নাৰেংগীৰ বীৰকুছিত ৰে'লৰ খুন্দাত দুই শ্ৰমিক নিহত...

ৰে'ল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
নাৰেংগীৰ বীৰকুছিত ৰে'লৰ খুন্দাত দুই শ্ৰমিক নিহত...
নাৰেংগীৰ বীৰকুছিত ৰে'লৰ খুন্দাত দুই শ্ৰমিক নিহত...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগীৰৰ নাৰেংগী ৰে'ল ষ্টেচনৰ সমীপৰ বীৰকুছিত পুৱাই ৰে'লৰ খুন্দাত দুজনকৈ শ্ৰমিক নিহত হৈছে। জানিব পৰা মতে দ্ৰুতবেগী এখন নামনিমুৱা ৰে'লৰ খুন্দাত নিহত হৈছে শ্ৰমিক দুজন। আনহাতে আহত হৈছে আন দুজন শ্ৰমিক।

এই শ্ৰমিক কেইজনৰ ঘৰ গোৱালপাৰাত। নিহত শ্ৰমিক দুজনৰ নাম চাহিনুৰ ইছলাম আৰু হাফিজুল ৰহমান। আহত দুই শ্ৰমিক ক্ৰমে জাহিৰুল ইছলাম আৰু সদাগৰ আলী। তেওঁলোক দুয়োকে জি এম চি এইছলৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে এই শ্ৰমিক কেইজনে ৰে'লপথৰ দাঁতিৰে খোজ কাঢ়ি গৈ থকা অৱস্থাতে এই ঘটনা সংঘটিত হয়। শ্ৰমিক কেইজনে যিটো ট্ৰেকেৰে খোজ কাঢ়ি আগবাঢ়ি গৈছিল সেই ট্ৰেকেৰে হঠাৎ দ্ৰুতবেগী নামনিমুৱা ৰে'লখন আগবঢ়াত এই কৰুণ ঘটনা সংঘটিত হয়। ইতিমধ্যে ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত কৰিছে।

নাৰেংগীৰ বীৰকুছিত ৰে'লৰ খুন্দাত দুই শ্ৰমিক নিহত...
ৰহাত বিগত পাঁচ দিনে সন্ধানহীন চাৰি বছৰীয়া কন্যা সন্তানৰ মাতৃ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in