LOKSABHA ELECTION LIVE UPDATES: ২১ ৰাজ্য আৰু UT ৰ ১০২ সমষ্টিত আজি ভোটগ্ৰহণ
LOKSABHA ELECTION LIVE UPDATES: ২১ ৰাজ্য আৰু UT ৰ ১০২ সমষ্টিত আজি ভোটগ্ৰহণ

LOKSABHA ELECTION LIVE UPDATES: ৫ বজালৈকে ৪ ৰাজ্যত ৭০ শতাংশৰো অধিক ভোটগ্ৰহণ...

১৬২৫ গৰাকী প্ৰাৰ্থিৰ ভাগ্য নিৰ্ণয় কৰিব জনতাই

২১ খন ৰাজ্যত আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। দেশৰ এই ২১ খন ৰাজ্যৰ মুঠ ১০২ টা সমষ্টিত ১৬২৫ গৰাকী প্ৰাৰ্থিয়ে বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে। 

মেঘালয়ত ৫.৩১ বজালৈ ভোট দানৰ হাৰ ৬৯.৯১ শতাংশ

নিৰ্বাচন আয়োগে জাৰি কৰা তথ্য অনুসৰি সন্ধিয়া ৫.৩১ বজালৈ ৰাজ্যখনত ৬৯.৯১ শতাংশ ভোটদান হৈছে। মেঘালয়ৰ দুখন আসনৰ ভিতৰত শ্বিলঙত ভোট দানৰ হাৰ ৭০.২৬ শতাংশ আৰু তুৰাত ভোটদানৰ হাৰ ৬৯.৩১ শতাংশ।

গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণৰ মাদকতা অপূৰ্ব...

গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণ কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ সুখ। তামিলনাডুত ১০২ বছৰীয়া এগৰাকী বৃদ্ধাই খোজেৰে আহি সাব্যস্ত কৰিলে ভোটাধিকাৰ।

৩ বজালৈকে ক'ত, কিমান ভোটগ্ৰহণ...

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ৩ বজালৈকে আন্দামান আৰু নিকোবৰত ৪৫.৪৮ শতাংশ, অৰুণাচল প্ৰদেশত ৫৫.৫৮ শতাংশ, অসমত ৬০.৭০ শতাংশ, বিহাৰত ৩৯.৭৩ শতাংশ, ছত্তিশগড়ত ৫৮.১৪ শতাংশ, জম্মু আৰু কাশ্মীৰত ৫৭.০৯ শতাংশ, লক্ষাদ্বীপত ৪৩.৯৮ শতাংশ, মধ্যপ্ৰদেশত ৫৩.৪০ শতাংশ, মহাৰাষ্ট্ৰত ৪৪.১২ শতাংশ, মণিপুৰত ৬৩.০৩ শতাংশ, মেঘালয়ত৬১.৯৫ শতাংশ, মিজোৰামত ৪৯.৯৭শতাংশ, নাগালেণ্ডত ৫৩.৩৮ শতাংশ, পুডুচেৰীত ৫৮.৮৬ শতাংশ, ৰাজস্থানত ৪১.৫১ শতাংশ, ছিকিমত ৫২.৭২ শতাংশ, তামিলনাডুত ৫১.১৮ শতাংশ, ত্ৰিপুৰাত ৬৮.৩৫ শতাংশ, উত্তৰ প্ৰদেশত ৪৭.৪৪ শতাংশ, উত্তৰাখণ্ডত ৪৫.৬২ শতাংশ আৰু পশ্চিমবংগত ৬৬.৩৪ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

সমগ্ৰ দেশত ২০০ খনো আসন লাভ নকৰে বিজেপিয়, সকলো সমীক্ষা ভুৱাঃ মমতা বেনাৰ্জী

বংগৰ অগ্নিকন্যা মমতাই হেনো মিছা নকয়। সংসাৰত শান্তি বজাই চলাবলৈ যিখিনিৰ প্ৰয়োজন সেইখনিৰ বাহিৰে বেলেগ মিছা কথা নকয়। অপ্ৰয়োজনীয় মিছা কথা নোকোৱা মমতাই কৈছে, এইবাৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশত ২০০ খনো আসন লাভ নকৰে হেনো বিজেপিয়ে।তেওঁৰ মতে লোকসভা নিৰ্বাচনৰ পূৰ্বে যিসমূহ সমীক্ষা প্ৰকাশ পাইছে সেই সকলোবোৰ ভুৱা। তেওঁৰ মতে এই সমীক্ষাসমূহত বিজেপিক ইচ্ছাকৃতভাৱে আগত ৰখা হৈছে। এইসকলো ভুৱা। সমগ্ৰ দেশত বিজেপিয়ে ২০০ খনো আসন লাভ নকৰে। লাখ লাখ টকা খৰচ কৰি এই ভুৱা সমীক্ষা প্ৰচাৰ কৰা হৈছে। এই সমীক্ষাত কাণ দিব নালাগে। মানুহৰ চকুৱেই কৈছে বিজেপিৰ পৰাজয় নিশ্চিত।

মণিপুৰত ব্যাহত ভোটগ্ৰহণ প্ৰক্ৰিয়া

মণিপুৰত ব্যাহত ভোটগ্ৰহণ প্ৰক্ৰিয়া। পূব ইম্ফলত ২ টা আৰু পশ্চিম ইম্ফলত ৩ ভোট কেন্দ্ৰত বন্ধ কৰা হৈছে ভোটগ্ৰহণ। এই ভোট কেন্দ্ৰ কেইটাত অনিয়মৰ অভিযোগ তুলিছিল ভোটাৰে।

আন্দামান আৰু নিকোবৰৰ কংগ্ৰেছৰ সাংসদ তথা প্ৰাৰ্থি কুলদ্বীপ ৰায় শৰ্মাই সাব্যস্ত কৰিলে ভোটাধিকাৰ

 ১ বজালৈ ক'ত, কিমান শতাংশ হ'ল ভোটাধিকাৰ সাব্যস্ত

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১ বজালৈকে আন্দামান আৰু নিকোবৰত ৩৫.৭০ শতাংশ, অৰুণাচল প্ৰদেশত ৩৫.৭৫ শতাংশ, অসমত ৪৫.১২ শতাংশ, বিহাৰত ৩২.৪১ শতাংশ, ছত্তিশগড়ত ৪২.৫৭ শতাংশ, জম্মু আৰু কাশ্মীৰত ৪৩.১১ শতাংশ, লক্ষাদ্বীপত ২৯.৯১ শতাংশ, মধ্যপ্ৰদেশত ৪৪.৪৩ শতাংশ, মহাৰাষ্ট্ৰত ৩২.৩৬ শতাংশ, মণিপুৰত ৪৬.৯২ শতাংশ, মেঘালয়ত ৪৮.৯১ শতাংশ, মিজোৰামত ৩৭.৪৩ শতাংশ, নাগালেণ্ডত ৩৯.৩৩ শতাংশ, পুডুচেৰীত ৪৪.৯৫ শতাংশ, ৰাজস্থানত ৩৩.৭৩ শতাংশ, ছিকিমত ৩৬.৮২ শতাংশ, তামিলনাডুত ৩৯.৫১ শতাংশ, ত্ৰিপুৰাত ৫৩.০৪ শতাংশ, উত্তৰ প্ৰদেশত ৩৬.৯৬ শতাংশ, উত্তৰাখণ্ডত ৩৭.৩৩ শতাংশ আৰু পশ্চিমবংগত ৫০.৯৬ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

৬ জন প্ৰাৰ্থিৰ ওপৰত নিবিদ্ধ দেশবাসীৰ দৃষ্টি

আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ১০২ টা লোকসভা সমষ্টিৰ ১৬২৫ গৰাকী প্ৰাৰ্থিৰ ভিতৰত ৬ গৰাকী বিশেষ প্ৰাৰ্থিৰ ওপৰত নিবদ্ধ হৈ আছে দেশবাসীৰ দৃষ্টি। এই প্ৰাৰ্থি কেইগৰাকী ক্ৰমে বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কমল নাথৰ পুত্ৰ নকুল নাথ আৰু পি চিদাম্বৰমৰ কন্যা কাৰ্তি চিদাম্বৰম।

অভিনেতা তথা ৰাজনৈতিক দল Tamilaga Vettri Kazhagamৰ নেতা বিজয়ে দিলে ভোট

কেন্দ্ৰীয় মন্ত্ৰী নীতিশ প্ৰামাণিকে সাব্যস্ত কৰিলে ভোটাধিকাৰ 

মণিপুৰত ভোটগ্ৰহণৰ মাজতে গুলীচালনা

ভোটগ্ৰহণ অব্যাহত থকাৰ মাজতে মণিপুৰত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা।ইনাৰ মণিপুৰ সমষ্টিৰ Thamanpokpi ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত সংঘটিত হৈছে এই ঘটনা।

দিনৰ ১১ বজালৈ ত্ৰিপুৰাত সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১১ বজালৈকে আন্দামান আৰু নিকোবৰত ২১.৮২ শতাংশ, অৰুণাচল প্ৰদেশত ১৯.৪৯ শতাংশ, অসমত ২৭.২২ শতাংশ, বিহাৰত ২০.৪২ শতাংশ, ছত্তিশগড়ত ২৮.১২ শতাংশ, জম্মু আৰু কাশ্মীৰত ২২.৬০ শতাংশ, লক্ষাদ্বীপত ১৬.৩৩ শতাংশ, মধ্যপ্ৰদেশত ৩০.৪৬ শতাংশ, মহাৰাষ্ট্ৰত ১৯.১৭ শতাংশ, মণিপুৰত ২৮.৮৬ শতাংশ, মেঘালয়ত ৩৩.১২ শতাংশ, মিজোৰামত ২৭.৬১ শতাংশ, নাগালেণ্ডত ২৩.২৮ শতাংশ, পুডুচেৰীত ২৮.১০ শতাংশ, ৰাজস্থানত ২২.৫১ শতাংশ, ছিকিমত ২১.২০ শতাংশ, তামিলনাডুত ২৩.৭৯ শতাংশ, ত্ৰিপুৰাত ৩৪.৫৪ শতাংশ, উত্তৰ প্ৰদেশত ২৫.২০ শতাংশ, উত্তৰাখণ্ডত ২৪.৮৩ শতাংশ আৰু পশ্চিমবংগত৩৩.৫৬ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

উত্তৰ প্ৰদেশত বিজেপি প্ৰাৰ্থিয়ে দখল কৰিলে ভোটকেন্দ্ৰ- সমাজবাদীৰ অভিযোগ

উত্তৰ প্ৰদেশত ভোটগ্ৰহণৰ মাজতে অথন্তৰ। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেখ সিং যাদৱে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। তেওঁ দাবী কৰিছে ৰাজ্যখনৰ ৰামপুৰ আৰু মুজাফৰনগৰ এলেকাৰ ভোট কেন্দ্ৰত ইভিএমত খেলি মেলি হৈছে। ইয়াৰোপৰি সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থি হৰেন্দ্ৰ মালিকে অভিযোগ কৰিছে মুজাফৰনগৰৰ বিজেপি প্ৰাৰ্থি তথা মন্ত্ৰী সঞ্জীৱ বালিয়ানে ভোটকেন্দ্ৰ দখল কৰিছে। তেওঁ নিৰ্বাচন আয়োগতো অভিযোগ দাখিল কৰিছে। আনহাতে অখিলেখ সিং যাদবে ৰাজ্যখনৰ কেইবাস্থানৰো ভোটকেন্দ্ৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰে অভিযোগ উত্থাপন কৰিছে।

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ সৈতে সাব্যস্ত কৰিলে ভোটাধিকাৰ

জম্মু কাশ্মীৰৰ উধমপুৰত বিবাহৰ মাজতে ভোট দিবলৈ আহিলে দৰা, কইনাই 

নিৰ্বাচনৰ মাজতে ছত্তিশগড়ত বিস্ফোৰণ

মাওবাদী অধ্যুষিত বিজাপুৰত ভোটগ্ৰহণৰ মাজতে সংঘটিত হৈছে এক বিস্ফোৰণৰ ঘটনা। এ এন আইত প্ৰকাশিত খবৰ মতে এৰিয়া ডমিনেচনৰ সময়তে ইউ জি বি এল চেল বিস্ফোৰণত চি আৰ পি এফৰ এজন কেডাৰ আহত হৈছে।

অভিনেতা,ৰাজনীতিবিদ কমল হাছানেও সাব্যস্ত কৰিলে ভোটাধিকাৰ

এম এন এম (Makkal Needhi Maiam) ৰ মুৰব্বী কমল হাছানে কায়ামবাদুৰ ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ। এইবাৰ দলটোৱে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাই। ইয়াৰ বিপৰীতে তেওঁলোকে ডি এম কেলৈ আগবঢ়াইছে সমৰ্থন।

আমাৰ আটাইতকৈ ডাঙৰ ইছ্যু হৈছে উন্নয়ন। আমাৰ দলে যি উন্নয়ন সাধিছে সেয়া পূৰ্বৰ চৰকাৰে ২৫ বছৰতো কৰিব পৰা নাছিল।- ভোটগ্ৰহণৰ মাজতে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিম টামাঙৰ মন্তব্য।