উত্তৰ প্ৰদেশত বিজেপি প্ৰাৰ্থিয়ে দখল কৰিলে ভোটকেন্দ্ৰঃ সমাজবাদীৰ অভিযোগ...

অখিলেখ সিং যাদৱে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
উত্তৰ প্ৰদেশত বিজেপি প্ৰাৰ্থিয়ে দখল কৰিলে ভোটকেন্দ্ৰঃ সমাজবাদীৰ অভিযোগ...

উত্তৰ প্ৰদেশত বিজেপি প্ৰাৰ্থিয়ে দখল কৰিলে ভোটকেন্দ্ৰঃ সমাজবাদীৰ অভিযোগ...

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত ভোটগ্ৰহণৰ মাজতে অথন্তৰ। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেখ সিং যাদৱে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। তেওঁ দাবী কৰিছে ৰাজ্যখনৰ ৰামপুৰ আৰু মুজাফৰনগৰ এলেকাৰ ভোট কেন্দ্ৰত ইভিএমত খেলি মেলি হৈছে।

ইয়াৰোপৰি সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থি হৰেন্দ্ৰ মালিকে অভিযোগ কৰিছে মুজাফৰনগৰৰ বিজেপি প্ৰাৰ্থি তথা মন্ত্ৰী সঞ্জীৱ বালিয়ানে ভোটকেন্দ্ৰ দখল কৰিছে। তেওঁ নিৰ্বাচন আয়োগতো অভিযোগ দাখিল কৰিছে।

আনহাতে অখিলেখ সিং যাদবে ৰাজ্যখনৰ কেইবাস্থানৰো ভোটকেন্দ্ৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰে অভিযোগ উত্থাপন কৰিছে।

Also Read: LOKSABHA ELECTION LIVE UPDATES: ৫ বজালৈকে ৪ ৰাজ্যত ৭০ শতাংশৰো অধিক ভোটগ্ৰহণ...

লোকসভা নিৰ্বাচন উত্তৰ প্ৰদেশ