শ শ মহিলাক যৌন উৎপীড়ন চলাই পলায়ন কৰা BJP-JD(S) ৰ প্ৰাৰ্থী প্ৰজৱাল ৰেভান্নাক বহিষ্কাৰৰ সম্ভাৱনা

পূৰ্ব প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ নাতিৰ কাৰ্যত স্তম্ভিত দেশ
শ শ মহিলাক যৌন উৎপীড়ন চলাই পলায়ন কৰা BJP-JD(S) ৰ প্ৰাৰ্থী প্ৰজৱাল ৰেভান্নাক বহিষ্কাৰৰ সম্ভাৱনা
শ শ মহিলাক যৌন উৎপীড়ন চলাই পলায়ন কৰা BJP-JD(S) ৰ প্ৰাৰ্থী প্ৰজৱাল ৰেভান্নাক বহিষ্কাৰৰ সম্ভাৱনা

ডিজিটেল ডেস্কঃ যৌন কেলেংকাৰীৰে জড়িত হৈ দেশ এৰি পালয়ন কৰা জনতা দল (ছেকুলাৰ)ৰ সাংসদ প্ৰজৱাল ৰেভান্নাক দলৰ পৰা এতিয়াও বহিষ্কাৰ কৰা নাই যদিও শীঘ্ৰেই বহিষ্কাৰৰ কৰাৰ সম্ভাৱনা আছে। ৩০ এপ্ৰিলত কৰ্ণাটকৰ হুব্বালিত অনুষ্ঠিত হ’বলগীয়া দলৰ মূল সমিতিৰ বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনাই অধিক।

উল্লেখ্য যে, প্ৰজৱাল ৰেভান্নাক এইবাৰ বিজেপি আৰু জেডি(এছ) মিত্ৰজোঁটে হাছান লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল। ২৬ এপ্ৰিলত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত এই সমষ্টিটো সফলতাৰে অনুষ্ঠিত হৈ যায় ভোটগ্ৰহণ।

ভোটগ্ৰহণৰ পাছতেই প্ৰজৱাল ৰেভান্নাই শ শ মহিলাক যৌন নিৰ্যাতন চলোৱা বহু ভিডিঅ’ ভাইৰেল হৈ পৰে। সামাজিক মাধ্যমতো এই ভিডিঅ’ ভাইৰেল হৈছে। মন কৰিবলগীয়া যে ৩৩ বৰ্ষীয় এইগৰাকী যৌন কেলেংকাৰীৰে জড়িত সাংসদ পূৰ্বৰ প্ৰধানমন্ত্ৰী এছ ডি দেৱগৌড়াৰ নাতি।

প্ৰজৱাল ৰেভান্নাৰ পিতৃ এইছ ডি ৰেভান্না। তেওঁ এগৰাকী বিধায়ক হোৱাৰ লগতে প্ৰাক্তন মন্ত্ৰী তথা এইছ ডি দেৱগৌড়াৰ জ্যেষ্ঠ পুত্ৰ।

ইফালে, কৰ্ণাটকৰ জেডি(এছ)ৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে এই সন্দৰ্ভত কয়, যৌন উৎপীড়নৰ অভিযোগত অভিযুক্ত তেওঁৰ ভতিজা প্ৰজৱাল ৰেভান্নাক ৰক্ষা কৰাৰ কোনো প্ৰশ্নই নাহে। চৰকাৰে গঠন কৰা এছ আই টিৰ অনুসন্ধান অভিযোগ সত্য প্ৰমাণ হলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

অৱশ্যে প্ৰজৱাল ৰেভান্নাই তেওঁৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগবোৰ অস্বীকাৰ কৰিছে আৰু ভাইৰেল ভিডিঅ’বোৰ সত্য নহয় বুলিও মন্তব্য কৰিছে।

শ শ মহিলাক যৌন উৎপীড়ন চলাই পলায়ন কৰা BJP-JD(S) ৰ প্ৰাৰ্থী প্ৰজৱাল ৰেভান্নাক বহিষ্কাৰৰ সম্ভাৱনা
শ্ৰেণী কোঠাত সপ্তম শ্ৰণীৰ ছাত্ৰীক শ্লীলতাহানিৰ চেষ্টাঃ শিক্ষকক ৫ বছৰৰ কাৰাদণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in