বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত গৰু চোৰৰ সন্দেহত এটা পৰিয়ালক হত্যাৰ চেষ্টা...

আৰক্ষীকো আক্ৰমণ উন্মাদ জনতাৰ
বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত গৰু চোৰৰ সন্দেহত এটা পৰিয়ালক হত্যাৰ চেষ্টা...
বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত গৰু চোৰৰ সন্দেহত এটা পৰিয়ালক হত্যাৰ চেষ্টা...

ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথত এইবাৰ মৰেল পুলিচিংৰ নামত এটা পৰিয়ালক প্ৰাণে মৰাৰ চেষ্টা একাংশ উদণ্ড লোকৰ।গৰু চোৰৰ সন্দেহত বিশ্বনাথত পতি-পত্নীক বৰ্বৰ আক্ৰমণৰ ঘটনাই প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে। আনকি পৰিস্থিতি ইমানেই অৱনতি ঘটিল যে সন্দেহ অভিযুক্তৰ প্ৰাণ ৰক্ষা কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ এই উন্মাদ জনতাৰ।

এই দলটোৱে আনকি আৰক্ষীৰ গাড়ীও আক্ৰমণৰ লক্ষ্য কৰি লয়। জানিব পৰামতে এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত। গৰু চুৰি কৰা বুলি সন্দেহ বশতঃ সাকোমঠা চাহ বাগিচাৰ ফুলচন তাছা নামৰ লোকজনক গাঁৱৰে একাংশ লোকে ঘৰত প্ৰবেশ কৰি প্ৰথমে ঘৰখনৰ বিভিন্ন আচবাব, ঘৰৰ দুৱাৰ, খিৰিকী ভঙাৰ লগতে ঘৰখনৰ গৰাকী ফুলচন তাছাক ঘৰৰ বাহিৰত আনি মাৰধৰ কৰে।

কেবল মাৰধৰতে শান্ত নাথাকি উত্তেজিত জনতাই লোকজনৰ ওপৰত আক্ৰমণ কৰি হত্যা কৰাৰ চেষ্টা চলাই বুলি পুত্ৰই অভিযোগ তুলিছে।তেনে সময়তে ফুলচন তাছাৰ দুই পুত্ৰ উপস্থিত হৈ ঘটনাস্থলীৰ পৰা নিজ পিতৃক ৰক্ষা কৰাৰ চেষ্টা চলায়। কিন্তু উত্তেজিত জনতাই ফুলচনৰ দুই পুত্ৰকো অৰ্ধ উলংগ কৰি মাৰধৰ কৰি হত্যা কৰাৰ চেষ্টা চলায়।

এই কথা ফুলচনৰ পত্নীয়ে জানিব পাৰি ফোন যোগে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীক খবৰ দিয়ে আৰু নিজেও ঘটনাস্থলীত উপস্থিত হৈ স্বামী আৰু দুই পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰে। উত্তেজিত জনতাই ফুলচনৰ পত্নীকো মাৰধৰ কৰে।

তেনে সময়তে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও উত্তেজিত জনতাই আৰক্ষীৰ দলটোকো আক্ৰমণ কৰে। আনকি উত্তেজিত জনতাই আৰক্ষীৰ গাত আমৰলি পৰুৱা, পকা চপৰা, বাতুলি গুটি, বাহঁৰ লাঠিৰে আক্ৰমণ কৰে।

এই আক্ৰমণত আৰক্ষী বিষয়া আৰু কেইবাজনো আৰক্ষী জোৱান আহত হয়। ফলত পুনৰ ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী উপস্থিত হৈ কোনোমতে পৰিস্থিতি শান্ত কৰি পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোক আৰক্ষীয়ে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।আনহতে গৰু চোৰৰ সন্দেহত এটা পৰিয়ালক মৰেল পুলিচিঙৰ নামত হত্যাৰ চেষ্টাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।

বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত গৰু চোৰৰ সন্দেহত এটা পৰিয়ালক হত্যাৰ চেষ্টা...
বৰ্ষাপাৰাত পঞ্জাৱে আৰম্ভ কৰিছে অনুশীলনঃ আহি পালে ৰাজস্থান ৰয়েলছো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in