/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/fd6d7e91-ff2d-4182-9d7c-c7265d8c17b9/AP_FOR_WEB__vote.jpg)
জাতীয় জীৱনৰ পুৰোধা ব্যক্তি, ঐক্য, স্বাধীনতা সংগ্ৰামৰ প্ৰতীকেৰে শোণিতপুৰত দৃষ্টি আকৰ্ষণ কৰিছে আদৰ্শ ভোট কেন্দ্ৰই
ডিজিটেল সংবাদ তেজপুৰঃ সমগ্ৰ দেশৰ লগতে শোণিতপুৰ লোকসভা সমষ্টিতো আজি ব্যাপক নিৰ্বাচনী উৎসাহ দেখিবলৈ পোৱা গৈছে। পুৱা ৭ বজাৰ পৰা ৯ টা বিধান সভা সমষ্টিৰে গঠিত লোকসভা সমষ্টিটোৰ ১৮৭৮ টা ভোট গ্ৰহণ কেন্দ্ৰত ব্যাপক হাৰত ভোট গ্ৰহণ সুকলমে চলি আছে। উল্লেখযোগ্য যে এইবাৰ ১৫০ গৰাকী মহিলা প্ৰিজাইডিং আৰু পোলিং বিষয়াক সমষ্টিটোৰ বিভিন্ন অংশত নিয়োগ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2de42938-c11d-4e15-ad38-43302b80d1a3/c923accc_b36c_4987_b9fc_e308640cc952.jpg)
সমষ্টিটোৰ ভিতৰত বিভিন্ন বিষয়বস্তুৰে ১১ টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ কৰাৰ লগতে তিনিটা বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু ইয়াৰে ৰঙাপৰা বিধানসভা সমষ্টিত এটা আৰু তেজপুৰ বিধানসভা সমষ্টিত দুটা এনে ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a10ce383-ee06-47e3-9b3b-824e06e205d4/db8a70f5_5bfe_48ef_af60_3f63337fca46.jpg)
তেজপুৰৰ কলিবাৰীৰ বাণ ৰংগমঞ্চত এটা পুৰোধা ব্যক্তিৰ স্মৃতিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভা, নটসূৰ্য্য, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা, সুধাকণ্ঠ প্ৰতিচ্ছবি সম্বলিত অতি সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4d1801cc-b3d3-4525-9089-839c107b201f/d9ead178_ac7f_45f6_8232_826735ab3ac1.jpg)
বেছেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়তো উত্তৰ পূৰ্বাঞ্চলৰ একতাৰ লগতে ক্ৰমে লোপ পাই অহা মুকলি বিহুক প্ৰতিকী ৰূপেৰে উপস্থাপন কৰা হৈছে। কাৱৈমাৰীৰ ছহিদ কুমলী দেৱী প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰটি স্বাধীনতা সংগ্ৰামৰ বিষয়বস্তুৰে ইতিমধ্যে সুন্দৰকৈ নিৰ্মাণ কৰি তোলা হৈছে।
Also Read: লক্ষাদ্বীপ, অৰুণাচলত কমিছে ভোটাধিকাৰৰ হাৰ...