লক্ষাদ্বীপ, অৰুণাচলত কমিছে ভোটাধিকাৰৰ হাৰ...
লক্ষাদ্বীপ, অৰুণাচলত কমিছে ভোটাধিকাৰৰ হাৰ...

লক্ষাদ্বীপ, অৰুণাচলত কমিছে ভোটাধিকাৰৰ হাৰ...

ত্ৰিপুৰাত ১১ বজালৈকে সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১১ বজালৈকে ২১ খন ৰাজ্যতে আশানুৰূপ ধৰণে ভোটাধিকাৰ সাব্যস্ত হৈছে। এই সময়ছোৱাত সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত হৈছে ত্ৰিপুৰাত।

ৰাজ্যখনত মুঠ ৩৪.৫৪ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। সেইদৰে সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত হৈছে লক্ষাদ্বীপত। কেন্দ্ৰীয় শাসিত অঞ্চলটোত এই পৰ্যৱন্ত ভোটাধিকাৰ সাব্যস্ত হৈছে মাত্ৰ ১৬.৩৩ শতাংশ। সেইদৰে অৰুণাচল প্ৰদেশতো ভোটাধিকাৰৰ হাৰ বহু কম। ৰাজ্যখনত ১৯.৪৯ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

সেইদৰে আন্দামান আৰু নিকোবৰত ২১.৮২ শতাংশ, অসমত ২৭.২২ শতাংশ, বিহাৰত ২০.৪২ শতাংশ, ছত্তিশগড়ত ২৮.১২ শতাংশ, জম্মু আৰু কাশ্মীৰত ২২.৬০ শতাংশ, মধ্যপ্ৰদেশত ৩০.৪৬ শতাংশ, মহাৰাষ্ট্ৰত ১৯.১৭ শতাংশ, মণিপুৰত ২৮.৮৬ শতাংশ, মেঘালয়ত ৩৩.১২ শতাংশ, মিজোৰামত ২৭.৬১ শতাংশ, নাগালেণ্ডত ২৩.২৮ শতাংশ, পুডুচেৰীত ২৮.১০ শতাংশ, ৰাজস্থানত ২২.৫১ শতাংশ, ছিকিমত ২১.২০ শতাংশ, তামিলনাডুত ২৩.৭৯ শতাংশ, ত্ৰিপুৰাত ৩৪.৫৪ শতাংশ, উত্তৰ প্ৰদেশত ২৫.২০ শতাংশ, উত্তৰাখণ্ডত ২৪.৮৩ শতাংশ আৰু পশ্চিমবংগত ৩৩.৫৬ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

লক্ষাদ্বীপ, অৰুণাচলত কমিছে ভোটাধিকাৰৰ হাৰ...
উত্তৰ প্ৰদেশত বিজেপি প্ৰাৰ্থিয়ে দখল কৰিলে ভোটকেন্দ্ৰঃ সমাজবাদীৰ অভিযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in