'সকলো ক্ৰিকেটাৰেই পেছাদাৰী, কোনে কি কৰিব লাগে জানে'- পৰাজয়ৰ পিছত হাৰ্দিক পাণ্ডিয়াৰ মন্তব্য

মুম্বাইৰ বিৰুদ্ধে যশস্বী জয়ছোৱালৰ শতকীয় ইনিংছৰ সহায়ত ৰাজস্থানৰ সহজ জয়
'সকলো ক্ৰিকেটাৰেই পেছাদাৰী, কোনে কি কৰিব লাগে জানে'- পৰাজয়ৰ পিছত হাৰ্দিক পাণ্ডিয়াৰ মন্তব্য
'সকলো ক্ৰিকেটাৰেই পেছাদাৰী, কোনে কি কৰিব লাগে জানে'- পৰাজয়ৰ পিছত হাৰ্দিক পাণ্ডিয়াৰ মন্তব্য

ডিজিটেল ডেস্কঃ পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ চলিত ছিজন ভালে যোৱা নাই। আই পি এল-২০২৪ আৰম্ভণিৰ পৰা এতিয়ালৈকে ফ্ৰেঞ্চাইজিটোৱে বিতৰ্ক আৰু সমালোচনাৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছে। এই পৰ্যন্ত ৮ খন মেচ খেলি ৫ খনতে পৰাস্ত হৈছে হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বাধীন ফ্ৰেঞ্চাইজিটো।

সোমবাৰে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মুম্বায়ে খেলিছিল অষ্টমখন মেচ। মেচখনত প্ৰথমে বেটিং কৰি মুম্বাই ইণ্ডিয়ানছে প্ৰাৰম্ভিক বেটাৰৰ বেটিং বিপৰ্যয়ৰ মাজতো ২০ অভাৰত ১৭৯ ৰাণ কৰিবলৈ সক্ষম হয়। মুম্বাইৰ হৈ তিলক বৰ্মাই ৪৫ বলত ৬৫, নেহাল ৱাধেৰাই ২৪ বলত ৪৯ ৰাণ, মহম্মদ নাবিয়ে ১৭ বলত ২৩ ৰাণ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে ৰোহিত শৰ্মাই ৬, ঈশান কিষাণে ০, সূৰ্য কুমাৰে ১০, হাৰ্দিক পাণ্ডিয়াই ১০, টীম ডেভিডে ৩, পীযুষ চাওলাই ১ আৰু যশপ্ৰীত বুমৰাহে ২ ৰাণ কৰে।

ইয়াৰ পিছতে ৰাজস্থান ৰয়েলছে বেটিং কৰিবলৈ আহে। বৰষুণে বিধি পঠালি দিয়া মেচখনত ৰাজস্থানে ১৮.৪ অভাৰতে মাত্ৰ ১ টা উইকেট হেৰুৱায়ে বিজয় লক্ষত উপনীত হয়। দলটোৰ হৈ যশস্বী জয়ছোৱালে ৬০ টা বলত ১০৪ ৰাণৰ শতকীয় ইনিংছ খেলে। জছ বাটলাৰে ৩৫ আৰু অধিনায়ক সঞ্জু চেমচনে ৩৮ ৰাণ কৰে।

মেচখনত মুম্বাই ইণ্ডিয়ানছে এইদৰে পৰাস্ত হোৱাত পুনৰ হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ লগতে মুম্বাইৰ এই ছন্দপতনক লৈ সৃষ্টি হৈছে ক্ৰিয়া, প্ৰতিক্ৰিয়াৰ। বহুতেই ক'বলৈ আৰম্ভ কৰিছে এয়া পূৰ্বৰ মুম্বাই ইণ্ডিয়ানছ নহয়। দলটো, দলটোৰ খেলুৱৈসকলে যেন খেলিব লাগে বাবেহে বাধ্যত পৰি খেলি আছে। অৱশ্যে দলটোৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই এনে বিপৰ্যয়ৰ বাবে কোনো এজন ক্ৰিকেটাৰকে দোষ দিবলৈ বিচৰা নাই।

পাণ্ডিয়াৰ মতে দলটোৰ সকলো খেলুৱৈয়ে পেছাদাৰী মনোভাবেৰে খেলিছে। তেওঁলোকে কেতিয়া, কোনে কি কৰিব লাগে বা কাৰ কি দায়িত্ব সেয়া ভালকৈয়ে জানে। তেওঁ পুনৰ কয়, এই পৰাজয়ৰ পৰা তেওঁলোকে শিক্ষা লৈছে। ভুল শুধৰণি কৰি পৰৱৰ্তী মেচত অৱতীৰ্ণ হ'ব।

উল্লেখ্য যে, আই পি এলৰ সৰ্বকালৰ শ্ৰেষ্ঠ অধিনায়ক হিচাপে বিবেচিত হোৱা ৰোহিত শৰ্মাক হঠাৎ দলটোৰ অধিনায়কৰ পৰা আঁতৰাই মুম্বাই ইণ্ডিয়ানছে গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে থকা হাৰ্দিক পাণ্ডিয়াক দললৈ ঘূৰাই আনি অধিনায়কৰ দায়িত্ব দিছিল। ইয়াৰ পিছতে আৰম্ভ হৈছিল বিতৰ্ক।

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে দায়িত্বত থকা ৰোহিতক পাণ্ডিয়াই প্ৰথম দুখন মেচত খেল পথাৰত যিধৰণে ব্যৱহাৰ কৰিলে, বৰ্তমান সময়ৰ বিশ্বৰ শ্ৰেষ্ঠ বেগী বলাৰ হিচাপে খ্যাতি অৰ্জন কৰা যশপ্ৰীত বুমৰাহক যিদৰে গুৰুত্বহীন কৰিলে সেই দৃশ্যই ক্ৰিকেট অনুৰাগীক অধিক ক্ষোভিত কৰি তুলিলে। যাৰ পৰিপ্ৰক্ষিতত হাৰ্দিক পাণ্ডিয়াৰ প্ৰতি ক্ৰিকেট অনুৰাগীৰ ক্ষোভ বৃদ্ধি হ'ল।

খেল পথাৰত, সামাজিক মাধ্যমত পাণ্ডিয়া আৰু মুম্বাইৰ মেনেজমেণ্টৰ বিৰুদ্ধে সৃষ্টি হোৱা এই ক্ষোভেই দলটোৰ প্ৰদৰ্শনত যথেষ্ট প্ৰভাৱ পেলাইছে। বিশষকৈ দলটোৰ অধিকাংশ তৰুণ ক্ৰিকেটাৰেই পাণ্ডিয়াক অধিনায়ক হিচাপে এতিয়াও মানি ল'ব পৰা নাই। তাৰ প্ৰমাণ খেল পথাৰত স্পষ্টকৈ দেখিছে ক্ৰিকেট অনুৰাগীয়ে।

'সকলো ক্ৰিকেটাৰেই পেছাদাৰী, কোনে কি কৰিব লাগে জানে'- পৰাজয়ৰ পিছত হাৰ্দিক পাণ্ডিয়াৰ মন্তব্য
ৰাষ্ট্ৰপতিয়ে প্রদান কৰিলে ২০২৪বৰ্ষৰ পদ্ম বঁটাঃ অসমৰ ৩গৰাকীলৈ পদ্মশ্রী সন্মান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in