এয়া জনতাৰ জনাদেশ দিয়াৰ সময়...

এয়া জনতাৰ জনাদেশ দিয়াৰ সময়...
এয়া জনতাৰ জনাদেশ দিয়াৰ সময়...

বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত সৰ্ববৃহৎ গণতান্ত্ৰিক উৎসৱৰ বাবে সাজু হৈছে দেশবাসী। মুঠ ২১ খন ৰাজ্যৰ তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ১০২ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। এই ১০২ টা সমষ্টিত ১৬২৫ গৰাকী প্ৰাৰ্থিৰ ভাগ্য নিৰ্ণয় হ'ব।

অসমৰ ৫ টা লোকসভা সমষ্টি ক্ৰমে যোৰহাট, ডিব্ৰুগড়, লিখমপুৰ, শোণিতপুৰ আৰু নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। এই ৫ টা লোকসভা সমষ্টিত মুঠ ৩৫ গৰাকী প্ৰাৰ্থিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে।

এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে বিজেপিৰ প্ৰাৰ্থি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰদান বৰুৱা, তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছা। আছে কংগ্ৰেছৰ শক্তিশালী নেতা গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। ইয়াৰোপৰি আছে আন বহু কেইজন প্ৰাৰ্থি।

বিৰোধী শিবিৰে এইবাৰৰ নিৰ্বাচনক দেশৰ সংবিধান, গণতন্ত্ৰ ৰক্ষাৰ যুঁজ বুলি উল্লেখ কৰাৰ বিপৰীতে শাসকীয় দলে এইবাৰ মোডীক পুনৰ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ভোট বিচাৰিছে। তেওঁলোকে অবকি বাৰ ৪০০ পাৰ ধৰণৰ শ্লোগানো দিছে।

কিন্তু জনসাধাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে। সেই সিদ্ধান্ত কাইলৈ ই ভি এমৰ জৰিয়তে প্ৰকাশ কৰিব। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল জনতাই ভূগী থকা সমস্যাক শাসক, বিৰোধী কোনো দলেই গুৰুত্ব নিদিলে নিৰ্বাচনী প্ৰচাৰত।

কোনোবাই কোনোবাই এইবোৰ বিষয়ে উল্লেখ কৰিছে যদিও সেয়া নিয়ম মাফিক। ইছ্যু হিচাপে এইসমূহক প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। শাসকীয় দলে মাত্ৰ এজন ব্যক্তিক প্ৰধানমন্ত্ৰী হিচাপে পুনৰ প্ৰতিষ্ঠা কৰাত জোৰ দিছে। বিৰোধীয়েও সংবিধান, গণতন্ত্ৰৰ কথা কৈছে।

এইবোৰৰ কথা ক'ব লাগিব। কিন্তু জনসাধাৰণে ভূগী থকা সমস্যাক একাষৰীয়া কৰিলে কেনেকৈ হ'ব? জনসাধাৰণেও এইবোৰ লক্ষ্য কৰিছে। কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত এইসমূহৰ প্ৰভাৱ পৰিব।

ব্যক্তি পূজাৰ বিপৰীতে জনসাধাৰণে জনতাৰ স্বাৰ্থৰ হকে যিয়েই মাত মাতিছে অথবা মাত মাতিব বুলি বিচাৰ বিবেচনা কৰিব তেওঁলোককেই ভোট দিব। তেহে ফল পাব। ভোটগ্ৰহণৰ প্ৰাকক্ষণত আমি সকলো প্ৰাৰ্থিলৈ শুভেচ্ছা জনাইছো। ভোটাৰসকলকো ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছো।

কোন সমষ্টিত কোনে কোনে আগবঢ়াইছে প্ৰতিদ্বন্দিতাঃ

নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিত সৰ্বাধিক আছে ১১ গৰাকী প্ৰাৰ্থী। বিজেপিৰ পৰা কামাখ্যা প্ৰসাদ তাছা, কংগ্ৰেছৰ পৰা ৰ'জলীনা তিৰ্কী, ভোটাৰছ পাৰ্টি ইণ্টাৰনেচনেলৰ পৰা অনিমা ডেকা গুপ্তা, অসম জন মৰ্চাৰ পৰা শৈলেন আহমেদ, ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ পৰা ছালেহ আহমেদ মজুমদাৰ, ভাৰতীয় গণ পৰিষদৰ পৰা শৈলেন চন্দ্ৰ মালাকাৰে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে আব্দুল হক, জ্যোতিষ্ক ৰঞ্জন গোস্বামী, ত্ৰিদীপ জ্যোতি ভূঞা, দিলুৱাৰা বেগম চৌধুৰী আৰু বিনোদ গগৈয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰিছে।

লখিমপুৰ লোকসভা সমষ্টিত আছে ৯ গৰাকী প্ৰাৰ্থি। ইয়াত কংগ্ৰেছৰ পৰা উদয় শংকৰ হাজৰিকা, বিজেপিৰ পৰা প্ৰদান বৰুৱা, টি এম চিৰ পৰা ঘনকান্ত চুতীয়া, চি পি আইৰ পৰা ধীৰেন কছাৰী, ছচিয়েলিষ্ট ইউনিট চেণ্টাৰ অফ ইণ্ডিয়াৰ পৰা পল্লব পেগু, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলৰ পৰা বীৰেন বাইলুঙে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে গোবিন বিশ্বকৰ্মা, দেবনাথ পাইট আৰু বিক্ৰম ৰামচিয়াৰীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

শোণিতপুৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ পৰা প্ৰেমলাল গঞ্জু, বিজেপিৰ পৰা ৰঞ্জিত দত্ত, আপৰ পৰা ঋষিৰাজ কৌণ্ডিন্য, বি পি এফৰ পৰা ৰাজু দেউৰী, বহুজন মহা পাৰ্টিৰ পৰা আলম আলী, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলৰ পৰা কামেশ্বৰ স্বৰ্গীয়াৰী, গণ সুৰক্ষা পাৰ্টিৰ পৰা ৰিংকু ৰয় আৰু প্ৰদীপ ভাণ্ডাৰীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

ৰাজ্যবাসীৰ লগতে দেশৰ ৰাজনৈতিক বিশ্লেষকসকলৰো আকৰ্ষণৰ কাৰণ হৈ উঠা অসমৰ দুটা লোকসভা সমষ্টি হৈছে ডিব্ৰুগড় আৰু যোৰহাট। ইয়াৰে জিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ কমিটীৰ অন্যতম সদস্য সৰ্বানন্দ সোণোৱালে। ইয়াৰোপৰি এই সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে অসম জাতীয় পৰিষদৰ পৰা লুৰীণজ্যোতি গগৈ, আপৰ পৰা মনোজ ধানোৱাৰে।

যোৰহাট লোকসভা সমষ্টিত আকৌ প্ৰতিদ্বন্দিতা কৰিছে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে। কংগ্ৰেছ প্ৰাৰ্থিজনৰ বিৰুদ্ধে আছে বিজেপি সাংসদ তপন কুমাৰ গগৈ, একাম সনাতন ভাৰত দলৰ পৰা অৰুণ চন্দ্ৰ সন্দিকৈ আৰু নিৰ্দলীয় হিচাপে ৰাজ কুমাৰ দুৱৰা।

অপৰাধমূলক গোচৰ ৰুজু হৈ আছে কেইবাজনৰো বিৰুদ্ধে

উল্লেখ্য যে, এই ৩৫ গৰাকী প্ৰাৰ্থিৰ ভিতৰত ৫ জন অৰ্থাত ১৪ শতাংশ প্ৰাৰ্থিৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। আনহাতে ৩ জন অৰ্থাত ৯ শতাংশ প্ৰাৰ্থিৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধমূলক গোচৰ। অপৰাধমূলক গোচৰ ৰুজু হোৱা প্ৰাৰ্থিসকলৰ ভিতৰত দুজন কংগ্ৰেছৰ, এজনকৈ আপ, বহুজন মহা পাৰ্টি ভাৰতীয় গণ পৰিষদৰ।

এইসকলৰ ভিতৰত তেজপুৰৰ আপৰ প্ৰাৰ্থি ঋষিৰাজ কৌণ্ডিন্যৰ বিৰুদ্ধে আছে মুঠ ৭ টা গোচৰ। এই ৭ টা গোচৰত ১৮ টা গুৰুতৰ আই পি চি আৰু ৯ টা অন্যান্য আই পি চি ধাৰা সন্নিবিষ্ট হৈ আছে। ইয়াৰোপৰি গৌৰৱ গগৈ, আলম আলী, প্ৰেমলাল গঞ্জু, শৈলেন চন্দ্ৰ মালাকাৰৰ বিৰুদ্ধে আছে গোচৰ।

সমষ্টি অনুসৰি ভোটাৰৰ সংখ্যা

১০ নং কাজিৰঙা লোকসভা সমষ্টিত মুঠ ভোটাৰ আছে ২০৫৩৮০৫ গৰাকী। ইয়াত মুঠ পুৰষ ভোটাৰ আছে ১০২৮৪২০ গৰাকী। মহিলা ভোটাৰ আছে ১০৩২০০১ গৰাকী। তৃতীয় লীংগৰ ভোটাৰ আছে ৩৪ গৰাকী।

লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টি সমূহৰ ভোটাৰৰ সংখা এনেধৰণ- কলিয়াবৰত ১৮৫০০৪ গৰাকী, বৰহমপুৰত ২২৯৫৭৯ গৰাকী, বিন্নাকান্দিত ২৫৫৪৪৩ গৰাকী, হোজাইত ২৪৬২৮৯ গৰাকী, লামডিঙত ২৪০৯৫৩ গৰাকী, গোলাঘাটত ২০২৩৯৯ গৰাকী, দেৰগাঁৱত ১৭৩৮৮৯ গৰাকী, বোকাখাটত ১৫৮৭৮২ গৰাকী, খুমটাইত ১৬৬৭৮০ গৰাকী আৰু সৰুপথাৰত ১৯৪৬৮৭ গৰাকী।

১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৬৩৮৯৯২ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৮১৭৭৩৪ গৰাকী আৰু মহিলা ভোটাৰ ৮৭২১৬৩ গৰাকী। তৃতীয় লীংগৰ ভোটাৰ আছে ৩৫ গৰাকী। সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ ভোটাৰৰ সংখ্যা এনেধৰণৰ- ঢেকীয়াজুলীত ২২২৪২২ গৰাকী, বৰচলাত ১৯০৭৩৯ গৰাকী, তেজপুৰত ১৭৬৩৪৫ গৰাকী, ৰঙাপৰাত ১৬৭৯২১ গৰাকী, নদুৱাৰত ২০০৫২২ গৰাকী, বিশ্বনাথত ১৮৭৩৯৩ গৰাকী, বিহালীত ১৫৫৯২৭ গৰাকী, গহপুৰত ১৭২৪৬৬ গৰাকী আৰু বিহপুৰীয়াত ১৬৫২৫৭ গৰাকী।

লখিমপুৰ লোকসভা সমষ্টিত মুঠ ভোটাৰ আছে ১৫৮০৫০০ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৮১২৩১১ গৰাকী, মহিলা ভোটাৰ ৮৫৩০৭৬ গৰাকী। তৃতীয় লীংগৰ ভোটাৰ আছে ১৭ গৰাকী। সমষ্টিটোৰ অন্তৰ্গত বিধাসভা সমষ্টিসমূহৰ ভোটাৰৰ সংখ্যা এনেধৰণৰ- ৰঙানদীত ১৭১১৮৯ গৰাকী, নাওবৈচাত ১৬৯৪৬৬ গৰাকী, লখিমপুৰত ১৬৭৮০৬ গৰাকী, ঢকুৱাখনাত ১৬১৭১৭ গৰাকী, ধেমাজিত১৭৩০৬৭ গৰাকী, চিচিবৰগাওঁত ১৭৭০২৯ গৰাকী, জোনাইত ২১৫২৮৭ গৰাকী, শদিয়াত ২০১১১১ গৰাকী আৰু ডুম ডুমাত ১৪৩৮২৮ গৰাকী।

যোৰহাট লোকসভা সমষ্টিত আছে মুঠ ১৭৩২৯৪৪ গৰাকী ভোটাৰ। ইয়াত পুৰুষ ভোটাৰ আছে ৮৫৪৫৮৩ গৰাকী। মহিলা ভোটাৰ আছে ৮৮৪৭৭৮ গৰাকী। তৃতীয় লীংগৰ ভোটাৰ আছে ১২৬ গৰাকী। সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ ভোটাৰৰ সংখ্যা এনেধৰণৰ- সোনাৰীত ১৭১০১৮ গৰাকী, মাহমৰাত ১৪৭১৬৫ গৰাকী, ডিমৌত ১৭৭১০৫ গৰাকী, শিৱসাগৰত ২০৯০৯৪ গৰাকী, নাজিৰাত ১৮০৩৮৩ গৰাকী, মাজুলীত ১৪১১৬৮ গৰাকী, টিয়কত ১৯৩৯৩১ গৰাকী, যোৰহাটত ১৬৫৬৪৬ গৰাকী, মৰিয়নিত ১৯৯৩৬০ গৰাকী আৰু তিতাবৰত ১৭৩২৯৪৪ গৰাকী।

ডিব্ৰুগড় লোকসভা সমষ্টিত মুঠ ভোটাৰ আছে ১৬৬১৯৯৮ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৮১২৩১১ গৰাকী। মহিলা ভোটাৰ ৮৫৩০৭৬ গৰাকী আৰু তৃতীয় লীংগৰ ভোটাৰ ৩৫ গৰাকী। এই সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ ভোটাৰৰ সংখ্যা এনেধৰণৰ- মাৰ্ঘেৰিটাত ১৭০২৪৯ গৰাকী, ডিগবৈত ১৪৩৮৪৫ গৰাকী, মাকুমত ১৫৬৯৩৪ গৰাকী, তিনিচুকীয়াত ১৭৩৭২২ গৰাকী, চাবুৱা লাহোৱালত ১৭৪৮১৭ গৰাকী, ডিব্ৰুগড়ত ১৯১০৫৪ গৰাকী, খোৱাঙত ১৫৫০৭৩ গৰাকী, দুলীয়াজানত ১৭২৭১৮ গৰাকী, টিংখঙত ১৬৯০৭৩ গৰাকী আৰু নাহৰকটীয়াত ১৫৪৫১৩ গৰাকী।

ভোটগ্ৰহণ কেন্দ্ৰৰ সবিশেষঃ

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া ৫ টা সমষ্টিত মুঠ ৮৬৬৮২৩৯ গৰাকী ভোটাৰৰ বিপৰীতে আছে ১০,০০১ টা ভোটগ্ৰহণ কেন্দ্ৰ। ইয়াৰ ভিতৰত স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ২১৯ টা। ৫৫০০ টা ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ বাবে ইতিমধ্য়ে চিচি টিভি কেমেৰাৰ ব্য়ৱস্থা কৰা হৈছে। ১০,০০১ টা ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী প্ৰক্ৰিয়া নিৰিক্ষণৰ বাবে ১১০০০ টা চিচি টিভি কেমেৰা স্থাপন কৰিছে।

অসমৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যতো হ'ব ভোটগ্ৰহণ

অসমৰ উপৰিও ১৯ এপ্ৰিলত উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যৰ মুঠ ১৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশৰ ২ টা, মেঘালয়ৰ ২ টা, মণিপুৰৰ ২টা, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰাত এটাকৈ সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। সৰ্বভাৰতীয় প্ৰেক্ষাপটত মুঠ ২১ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। এই ২১ খন ৰাজ্যৰ ১০২ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰা মুঠ প্ৰাৰ্থিৰ সংখ্যা ১৬২৫ গৰাকী। ইয়াৰ ভিতৰত মহিলা প্ৰাৰ্থি ১৩৪ গৰাকী আৰু পুৰুষ প্ৰাৰ্থি ১৪৯১ গৰাকী।

এয়া জনতাৰ জনাদেশ দিয়াৰ সময়...
এইবাৰ দৰকাৰ নে বিজেপিৰ চৰকাৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in