/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c9dac9bd-3afa-468a-b424-6136a0c40d2f/KANGANA_4.jpg)
সংসদৰ দুৱাৰ মুকলি হ'ল কংগনাৰঃ পালে নতুন পৰিচয়...
ডিজিটেল ডেস্কঃ অভিনয় জীৱনত তেওঁ বহু খ্যাতি অৰ্জন কৰিছে। জনপ্ৰিয়তাৰ সমানেই তেওঁ বিতৰ্কতিও। বিভিন্ন সময়ত বিতৰ্কিত কথা বতৰাৰে চৰ্চাত থকা এইগৰাকী অভিনেত্ৰী এইবাৰ সাংসদ হ'ল। সংসদলৈ বাট মুকলি হ'ল তেওঁৰ।
কংগনা ৰণাউট। বলিউউডৰ এইগৰাকী অভিনেত্ৰীৰ এতিয়া নতুন পৰিচয় সাংসদ। হিমাচল প্ৰদেশৰ মাণ্ডি লোকসভা সমষ্টিৰ পৰা তেওঁ এইবাৰ লোকসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিছে।
কেতিয়াবা যদি ভাৰতে ১৯৪৭ ৰ পৰিৱৰ্তে ২০১৪ তহে স্বাধীনতা অৰ্জন কৰিছে আকৌ কেতিয়াবা প্ৰধানমন্ত্ৰী মোডীক ভগৱান আখ্যা দি বিতৰ্কৰ সূচনা কৰি আহিছে এইগৰাকী ন-ৰাজনীতিবিদে। শেহতীয়াকৈ নিৰ্বাচী প্ৰচাৰত আকৌ তেওঁ নিজকে অমিতাভ বচনৰ পিছতেই নিজকে স্থান দিও বিতৰ্কৰ সূচনা কৰিছে।
এনে বিতৰ্কিত কথা বতৰাৰ মাজতে সংসদলৈ তেওঁ নিৰ্বাচিত হোৱা বিষয়টোৱে এতিয়া পুনৰ চৰ্চা লাভ কৰিছে। আজি বিজয় লাভ কৰাৰ পাছতে তেওঁ সাংবাদিকৰ আগত কয়, ‘আজিৰ দনটো মোৰ বাবে এটা বিশেষ দিন। প্ৰাৰ্থী হিচাপে এয়া মোৰ প্ৰথম নিৰ্বাচন। যিহেতু ৰাজনীতিত প্ৰথম, সেইবাবে নানা অনিশ্চয়তা আছিল। এয়া মোৰ প্ৰথম জয়।''
ইয়াৰোপৰি তেওঁ এই বিজয়ৰ বাবে দলীয় কৰ্মী, বিজেপিৰ বিধায়ক জয়ৰাম ঠাকুৰক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ সদায়েই মাণ্ডিক ৰক্ষা কৰাৰো পণ লৈছে।
মন কৰিবলগীয়া যে, হিমাচলৰ মাণ্ডি সমষ্টি কংগনাৰ বাবে যথেষ্ট প্ৰত্যাহ্বান মূলক আছিল। তেওঁৰ বিৰুদ্ধে আছিল বীৰভদ্ৰ সিংৰ পুত্ৰ বিক্ৰমাদিত্য সিং। এটা প্ৰতিষ্ঠিত ৰাজনৈতিক পৰিয়ালৰ সন্তান বিক্ৰমাদিত্য সিং। সেয়ে এই যুঁজ আছিল প্ৰত্যাহ্বানমূলক।এনে প্ৰত্যাহ্বানৰ পাছতো কংগনাই ৭৫ হাজাৰৰো অধিক ভোটত জয়লাভ কৰিছে।
উল্লেখ্য যে, অভিনেত্ৰী হিচাপেও সফল কংগনাই কেৰিয়াৰত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ উপৰিও ৫ বাৰকৈ ফিল্ম ফেয়াৰ বঁটা লাভ কৰাৰ উপৰিও ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছে।
समस्त मंडीवासियों का इस जनाधार, इस प्यार और विश्वास के लिए दिल से आभार🙏🏻
ये जीत आप सभी की है, ये जीत है प्रधानमंत्री मोदी जी और भाजपा पर विश्वास की, ये जीत है सनातन की, ये जीत है मंडी के सम्मान की। pic.twitter.com/elRmMJOneE— Kangana Ranaut (Modi Ka Parivar) (@KanganaTeam) June 4, 2024
Also Read: একক সংখ্যাগৰিষ্ঠতা হেৰুৱাব বিজেপিয়ে ! JDU, TDP য়েই ভৰসা মোডীৰ...