চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৬৫.১৩ শতাংশৰ বিপৰীতে শ্ৰীনগৰ সমষ্টিত মাত্ৰ ৩৮ শতাংশ...

নিৰ্বাচন আয়োগৰ তথ্যই চিন্তিত কৰিছে ৰাজনৈতিক মহলক

author-image
Asomiya Pratidin
New Update
চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৬৫.১৩ শতাংশৰ বিপৰীতে শ্ৰীনগৰ সমষ্টিত মাত্ৰ ৩৮ শতাংশ...

চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৬৫.১৩ শতাংশৰ বিপৰীতে শ্ৰীনগৰ সমষ্টিত মাত্ৰ ৩৮ শতাংশ...

ডিজিটেল ডেস্কঃ দেশৰ মুঠ ৯ খন ৰাজ্য আৰু এখন কেন্দ্ৰিয় শাসিত অঞ্চলক সামৰি ১৩ মে', সোমবাৰে অনুষ্ঠিত হোৱা অষ্টাদশ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হৈছে। নিৰ্বচন আয়োগৰ তথ্য অনুসৰি বাতৰি লিখাৰ পৰলৈকে এই ৰাজ্য কেইখন মিলাই মুঠ ৬৫.১৩ শতাংশ ভোটদান হৈছে। উল্লেখ্য যে, জম্মু আৰু কাশ্মীৰত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা আজিৰ ভোটগ্ৰহণত আটাইতকৈ কম ভোটৰ হাৰ পৰিলক্ষিত হৈছে।

Advertisment

শ্ৰীনগৰ লোকসভা আসনখনৰ বাবে অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণত মাত্ৰ ৩৮ শতাংশহে ভোটদান হৈছে। সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ ভিতৰত হাব্বাকাডালত মাত্ৰ ১৪.০৫ শতাংশ ভোটদান হৈছে। লোকসভা সমষ্টিটোৰ অন্তৰ্গত ১৮ টা সমষ্টিৰ ভিতৰত ৮ টা সমষ্টিত ৩০ শতাংশ ভোটদান নহ'ল। ৫০ শতাংশ বা তাতকৈ অধিক ভোটদান হোৱা সমষ্টিৰ সংখ্যা মাত্ৰ ৩ টা।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰিয়েই অন্ধ্ৰপ্ৰদেশত ৬৯.৮৪ শতাংশ, বিহাৰত ৫৭.০৬ শতাংশ, ঝাাৰখণ্ডত ৬৪.৬৪ শতাংশ, মধ্যপ্ৰদেশত ৭০.৯৮ শতাংশ, মহাৰাষ্ট্ৰত ৫৯.৬৪ শতাংশ, উৰিষ্যাত ৬৬.২৫ শতাংশ, তেলেংগানাত ৬২.৮৭ শতাংশ, উত্তৰ প্ৰদেশত ৫৮.০৫ শতাংশ, পশ্চিমবংগত ৭৭.২১ শতাংশ ভোটদান হৈছে।

উল্লেখ্য যে আজিৰ এই নিৰ্বাচনত মুঠ ৯৬ খন আসনত ১৭১৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত আৱদ্ধ হৈছে। এইসকল প্ৰাৰ্থীৰ ভিতৰত আছে উত্তৰ প্ৰদেশত অখিলেখ যাদৱ, পশ্চিমবংগত মহুৱা মৈত্ৰ, অধীৰ ৰঞ্জন চৌধুৰী, শত্ৰুঘ্ন সিনহা, বিহাৰত গীৰিৰাজ সিং, অন্ধ্ৰপ্ৰদেশত ৱাই এছ শৰ্মিলা, ঝাৰখণ্ডত অৰ্জুন মুণ্ডা আৰু হায়দৰাবাদত আছাদুদ্দিন ওৱেইছিৰ দৰে অন্যতম শক্তিশালী আৰু বহু চৰ্চিত প্ৰাৰ্থী।

১০ ৰাজ্যৰ ভিতৰত অন্ধ্ৰপ্ৰদেশত ১০ খন, তেলেংগানাত ১৭ খন, উত্তৰ প্ৰদেশত ১৩ খন, মহাৰাষ্ট্ৰত ১১ খন , পশ্চিমবংগত ৮ খন, মধ্যপ্ৰদেশত ৮ খন, বিহাৰত ৫ খন, ঝাৰখণ্ডত ৫ খন, উৰিষ্যাত ৪ খন আৰু জম্মু-কাশ্মীৰত এখন আসনত অনুষ্ঠিত হ'ল ভোটগ্ৰহণ।

Also Read: বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত গৰু চোৰৰ সন্দেহত এটা পৰিয়ালক হত্যাৰ চেষ্টা...

লোকসভা নিৰ্বাচন