বৰহোলাত ১২ টা প্ৰকল্পৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ ঠেঙাল কছাৰী পৰিষদৰ

বৰহোলাত ১২ টা প্ৰকল্পৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ ঠেঙাল কছাৰী পৰিষদৰ

ডিজিটেল সংবাদ,তিতাবৰ : তিতাবৰ মহকুমাৰ বৰহোলাত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ১২ টাকৈ প্ৰকল্পৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰা হয়। পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰী আৰু ২ নং বৰহোলা সমষ্টিৰ সদস্যা বন্দিতা শইকীয়া উপস্থিত থাকি আধাৰশিলা স্থাপনেৰে আনুষ্ঠানিকভাৱে নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে।

পৰিষদৰ বৰহোলা সমষ্টিটোৰ সামগ্ৰীক উন্নয়ণৰ প্ৰতি লক্ষ্য ৰাখি ২০২৩-২০২৪ বৰ্ষৰ আঁচনিৰ পুঁজিৰে উজনি নেঘেৰী প্ৰাথমিক বিদ্যালয়ৰ পকী সীমাবেৰা, ত্ৰিবেণী প্ৰাথমিক বিদ্যালয়ৰ পকী সীমাবেৰা, ত্ৰিবেণী শিৱ মন্দিৰ নিৰ্মাণ, দাসগাঁও নামঘৰৰ নবীকৰণ আৰু মাটি ভৰোৱা কাম, নৱদ্বীপ যুৱক সংঘৰ চৌহদত মাটি ভৰোৱা কাম, চেৰেলী কছাৰী প্ৰাথমিক বিদ্যালয়ৰ পকী সীমাবেৰা, চেৰেলী শংকৰ কলা-কৃষ্টি কেন্দ্ৰৰ পুনৰ নিৰ্মাণ, গড়াজান একশৰণ নামধৰ্ম নামঘৰৰ মণিকূট নিৰ্মাণ, ৰজাবাৰী শিৱ মন্দিৰৰ জিৰণি গৃহ নিৰ্মাণ, আমবস্তি কৃষ্টি বিকাশ কেন্দ্ৰৰ গৃহ নিৰ্মাণ, গাহৰিচোৱা ভূমিজ সমাজ নামঘৰৰ গৃহ নিৰ্মাণ আদিৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰা হয়।

কাৰ্যসূচীত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন সদস্য, সমাজকৰ্মী পাৰ্থপ্ৰতিম শইকীয়া, বিজেপিৰ বৰহোলা মণ্ডলৰ সভানেত্ৰী প্ৰমিলা সোণোৱাল, সাংবাদিক অজয় শইকীয়া আদিৰ লগতে কেইবাগৰাকী বিজেপি কাৰ্যকৰ্তা আৰু স্থানীয় ভালেসংখ্যক ৰাইজে অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়ায়। যুৱ মৰ্চাৰ মৃদুল বৰাই আঁত ধৰা প্ৰতিটো কাৰ্যসূচীত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰীয়ে ভাষণত গ্ৰামাঞ্চলৰ ৰাইজৰ উন্নয়ণৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰৰ লগতে ঠেঙাল কছাৰী পৰিষদে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে।

কাৰ্যসূচীৰ শেষত মুখ্য কাৰ্যবাহীগৰাকীয়ে কয় যে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে ৰাইজৰ লগত থাকি প্ৰতিটো কাম কৰি আহিছে। গাঁৱৰ চোকে-কোনে গৈ ৰাইজৰ সৈতে মতবিনিময় কৰি প্ৰতিটো সমস্যাৰ বুজ লোৱাৰ চেষ্টা কৰা হৈছে। সেয়ে উন্নয়ণৰ স্বাৰ্থত ৰাইজকো সহযোগিতাৰ আহ্বান জনায় মুখ্য কাৰ্যবাহীগৰাকীয়ে।

পৰিষদৰ ২ নং বৰহোলা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহৰ উন্নয়নৰ ক্ষেত্ৰত সদস্যা বন্দিতা শইকীয়াৰ সবল প্ৰচেষ্টাক ৰাজহুৱাভাৱে শলাগ লয় মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰীৰ লগতে স্থানীয় সচেতন ৰাইজে।‌

বৰহোলাত ১২ টা প্ৰকল্পৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ ঠেঙাল কছাৰী পৰিষদৰ
মিজোৰামত ৩৭.৭৫ কোটি টকাৰ হেৰ'ইন জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in