ত্ৰিপুৰা, বংগই মাৰিলে হাফ চেঞ্চুৰী, লক্ষাদ্বীপ, বিহাৰত মন্থৰ গতি...

১ বজালৈকে নিৰ্বাচন আয়োগৰ ভোটাধিকাৰৰ তথ্য
ত্ৰিপুৰা, বংগই মাৰিলে হাফ চেঞ্চুৰী, লক্ষাদ্বীপ, বিহাৰত মন্থৰ গতি...
ত্ৰিপুৰা, বংগই মাৰিলে হাফ চেঞ্চুৰী, লক্ষাদ্বীপ, বিহাৰত মন্থৰ গতি...

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১ বজালৈকে ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ত্ৰিপুৰা আৰু পশ্চিমবংগত ভোটদানৰ হাৰে অতিক্ৰম কৰিলে ৫০ শতাংশৰ ঘৰ। ত্ৰিপুৰাত ১ বজালৈকে মুঠ ৫৩.০৪ শতাংশ আৰু পশ্চিমবংগত ৫০.৯৬ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

ইয়াৰ বিপৰীতে সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত হৈছে লক্ষাদ্বীপত। কেন্দ্ৰীয় শাসিত অঞ্চলটোত এই পৰ্যন্ত মাত্ৰ ২৯.৯১ শতাংশ ভোটাধিকাৰ হে সাব্যস্ত হৈছে। সেইদৰে মহাৰাষ্ট্ৰতো ভোটধিকাৰৰ হাৰ যথেষ্ট কম। ৰাজ্যখনত এই পৰ্যন্ত মাত্ৰ ৩২.৩৬ শতাংশহে ভোটাধিকাৰ সাব্যস্ত হৈছে।

একেদৰে বিহাৰত মাত্ৰ ৩২.৪১ শতাংশ, ৰাজস্থানত ৩৩.৭৩ শতাংশ, আন্দামান আৰু নিকোবৰত ৩৫.৭০ শতাংশ, অৰুণাচল প্ৰদেশত ৩৫.৭৫ শতাংশ, ছিকিমত ৩৬.৮২ শতাংশ, মিজোৰামত ৩৭.৪৩ শতাংশ, উত্তৰ প্ৰদেশত ৩৬.৯৬ শতাংশ, উত্তৰাখণ্ডত ৩৭.৩৩ শতাংশ, নাগালেণ্ডত ৩৯.৩৩ শতাংশ, তামিলনাডুত ৩৯.৫১ শতাংশ, ছত্তিশগড়ত ৪২.৫৭ শতাংশ, জম্মু আৰু কাশ্মীৰত ৪৩.১১ শতাংশ, মধ্যপ্ৰদেশত ৪৪.৪৩ শতাংশ, পুডুচেৰীত ৪৪.৯৫ শতাংশ, অসমত ৪৫.১২ শতাংশ, মণিপুৰত ৪৬.৯২ শতাংশ, মেঘালয়ত ৪৮.৯১ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

ত্ৰিপুৰা, বংগই মাৰিলে হাফ চেঞ্চুৰী, লক্ষাদ্বীপ, বিহাৰত মন্থৰ গতি...
জাতীয় জীৱনৰ পুৰোধা ব্যক্তি, ঐক্য, স্বাধীনতা সংগ্ৰামৰ প্ৰতীকেৰে শোণিতপুৰত দৃষ্টি আকৰ্ষণ কৰিছে আদৰ্শ ভোট কেন্দ্ৰই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in