কোকৰাঝাৰত জেপি নাড্ডাঃ জয়ন্ত বসুমতাৰীয়ে দাখিল কৰিলে মনোনয়ন

বিৰোধীৰ নেতা হয় জেইলত নহয়ত বেইলত আছে : নাড্ডা
কোকৰাঝাৰত জেপি নাড্ডাঃ জয়ন্ত বসুমতাৰীয়ে দাখিল কৰিলে মনোনয়ন
কোকৰাঝাৰত জেপি নাড্ডাঃ জয়ন্ত বসুমতাৰীয়ে দাখিল কৰিলে মনোনয়ন

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী তথা এন ডি এ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ মনোনয়ন দাখিলৰ সতে সংগতি ৰাখি আজি কোকৰাঝাৰৰ গ্ৰীণফিল্ডত এক বিশাল নিৰ্বাচনী জনসভা অনুষ্ঠিত হয়। এই সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা উপস্থিত থাকে।

কেইবা সহস্ৰাধিক লোকৰ উপস্থিতত অনুষ্ঠিত হোৱা উক্ত জনসভাত ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ইউ পি পি এলৰ মুৰব্বী তথা বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, অ গ পৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অসম চৰকাৰৰ মন্ত্ৰী ইউ.জি ব্ৰহ্ম, মন্ত্ৰী অশোক সিংঘাল, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই পোন প্ৰথমে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিশেষ বিমানযোগে পশ্চিমবংগ হাচিমাৰাৰ বায়ুসেনা বাহিনীৰ বিমানবন্দৰত উপস্থিত হয় আৰু তাৰ পৰা হেলিকপ্টাৰ যোগে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত উপস্থিত হয়। কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত ইউপিপিএলৰ প্ৰাৰ্থী তথা এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়।

সভাত তেওঁ কয়- পূৰ্বতে এই অঞ্চলটোত গোষ্ঠী সংঘৰ্ষ, ভাতৃঘাতী সংঘৰ্ষ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেৰ্তৃত্বত বিটিআৰ চুক্তি সম্পন্ন হোৱাৰ পিছত অঞ্চলটোলৈ শান্তি ঘূৰি আহিল। উত্তৰ-পূৱৰ প্ৰতি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ টানৰ কথা উল্লেখ কৰি জেপি নাড্ডাই কয় যে, সেয়েহে প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৱ ৭০ বাৰকৈ ভ্ৰমণ কৰিছে। উত্তৰ-পূৱক অষ্টলক্ষ্মী আখ্যা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীৰ নেৰ্তৃত্বত উত্তৰ-পূৱ আগবাঢ়ি গৈছে, দেশ আগবাঢ়ি গৈছে। উদ্যোগখণ্ডত উল্লেখযোগ্য পৰিবৰ্তন আহিছে। শক্তিখণ্ডত বিপুল উন্নতি হৈছে। ঔষধ, মোবাইল নিৰ্মাণত বিশ্বৰ আগশাৰীৰ দেশত পৰিণত হৈছে ভাৰতবৰ্ষ।

ভাৰত মাতা দুৰ্বল হলে দেশ দুৰ্বল হ'ব বুলি উল্লেখ কৰি বিৰোধীক তীব্ৰ সমালোচনাৰে থকাসৰকা কৰে জেপি নাড্ডাই। ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি অৰবিন্দ কেজৰিৱালক সমালোচনা কৰি বিৰোধীসকল কেবল দুৰ্নীতি-ভ্ৰষ্টাচাৰত লিপ্ত হোৱা বুলি মন্তব্য কৰি জেপি নাড্ডাই কয় যে, সেয়েহে বিৰোধীদলৰ নেতাসকল হয় বেইলত আছে নতুবা জেলত আছে। আন্ধাৰৰ বিষয়ে যদি কোনোবাই নাজানে তেন্তে তেওঁ পোহৰৰ কথা কেনেকৈ জানিব বুলিও প্ৰশ্ন উত্থাপন কৰি তেওঁ বেয়া দিনৰ কথা মনত নাৰাখিলে ভাল দিনৰ মহত্ব কেনেকৈ অনুধাৱন কৰিব পাৰি বুলি কয়।

নৰেন্দ্ৰ মোডীৰ প্ৰচেষ্টাত কোকৰাঝাৰ ৰাইজে মেডিকেল কলেজ পাবলৈ সক্ষম হোৱাৰ লগতে সন্তোষ ট্ৰপী, ডুৰাণ্ড কাপ আদি ৰাষ্ট্ৰীয় খেল বিটিআৰত অনুষ্ঠিত কৰা হৈছে। যি পূৰ্বতে অনুষ্ঠিত হোৱা নাছিল বুলি উল্লেখ কৰি নাড্ডাই কয়- পূৰ্বতে দিল্লী দূৰত আছিল আৰু হৃদয়ো দূৰত আছিল। কিন্তু এতিয়া দিল্লী আৰু আমাৰ হৃদয় দূৰত নহয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান উদ্দেশ্য আছিল শান্তি স্থাপন, পৰ্যটন, কলা-সংস্কৃতি ৰক্ষণাবেক্ষণ, হাইড্ৰপাৱাৰ জেনেৰেচন, জৈৱিক ফাৰ্মিং, নেচাৰেল ফাৰ্মিং আৰু নাগৰিকৰ সুৰক্ষা আৰু এই আঠটা বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে বুলি জানিবলৈ দিয়ে জেপি নাড্ডাই। কেৱল উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে পাঁচলাখ কোটি বিগত পাঁচ বছৰত মুকলি কৰি দিয়া হৈছে বুলি উল্লেখ কৰি স্বাধীনতা যুঁজাৰুৰ নামত দেশত ১০ টা সংগ্ৰহালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰে দুটা উত্তৰ পূৰ্বাঞ্চলত স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে।

তেওঁ নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে ভাৰতবৰ্ষ অৰ্থনীতিৰ ক্ষেত্ৰত উন্নত দেশ হিচাপে পৰিগণিত হ'ব বুলি দৃঢ়তাৰে দাবী কৰি কোকৰাঝাৰত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিবলৈ আহবান জনায় জেপি নাড্ডাই। ইপিনে জয়ন্ত বসুমতাৰীৰ মনোনয়ন দাখিলৰ সতে সংগতি ৰাখি অনুষ্ঠিত হোৱা বিশাল জনসভাত অংশগ্ৰহণ কৰি ইউপিপিএলৰ মুৰব্বী তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে, কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী তথা এনডিএ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব।

তেওঁ নিজ ভাষণত কয় -এই নিৰ্বাচন শান্তি-সম্প্ৰীতি আৰু উন্নয়নৰ নিৰ্বাচন। এই নিৰ্বাচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত নিৰ্বাচন । বিটিআৰত এতিয়া স্বাভাৱিক পৰিৱেশ, জাতি-বৰ্ণ- ধৰ্মৰ কোনো ভেদাভেদ নাই । ইউপিপিএল-বিজেপিৰ চৰকাৰ অহাৰ পিছত সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এটা পৰিৱেশ গঢ়ি উঠিছে। আজিৰ জনসমুদ্ৰই এনডিএৰ বিজয় সুনিশ্চিত কৰিলে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।

উল্লেখ্য যে বিশাল নিৰ্বাচনী সভা অন্ত পৰাৰ পিছতেই গ্ৰীণফিল্ডৰ পৰাই এখন পুষ্পসজ্জিত খোলা গাড়ীত উঠি বিশাল সমদলেৰে ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে জয়ন্ত বসুমতাৰীয়ে। মনোনয়ন দাখিলৰ সময়ত জয়ন্ত বসুমতাৰীক সঙ্গ দিয়ে বিটিচি প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা বসুমতাৰী, মন্ত্ৰী অশোক সিংঘল , মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অগপৰ নেতা ৰমেন্দ্ৰ নাৰায়ন কলিতা আদিকে ধৰি বহু নেতাই।

মনোনয়নৰ অন্তত সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বিজয় সুনিশ্চিত বুলি দাবী কৰে। আনহাতে সাংসদ নৱ কুমাৰ শৰণীয়াৰ জনজাতিকৰণ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়দান সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে কয় যে, সাংসদ নৱ কুমাৰ শৰণীয়াৰ বৰ্তমান আৰু ভৱিষ্যতৰ ৰাজনৈতিক ভাগ্য উচ্চ ন্যায়ালয়ৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা আমি সকলোৱে মানি চলিব লাগিব ।

ইপিনে মনোনয়ন দাখিলৰ পিছত ইউপিপিএলৰ প্ৰাৰ্থী তথা এনডিএ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে কয় যে, তেওঁ ২.৫ পৰা ৩ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব। মনোনয়ন দাখিলৰ দিনটোত স্বতঃস্ফূৰ্তভাৱে সমৰ্থন কৰা ৰাইজে প্ৰমান কৰিলে এনডিএৰ প্ৰাৰ্থী এইবাৰ জয়ী হ'ব।তেওঁ কয়, বতাহ এইবেলি এনডিএৰ পক্ষত বলিছে আৰু সেয়েহে তেওঁ ৭০ শতাংশ ভোট লাভ কৰিব।

কোকৰাঝাৰত জেপি নাড্ডাঃ জয়ন্ত বসুমতাৰীয়ে দাখিল কৰিলে মনোনয়ন
এয়া জনতাৰ জনাদেশ দিয়াৰ সময়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in