চুৰাটত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপি প্ৰাৰ্থীৰ জয়ৰ পাছতে সন্ধানহীন মনোনয়ন বাতিল হোৱা কংগ্ৰেছ প্ৰাৰ্থী...

সংগোপনে বিজেপিত যোগদানৰ খবৰ
চুৰাটত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপি প্ৰাৰ্থীৰ জয়ৰ পাছতে সন্ধানহীন মনোনয়ন বাতিল হোৱা কংগ্ৰেছ প্ৰাৰ্থী...
চুৰাটত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপি প্ৰাৰ্থীৰ জয়ৰ পাছতে সন্ধানহীন মনোনয়ন বাতিল হোৱা কংগ্ৰেছ প্ৰাৰ্থী...

ডিজিটেল ডেস্কঃ হঠাৎ সন্ধানহীন এজন ৰাজনৈতিক নেতা। লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ মনোনয়ন দাখিল কৰা এই ৰাজনৈতিক নেতাজনৰ মনোনয়ন বাতিল হোৱাৰ পাছতে সন্ধানহীন হৈছে তেওঁ। ফলত প্ৰশ্ন হৈছে সংগোপনে এই নেতাজনে যোগদান কৰিছে নেকি বিজেপিত?

গুজৰাটৰ চুৰাট লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মুকেশ দলাল বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে। তেওঁৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰক্ষেপ কৰা নীলেশ কুম্ভণিৰ মনোনয়ন বাতিল কৰাৰ বাবেই মুকেশ দলাল বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। নীলেশ কুম্ভণিৰ মনোনয়ন বাতিলৰ কাৰণ তথ্য বিভ্ৰাত বুলি প্ৰকাশ পাাইছে।

এইদৰে তথ্য বিভ্ৰাত হৈ মনোনয়ন বাতিলৰ পাছতে এতিয়া সন্ধানহীন হৈ আছে নীলেশ কুম্ভণি। চৰ্চা চলিছে চুৰাটৰ এই কংগ্ৰেছ নেতাজনে যোগদান কৰিছে বিজেপিত। ইয়াৰ পিছতে কংগ্ৰেছে এই সমষ্টিটোত নিৰ্বাচনী প্ৰক্ৰিয়া পুনৰ নতুনকৈ আৰম্ভ কৰাৰ বাবে দাবী কৰিছে।

সোমবাৰে সমষ্টিটোত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত হোৱাৰ পাছতে গুজৰাট বিজেপিৰ প্ৰধান চি আৰ পাটিলে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাতত প্ৰথমটো পদুম তুলি দিলে চুৰাটে।

তাৎপৰ্যপূৰ্ণ ভাৱে এই সমষ্টিটোত কংগ্ৰেছৰ বাদে যিসকলে মনোনয়ন দাখিল কৰিছিল তেওঁলোকেও মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। এনে পৰিপ্ৰেক্ষিততে এতিয়া কংগ্ৰেছে ইয়াৰ আঁৰত বিচাৰি পাইছে গভীৰ ষড়যন্ত্ৰ।

তেওঁলোকে বাৰে বাৰে নীলেশ কুম্ভণিলৈ ফোন কৰিছে যদিও তেওঁৰ সৈতে যোগাযোগ কৰিব পৰা নাই। তেওঁৰ ঘৰলৈ ৰাজ্যিক নেতৃত্ব গৈছিল যদিও ঘৰত তলা লগাই থোৱা আছে। মঙ্গলবাৰে একাংশ সংবাদ মাধ্যমে সূত্ৰৰ আধাৰত বাতৰি প্ৰকাশ কৰিছে বিজেপিত যোগদান কৰিব নীলেশ কুম্ভণিয়ে।

এই খবৰ প্ৰকাশ পোৱাৰ পাছতে সমষ্টিটোৰ কংগ্ৰেছ কৰ্মীসকলে তেওঁৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁৰ ঘৰৰ সন্মুখত আঁৰি দিছে 'জনতা কা গাড্ডাৰ' পোষ্টাৰ।

চুৰাটত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপি প্ৰাৰ্থীৰ জয়ৰ পাছতে সন্ধানহীন মনোনয়ন বাতিল হোৱা কংগ্ৰেছ প্ৰাৰ্থী...
'সকলো ক্ৰিকেটাৰেই পেছাদাৰী, কোনে কি কৰিব লাগে জানে'- পৰাজয়ৰ পিছত হাৰ্দিক পাণ্ডিয়াৰ মন্তব্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in