দেশৰ সংবাদ মাধ্যমক শাসকীয় চৰকাৰে নিয়ন্ত্ৰণ কৰিবলৈ অপচেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন হৈ আহিছে, চৰকাৰৰ ভুল নীতি, আইনক সমালোচনা কৰা, ইয়াৰ বিৰুদ্ধে বাতৰি কৰা সংবাদ মাধ্যমৰ মুখ বন্ধ কৰিবলৈ অপচেষ্টা চলিছে বুলি অভিযোগ উঠিছে সেই সময়তে উচ্চতম ন্যায়ালয়ে বুধাবাৰে প্ৰবীণ সাংবাদিক প্ৰবীৰ পুৰকায়স্থৰ গ্ৰেপ্তাৰ বেআইনী আখ্যা দিয়া বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। স্বাভাৱিকতে এতিয়া প্ৰশ্ন উছিছে ৰাজনৈতিক আক্ৰোশৰ বলি হৈছিল নেকি প্ৰবীণ সাংবাদিক তথা নিউজ ক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ?

Advertisment

সন্ত্ৰাসবাদ বিৰোধী আইন ইউ পি এৰ আধাৰত গ্ৰেপ্তাৰ হোৱা পুৰকায়স্থৰ গ্ৰেপ্তাৰৰ গোটেই প্ৰক্ৰিয়াটোকে বুধবাৰে বেআইনী আখ্যা দি তেওঁক মুক্তি প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। নিৰ্বাচনৰ ভৰপক সময়তে এইদৰে উচ্চতম ন্যায়ালয়ে প্ৰবীৰ পুৰকায়স্থক মুক্তি প্ৰদান কৰি তেওঁক গ্ৰেপ্তাৰৰ গোটেই প্ৰক্ৰিয়াটোৱেই বেআইনী আখ্যা দিয়াত স্বাভাৱিকতে কেন্দ্ৰীয় চৰকাৰ প্ৰশ্নৰ সন্মুখীন হৈছে।

উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে দিলে ৰায়

বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বাধীন দুজনীয়া বিচাৰপীঠে প্ৰবীৰ পুৰকায়স্থক মুক্তিৰ নিৰ্দেশ প্ৰদান কৰিলে। বিচাৰপীঠে গোচৰটোৰ শুনানি প্ৰদান কৰাৰ সময়ত পুৰকায়স্থক গ্ৰেপ্তাৰ আৰু পৰৱৰ্তী সময়ত নিজৰ জিম্মাত ৰখা কাৰ্য আইনৰ দৃষ্টিত অবৈধ বুলিও ঘোষণা কৰিছে।

লগতে বিচাৰপীঠে উল্লেখ কৰিছে যে, পুৰকায়স্থক গ্ৰেপ্তাৰৰ সময়ত তাৰ আধাৰ কি আছিল সেয়া উল্লেখ কৰা নাছিল। উল্লেখ্য যে, প্ৰবীৰ পুৰকায়স্থই নিউজ ক্লিকত অবৈধভাৱে চীনৰ পৰা লোৱা ধন বিনিয়োগ কৰাৰ অভিযোগ উত্থাপনেৰে তেওঁক ইউ পি এৰ আধাৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

উচ্চতম ন্যায়ালয়ত কি ক’লে প্ৰবীৰ পুৰকায়স্থৰ অধিবক্তাই

উচ্চতম ন্যায়ালয়ত প্ৰবীৰ পুৰকায়স্থৰ অধিবক্তা কপিল চিব্বালে যুক্তি দৰ্শাই কয় যে, প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে কিয় তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে সেই বিষয়ে সকলো তথ্য লিখিতভাৱে দিয়া উচিত আছিল যদিও তেওঁক সেইবোৰ দিয়া নাছিল।

কপিল চিব্বালৰ এই যুক্তিৰ বিপৰীতে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কয় যে, পুৰকায়স্থক কিয় গ্ৰেপ্তাৰ কৰা হৈছিল সেই বিষয়ে কোৱা হৈছিল। ইয়াৰোপৰি তেওঁ কয়, ইউ পি এৰ অধীনত কাৰোবাক গ্ৰেপ্তাৰ কৰিলে লিখিতভাৱে তাৰ কাৰণ আগবঢ়োৱাতো বাধ্যতামূলক নহয়।

আনহাতে অধিবক্তা অৰ্শদ্বীপ খুৰানাই কয় যে, উচ্চতম ন্যায়ালয়ে প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ আৰু ৰিমাণ্ডৰ গোটেই প্ৰক্ৰিয়াটো অবৈধ বুলি বিবেচনা কৰিছে আৰু তেওঁক মুক্তিৰ নিৰ্দেশ দিছে। তেওঁ এক্সত লিখিছে- আমাৰ বিচাৰ আদালতত জামিন বণ্ড দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে। এয়া এক ডাঙৰ সকাহ। কিয়নো আমি আৰম্ভণিৰে পৰা কৈ আহিছোঁ যে, তেওঁৰ বিৰুদ্ধে (প্ৰবীৰ পুৰকায়স্থ) গোটেই প্ৰক্ৰিয়াটো অবৈধ আৰু তেওঁক যিদৰে গ্ৰেপ্তাৰ কৰা হৈছে সেই প্ৰক্ৰিয়াটোক উচ্চতম ন্যায়ালয়ে অবৈধ বুলি ঘোষণা কৰিছে।

কিয় গ্ৰেপ্তাৰ কৰা হৈছিল নিউজ ক্লিকৰ প্ৰতিষ্ঠাপক, মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থক?

২০২৩ৰ আগষ্ট মাহত নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনৰ পাছত একেটা বছৰৰে অক্টোবৰ মাহত নিউজ ৱেবচাইট নিউজক্লিকৰ সৈতে জড়িত সাংবাদিকৰ ঘৰত দিল্লী আৰক্ষীয়ে অভিযান চলাইছিল। নিউয়ৰ্ক টাইমছৰ সেই প্ৰতিবেদনত অভিযোগ কৰিছিল যে, নিউজ ক্লিকে চীনা প্ৰপাগণ্ডা প্ৰচাৰ কৰিবলৈ গৈ এগৰাকী আমেৰিকানৰ পৰা কেইবা কোটি টকাৰ লৈছিল।

ইয়াৰ পিছতে আৰক্ষীয়ে এই নিউজ ৱেবচাইটৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে। অৱশ্যে সেই সময়তে নিউজ ক্লিকে এই আটাই অভিযোগ খণ্ডন কৰিছিল। তাৰ পাছতো আৰক্ষীয়ে নিউজ ক্লিকৰ সৈতে জড়িত সাংবাদিক, সংবাদকৰ্মীসকলৰ বাসগৃহত অভিযান চলাইছিল।

এইসকলৰ ভিতৰত আছিল সংবাদ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক, সম্পাদক প্ৰবীৰ পুৰকায়স্থ, সংবাদকৰ্মী অভিসাৰ শৰ্মা, অনিন্দিয় চক্ৰৱৰ্তী, ভাষা সিং, ব্যংগকাৰ সঞ্জয় ৰাজৌৰা, ইতিহাসবিদ ছোহেল হাছমী আদি। এই অভিযানৰ সময়ত আৰক্ষীয়ে এইসকলৰ মোবাইল, লেপটেপ, কম্পিউটাৰকে আদি কৰি সকলোধৰণৰ ইলেক্ট্ৰনিক গেজেট জব্দ কৰিছিল।

ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে সন্ত্ৰাসবাদ বিৰোধী আইন ইউ পি এৰ অধীনত নিউজ ক্লিকৰ মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থ আৰু এইছ আৰ হেড অমিত চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ পূৰ্বে ২০২১ তো এই ৱেবচাইটৰ বিৰুদ্ধে অভিযান চলাইছিল দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই। ইয়াৰ পিছত ইডিয়েও এই বিষয়ত গোচৰ ৰুজু কৰিছিল। 

Also Read: নৰেন্দ্ৰ মোডী নহয়, অমিত শ্বাহহে হ'ব প্ৰধানমন্ত্ৰী- কেজৰিৱালৰ দাবী...

দিল্লী আৰক্ষী নিউজ ক্লিক উচ্চতম ন্যায়ালয়