হেমা মালিনীৰ হৈ মথুৰাত দুই কন্যাৰ প্ৰচাৰ অভিযান..

হেমা মালিনীৰ হৈ মথুৰাত দুই কন্যাৰ প্ৰচাৰ অভিযান..

author-image
Asomiya Pratidin
New Update
হেমা মালিনীৰ হৈ মথুৰাত দুই কন্যাৰ প্ৰচাৰ অভিযান..

ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ হৈ মথুৰাত প্ৰতিদণ্ডিতা আগবঢ়াইছে অভিনেত্ৰী হেমা মালিনীয়ে। আগন্তুক নিৰ্বাচনৰ বাবে শনিবাৰে মাতৃৰ হৈ প্ৰচাৰৰ উদ্দেশ্যে মথুৰাত উপস্থিত হয় হেমা মালিনীৰ দুই কন্যা ইশা দেউল আৰু আহানা দেউল।

Advertisment

মাতৃৰ সৈতে দুই কন্যাই চহৰৰ অন্তৰ্গত ঠাকুৰ বাকে বিহাৰি মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়। মন্দিৰৰ পুৰোহিত অভিলাষ গোস্বামীয়ে দুয়োকে মন্দিৰৰ আশীৰ্বাদ-পুষ্ট কাপোৰ আৰু প্ৰসাদ প্ৰদান কৰে। ভগৱানৰ আশীৰ্বাদ লৈ কন্যাই কয় যে,মোৰ মা কৃষ্ণ ভক্ত সেয়ে তেওঁ মথুৰাক নিৰ্বাচনী ক্ষেত্ৰ হিচাপে বাছি লৈছে।

সাংবাদিকে ইশা দেউলক মাতৃৰ ৰাজনৈতিক উত্তৰাধিকাৰী বুলি কৰা প্ৰশ্নত তেওঁ এই সন্দৰ্ভত আগন্তুক দিনত চিন্তা কৰা হ'ব বুলি জনায়। লগতে কয় যে,আমি বহুত সৰুতে মাৰ লগত বৃন্দাবনলৈ আহিছিলো। আমি ইয়াৰে প্ৰায় সকলো মন্দিৰ দৰ্শন কৰিছো। ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদত এই স্থানৰ পৰা তেওঁ জয় লাভ কৰিব।

Also Read: দেশৰ বিশ্বাস যে লোকসভা নিৰ্বাচনৰ পৰাই ভৱিষ্যতৰ এক নতুন যাত্ৰা আৰম্ভ হ’বঃ মোডী

Isha deol hema malini Mathura LOKSABHA 2024