/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/10a6302b-fb23-4fbc-acc4-adf14fe629a5/12.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ গৌৰৱোজ্জল সোনালী জয়ন্তী বৰ্ষ গৰকা ৫১সংখ্যাক চিলাপথাৰ কেন্দ্ৰীয় ব'হাগী উৎসৱটি শুকুৰবাৰৰ পৰা চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া ও সাংস্কৃতিক প্ৰকল্পত আৰম্ভ হৈছে। তিনিদিনীয়া বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অনুষ্ঠানটো।
বৃক্ষপুলি ৰোপনেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ পাছতে চাফাই অভিযান, স্মৃতি তৰ্পণ, পতাকা উত্তোলন কৰা হয় । লগতে বিহুতলী উন্মোচন কৰে বিশিষ্ট বিহুৱা প্ৰনৱ দিহিঙ্গীয়াই কয় - বিহু থাকিলেহে অসমীয়া জাতি থাকিব, যিদিনাই বিহু নাইকীয়া হ'ব এই দিনাই অসমীয়া জাতি শেষ হ'ব বুলি মন্তব্য আগবঢ়ায়।
৩-৫ মে'লৈ অনুষ্ঠিত হোৱা ব'হাগী উৎসৱটিত কণী যুঁজ, পেঁপা বাদন, ঢোল বাদন, বিহুৱতী,বৰ বিহুৱতী,জেং বিহু, মিচিং হুঁচৰি বিহু, ঐ নিঃতমকে ধৰি মুঠ ১৬ টা পৰম্পৰাগত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। লগতে সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতা আৰু ভাৰ্গৱ কাশ্যপে সংগীত পৰিৱেশন কৰিব। কেন্দ্ৰীয় ব'হাগী উৎসৱটিত সকলো ৰাইজে উপভোগ কৰিবলৈ উদযাপন সমিতিয়ে আহ্বান জনায়।
Also Read: ঘিলামৰাত শিলাবৃষ্টিত বিস্তৰ ক্ষতি...