/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6e1777f6-d38e-4556-8d5c-08775df7c36f/CHIRANG_29.jpg)
শ্ৰেণী কোঠাত সপ্তম শ্ৰণীৰ ছাত্ৰীক শ্লীলতাহানিৰ চেষ্টাঃ শিক্ষকক ৫ বছৰৰ কাৰাদণ্ড...
ডিজিটেল সংবাদ চিৰাংঃ বাসুগাঁও চহৰৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক শ্ৰেণী কোঠাৰ ভিতৰতে শ্লীলতাহানি কৰাৰ অভিযোগত অভিযুক্ত সহকাৰী শিক্ষক দীপক কুমাৰ ভগতক আজি চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ বিশেষ ন্যায়াধীশ চি, চতুৰ্বেদীৰ আদালতে POCSO ধাৰাত পাঁচ বছৰৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদাৰ কৰে। ইয়াৰোপৰি তেওঁক ২০ হেজাৰ টকাৰ জৰিমনা কৰাৰ কথা ঘোষণা কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/dc71f4c9-6924-4c07-a3af-b2f45fe684ca/45c8d2b3_9bc6_444d_8ebc_0fb53ce3c3a7.jpg)
২০ টকা জৰিমনা অনাদায়ে অতিৰিক্ত দুমাহৰ কাৰাদণ্ডৰ কথা ৰায়দানত উল্লেখ কৰে।উল্লেখ্য যে নাবালিকা ছাত্ৰীক শ্লীলতাহানি কৰাৰ চেষ্টা কৰাৰ অভিযোগত একাংশ অভিভাৱকে শ্ৰেণী কোঠাত প্ৰৱেশ কৰি সহকাৰী শিক্ষক দীপক কুমাৰ ভগতত শাৰীৰিকভাবে আক্ৰমণ কৰিছিল । এই ঘটনাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
Also Read: পিছুৱাই দিয়া হ'ল UGC-NET পৰীক্ষাঃ নতুন তাৰিখ প্ৰকাশ...