/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/5c16e846-97e3-4da1-918c-e72c4b82d9f8/kanhaya_18.jpg)
দিল্লীত কানহায়া কুমাৰৰ ওপৰত শাৰীৰিক আক্ৰমণঃ বিজেপি সাংসদ মনোজ তিৱাৰীলৈ অভিযোগৰ আঙুলি...
ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰচাৰৰ মাজতে উত্তৰ-পূৱ দিল্লীৰ কংগ্ৰেছ প্ৰাৰ্থী কানহায়া কুমাৰ শুকুৰবাৰে এদল দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয়। ইয়াৰ পিছতে এই বিষয়টোক লৈ এক্স হেণ্ডেলত কংগ্ৰেছৰ নেতা, কৰ্মীৰসকলৰ লগতে আন আন বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতৃত্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
সমষ্টিটোত আপৰ এটা স্থানীয় কাৰ্যালয়ৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰৰ সময়তে কানহায়াক একাংশ লোকে তেওঁৰ দেহলৈ প্ৰথমে চিঁয়াহী দলিয়াই আৰু তাৰ পাছতে তেওঁক শাৰীৰিকভাৱে প্ৰহাৰ কৰে। ঘটনা সন্দৰ্ভত উত্তৰ পূৱ দিল্লীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, এই ঘটনা সন্দৰ্ভত আপৰ কাউন্সিলৰ ছায়া শৰ্মাই অভিযোগ দাখিল কৰিছে আৰু তদন্ত অব্যাহত আছে।
শুকুৰবাৰে বিয়লি সংঘটিত হোৱা এই ঘটনাৰ কেইবাটাও ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, কানহায়া কুমাৰৰ বিপৰীতে এই সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে বিজেপিৰ হৈ সাংসদ মনোজ তিৱাৰীয়ে। বিৰোধী গোট ইণ্ডিয়াৰ আসন বুজাপৰাৰ ফলত দিল্লীৰ মুঠ ৭ খন আসনৰ ৩ খনত কংগ্ৰেছে এইবাৰ প্ৰতিদ্বন্দিতা কৰিছে। সেই অনুসৰিয়েই উত্তৰ পূৱ দিল্লীৰ আসনখনত কংগ্ৰেছে প্ৰক্ষেপ কৰিছে কনহায়া কুমাৰক।
ইফালে শুকুৰবাৰৰ বিয়লিৰ এই ঘটনাৰ পাছতে এতিয়া অভিযোগ উঠিছে বিজেপি সাংসদ মনোজ তিৱাৰীৰ চক্ৰান্ততে এই ঘটনা সংঘটিত হৈছে। কানহায়া কুমাৰৰ ঘনিষ্ঠই নিজৰ নাম উল্লেখ নকৰাকৈ এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে মনোজ তিৱাৰী জড়িত থকাৰ অভিযোগ কৰিছে।
অৱশ্যে দিল্লী বিজেপিৰ নেতৃত্বই এই অভিযোগ খাৰিজ কৰিছে। বিজেপিয়ে দাবী কৰিছে ভোটাৰৰ সহানুভূতি পাবলৈ কানহায়া কুমাৰে জানিবুজি এই আক্ৰমণ নিজেই কৰোৱাইছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এই ঘটনাক নিন্দা কৰি এক্সত লিখিছে- বিজেপি ঐতিহাসিক পৰাজয়ৰ দিশে আগবাঢ়িছে। সেয়েহে এইদৰে হিংসাত জড়িত হৈ পৰিছে। তেওঁলোকে জনা উচিত কানহায়া কুমাৰ কংগ্ৰেছৰ ‘বাব্বাৰ ছেৰ’ যি এইধৰণৰ ঘটনাক ভয় কৰা বিধৰ নহয়।
The BJP is once again resorting to its usual attitude of thuggery and violence in the face of a historic defeat. The cowardly attack by BJP goons on our North East Delhi candidate @kanhaiyakumar is highly deplorable and shows their desperation.
They should know that Kanhaiya is…— K C Venugopal (@kcvenugopalmp) May 17, 2024
যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিভি শ্ৰীনিবাসে দুটাকৈ ভিডিঅ’ আপলোড কৰিছে এক্সত। তাৰে এটা ভিডিঅ’ কানহায়া কুমাৰক এজন ব্যক্তিয়ে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে আৰু আনটো ভিডিঅ’ত সেই একেজন ব্যক্তিয়ে বিজেপি সাংসদ মনোজ তিৱাৰীৰ সভাত আসন শুৱনি কৰিছে। তেওঁ দিল্লী আৰক্ষীক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে।
উল্লেখ্য যে, উত্তৰ-পূৱ দিল্লী সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুৰীৰ পৰা আপৰ কাউন্সিলৰ ছায়া গৌৰৱ শৰ্মাৰ আমন্ত্ৰণমৰ্মে শুকুৰবাৰে কানহায়া কুমাৰে আপৰ কাৰ্যালয়ত এক বৈঠকত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছিলগৈ। এই বৈঠকৰ পাছতে তেওঁ কাৰ্যালয়ৰ পৰা ওলাই আহিছিল আৰু সেই সময়তেই কেইবাজনো লোক কানহায়া কুমাৰৰ দিশে আগবাঢ়ি যায়।
তাৰে এজনে আগবাঢ়ি আহি প্ৰথমে কানহায়াক ফুলৰ মালা পিন্ধায়। ইয়াৰ পিছতে সেই লোকে কেইজনৰ মাজৰ পৰাই কানহায়ৰ দেহলৈ চিঁয়াহী নিক্ষেপ কৰা হয় আৰু তেওঁক শাৰীৰিকভাৱে আক্ৰমণ কৰে। ইফালে এই আক্ৰমণৰ পাছতে হোৱা হতাহতিত ৩ গৰাকী মহিলা আহত হৈছে। এগৰাকী মহিলা কাষৰ নলাত গৈ পৰিছে।
আৰক্ষীৰ ভাষ্য অনুসৰি এই আক্ৰমণৰ ঘটনাৰ সময়ত আপৰ কাউন্সিলৰ ছায়া শৰ্মাই সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁকো অতি অশালীনভাৱে দাবী ধমকি দিয়ে আক্ৰমণকাৰীসকসকলে।
चुनावों में हार की बौखलाहट के चलते प्रधानमंत्री बहकी बहकी बातें कर रहे है, और उनके चेले भाड़े के गुंडों को भेजकर कांग्रेस के प्रत्याशियों पर हमला। @kanhaiyakumar पर कायराना हमला करने वाले भाजपाई गुंडों पर @DelhiPolice को तुरंत कार्यवाही करना चाहिये। pic.twitter.com/kLqRvV8pIb
— Srinivas BV (@srinivasiyc) May 17, 2024
Also Read: কিয় সংবাদ মেল সম্বোধন নকৰে প্ৰধানমন্ত্ৰী মোডীয়ে? নিজেই দিলে এই প্ৰশ্নৰ উত্তৰ...