পুৱা ৯-৩০ বজালৈকে পশ্চিমবংগত সৰ্বাধিক, অৰুণাচলত সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত...

নিৰ্বাচন আয়োগৰ তথ্য

author-image
Asomiya Pratidin
New Update
পুৱা ৯-৩০ বজালৈকে পশ্চিমবংগত সৰ্বাধিক, অৰুণাচলত সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত...

ডিজিটেল ডেস্কঃ আজি পুৱাৰে পৰা আৰম্ভ হোৱা অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰতি পুৱাৰে পৰা ভোটাৰৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ। পুৱাৰে পৰা ভোট কেন্দ্ৰসমূহত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে।

Advertisment

মুঠ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২ টা লোকসভা সমষ্টিত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ প্ৰথম ২ টা ঘণ্টাত কেইখনমান ৰাজ্যক বাদ দি বাকী ৰাজ্যৰসমূহত আশানুৰূপ ধৰণে মানুহে ভোট দিবলৈ ওলাই আহিছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ৯-৩০ বজালৈকে সৰ্বাধিক ভোটধিকাৰ সাব্যস্ত হৈছে পশ্চিমবংগত। ৰাজ্যখনত মুঠ ১৫.০৯ শতাংশ ভোটদান হৈছে। সেইদৰে অসমত ১১.১৫ শতাংশ,ছত্তিশগড়ত ১২.০২ শতাংশ, জম্মু আৰু কাশ্মীৰত ১০.৪৩ শতাংশ, মধ্যপ্ৰদেশত ১৪.১২ শতাংশ, মেঘালয়ত ১২.৯৬ শতাংশ, ৰাজস্থানত ১০.৬৭ শতাংশ, উত্তৰ প্ৰদেশত ১২.২২ শতাংশ, ত্ৰিপুৰাত ১৩.৬২ শতাংশ আৰু উত্তৰাখণ্ডত ১০.৪১ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

ইয়াৰ বিপৰীতে অৰুণাচল প্ৰদেশত ৪.৯৫ শতাংশ, লক্ষাদ্বীপত ৫.৫৯ শতাংশ, ছিকিমত ৬.৬৩ শতাংশ, মহাৰাষ্ট্ৰত৬.৯৮ শতাংশ, মণিপুৰত ৭.৬৩ শতাংশ, পুডুচেৰীত ৭.৪৯ শতাংশ, নাগালেণ্ডত ৭.৭৯ শতাংশ, তামিলনাডুত ৮.২১ শতাংশ, আন্দামান আৰু নিকোবৰত ৮.৬৪ শতাংশ, বিহাৰত ৯.২৩ শতাংশ আৰু মিজোৰামত ৯.৩৬ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

Also Read: LOKSABHA ELECTION LIVE UPDATES: ৫ বজালৈকে ৪ ৰাজ্যত ৭০ শতাংশৰো অধিক ভোটগ্ৰহণ...

লোকসভা নিৰ্বাচন