/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/79d0219d-84e1-45ee-85ce-c883ee6a750a/jairam_18.jpg)
যোগী আদিত্য নাথৰ বুলডোজাৰ দলিত, আদিবাসী আৰু পিছপৰা শ্ৰেণীৰ বিৰুদ্ধে চলিছে- জয়ৰাম ৰমেশ
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে শেহতীয়াকৈ অভিযোগ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ 'বুলডোজাৰ' দলিত, আদিবাসী আৰু পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ বিৰুদ্ধে চলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে এক জনসভা সম্বোধন কৰি কংগ্ৰেছক উদ্দেশ্য কৰি কৈছিল বুলডোজাৰ ক’ত, কেনেকৈ চলাব লাগে সেয়া কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে যোগী আদিত্যনাথৰ পৰা শিকিব লাগে।
প্ৰধানমন্ত্ৰীগৰাকীৰ এই বক্তব্যৰ পাছতে জয়ৰাম ৰমেশে তেওঁক উভতি ধৰিছে। তেওঁ এক্সত লিখিছে- বিদায়ী প্ৰধানমন্ত্ৰীয়ে আজি কৈছে যে, ইণ্ডিয়া মিত্ৰজোঁটে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পৰা শিকিব লাগে যে বুলডোজাৰ ক’ত চলাব লাগে। চাওঁক দলিত, আদিবাসী আৰু পিছপৰা শ্ৰেণীৰ সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে যোগীৰ বুলডোজাৰ কেনেদৰে চলিছে।
তেওঁ পুনৰ লিখিছে- প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ কোৱা উচিত যে, সংৰক্ষণ সন্দৰ্ভত তেওঁৰ মতামতৰ বাবে তেওঁ যোগী আদিত্য নাথকে সমৰ্থন কৰিছে। এয়া তেওঁলোকৰ ৪০০ পাৰৰ আঁৰৰ ৰহস্য। ৪০০ আসন পাৰ কৰিলে তেওঁলোকে বাবাচাহেব আম্বেদকাৰৰ সংবিধান সংশোধন কৰিব আৰু দলিত, আদিবাসী আৰু পিছপৰা শ্ৰেণীৰ পৰা সংৰক্ষণৰ অধিকাৰ কাঢ়ি ল’ব।
জয়ৰাম ৰমেশে পুনৰ কয়, তেওঁলোকে কেইবা দশক ধৰি চলি অহা আৰ এছ এছৰ ষড়যন্ত্ৰ কাৰ্যকৰী কৰিব বিচাৰে।বাবা চাহেব আম্বেদকাৰৰ সংবিধান বাতিল কৰিব বিচাৰিছে আৰু মনুবাদী চিন্তাধাৰাৰ ওপৰত আধাৰ কৰি এখন নতুন সংবিধান প্ৰস্তুত কৰিব বিচাৰে।
निवर्तमान प्रधानमंत्री ने आज कहा है कि INDIA जनबंधन को उत्तर प्रदेश के मुख्यमंत्री योगी आदित्यनाथ से सीखना चाहिए की 'बुल्डोज़र' कहां पर चलाना चाहिए। देखिए योगी का 'बुल्डोज़र' कैसे दलित, आदिवासी, और पिछड़े वर्गों के लिए आरक्षण प्रणाली के ख़िलाफ़ है!
प्रधानमंत्री को साफ़-साफ़ कह… pic.twitter.com/cac2JoR4bx— Jairam Ramesh (@Jairam_Ramesh) May 17, 2024
Also Read: নাৰেংগীৰ বীৰকুছিত ৰে'লৰ খুন্দাত দুই শ্ৰমিক নিহত...