লামডিঙৰ সভাত কংগ্ৰেছক সমালোচনা কামাখ্যা প্ৰাসাদ তাছাৰ

লামডিঙৰ সভাত কংগ্ৰেছক সমালোচনা কামাখ্যা প্ৰাসাদ তাছাৰ

ডিজিটেল সংবাদ,লামডিং : সমাগত লোকসভা নিৰ্বাচন ৷ ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ লগে লগে বিজেপিয়ে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷

বৃহস্পতিবাৰে লামডিঙত উপস্থিত হয় কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ সমৰ্থিত প্ৰাৰ্থী কামাখ্যা প্ৰাসাদ তাছা ৷ লামডিঙৰ বিভিন্ন মণ্ডলসমূহত আজি নিৰ্বাচনী প্ৰচাৰ চলাই উপস্থিত হয় নেতাগৰাকী ৷

লামডিং ডিফু ৰোডৰ পৰা শ শ বাইক ৰেলীৰে প্ৰাৰ্থীগৰাকীক আদৰি আনে লামডিং বজাৰস্থিত শ্ৰীমা ভৱনলৈ ৷ সন্ধিয়া কেইবাশতাধিক ৰাইজৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ৷

উক্ত সভাখনত তাছাক সংগ দিয়ে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, প্ৰাক্তন বিজেপি বিধায়ক সুশীল দত্ত, হোজাই জিলাৰ বিজেপি সভাপতি অনুপ দেৱসহ বহু দলীয় কৰ্মীয়ে। সভাত তাছাই অখিল গগৈক তীব্ৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছ দলকো সমালোচনা কৰে ।

আনফালে বিধায়ক চিৰাজুউদ্দিন আজমলক সমালোচনা কৰি কয় যে, কেৱল বিন্নাকান্দিত উন্নয়নৰ একো চমক নেদেখিলে । ধৰ্ম লৈ ৰাজনীতি কৰিব নালাগে। কোনো প্ৰতিনিধিয়ে ৰাইজৰ বাবেহে কাম কৰিব লাগে । আমি হিন্দু-মুছলমানৰ ৰাজনীতি নকৰোঁ বুলি মন্তব্য কৰে কামাখ্যা প্ৰসাদ তাছাই ৷

লামডিঙৰ সভাত কংগ্ৰেছক সমালোচনা কামাখ্যা প্ৰাসাদ তাছাৰ
বৰহোলাত ১২ টা প্ৰকল্পৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ ঠেঙাল কছাৰী পৰিষদৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in