দৰং-ওদালগুৰিত ২১,৮৭,২০৪গৰাকী ভোটাৰৰ বিপৰীতে চাৰিগৰাকী প্ৰাৰ্থীয়ে আৰম্ভ কৰিলে প্ৰচাৰ...

দৰং-ওদালগুৰিত ২১,৮৭,২০৪গৰাকী ভোটাৰৰ বিপৰীতে চাৰিগৰাকী প্ৰাৰ্থীয়ে আৰম্ভ কৰিলে প্ৰচাৰ...

ডিজিটেল সংবাদ, মঙলদৈঃ লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমুহৰ তৎপৰতা বৃদ্ধি পাইছে । দ্বিতীয় পৰ্যায়ত লোক সভা নিৰ্বাচন অনুষ্ঠিত হ'ব লগীয়া দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিভিন্ন দলৰ প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে। মুঠ ২১,৮৭,২০৪ গৰাকী ভোটাৰ থকা সমষ্টিটোত

বিধানসভা ভিত্তিক ভোটাৰ এনেধৰণৰ ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰত ভোটাৰ ২০৭৫৮৮ টা,৩২ নং কমলপুৰ বিধানসভা সমষ্টিত ভোটাৰ ১৮০৭৮৮ টা, ৪৯ নং ছিপাঝাৰ বিধানসভা সমষ্টিত ভোটাৰ ২০৪৭৪৯ টা, ৫০নং মঙলদৈ বিধানসভা সমষ্টিৰ ভোটাৰ ১৯৫৩৬৩ টা,৫১ নং দলগাঁও বিধানসভা সমষ্টিৰ ভোটাৰ ২৯৭৮৪৬ টা, ৪৭ নং মাজবাট বিধানসভা সমষ্টিৰ ভোটাৰ ১৮২২৪১টা , ৪৬নং ওদালগুৰি বিধানসভা সমষ্টিৰ ভোটাৰ ১৬৯২৩২ টা ,৪৮ নং টংলা বিধানসভা সমষ্টিৰ ভোটাৰ ১৭৭৪০৪ টা ,৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ ভোটাৰ ১৬০৩২৯ টা ,৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ ভোটাৰ ১৯৯৪০৭ টা আৰু ৪৩নং তামুলপুৰ বিধানসভা সমষ্টিৰ ভোটাৰ ২১২২৫৭ ।

একেদৰে শাসকীয় বিজেপি দলে দৰং-ওদালগুৰি লোক সভা সমষ্টিৰ বাবে প্ৰাৰ্থী হিচাপে বৰ্তমান মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা দলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া, বিৰোধী কংগ্ৰেছ দলে প্ৰাক্তন সংসদ তথা দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশী , বিপিএফ দলে কলাই গাওঁ বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়ো, আৰু গন শক্তি দলে প্ৰাৰ্থী হিচাপে বহু দিন ধৰি দৰং ওদালগুৰিত বেচৰকাৰী সংস্থাৰ জৰিয়তে নাৰী সৱলীকৰণৰ ওপৰত কাম কৰি অহা স্বৰ্ণা দেৱীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। সময়লৈ আৰু প্ৰাৰ্থী বঢ়াৰ সম্ভাৱনা আছে।

ইতিমধ্যে চাৰিটা ৰাজনৈতিক দলে প্ৰক্ষেপ কৰা চাৰিওজন প্ৰাৰ্থীয়ে নির্বাচনী প্ৰচাৰত নামি পৰিছে। প্ৰাৰ্থী সকলে সমষ্টিৰ বিভিন্ন অঞ্চলত সভা সমিতিত অংশগ্ৰহণ কৰি নিজৰ সপক্ষে ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে। শাসকীয় দলৰ সাংসদ দিলীপ শইকীয়াই কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম কাজক নিৰ্বাচনী সম্বল হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে, লগতে নিৰ্বাচনত এওঁ বহু লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি আশা প্ৰকাশ কৰিছে ।

একেদৰে বিপিএফ দলে সমষ্টিত দৰং-ওদালগুৰিৰ এআইইউডিএফ দলৰ কৰ্মীক লৈ কেইবাখনো সভা অনুষ্ঠিত কৰি বিজেপিৰ সাংসদগৰাকীয়ে একো কাম নকৰা বুলি অভিযোগ কৰি প্ৰচাৰ আৰম্ভ কৰিছে। মুলতঃ চৰকাৰ বিৰোধী স্থিতিৰে নিৰ্বাচনী প্ৰচাৰত নমা পৰিলক্ষিত হৈছে, আৰু নিৰ্বাচনত বিপিএফ দলে জয়লাভ কৰিবলৈ সক্ষম হ'ব বুলিও দাবি কৰে। একেদৰে কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে শাসকীয় বিজেপি চৰকাৰক কঠোৰ সমালোচনা, বিগত সময়চোৱাত বিজেপি চৰকাৰ তথা সাংসদে একো কাম কৰিব নোৱাৰাৰ লগতে সমষ্টিত কংগ্ৰেছৰ সাংসদ জয়ী হ'লে বহু কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়া দেখা গৈছে।

ঠিক একেদৰে প্ৰথম বাৰৰ বাবে লোকসভা নিৰ্বাচনত মঙলদৈ সমষ্টিত মহিলা প্ৰাৰ্থী হোৱা বাবে স্বৰ্না দেৱীৰ জিকাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে সমৰ্থক সকলে। দৰং ওদালগুৰিত হাজাৰ হাজাৰ মহিলা যুৱক যুৱতীৰ লগত থকা ঘনিষ্ঠতাক সম্বল কৰি সমষ্টিটোৰ প্ৰায় ২২ লাখ ভোটাৰৰ ভিতৰত ১০ -১১ লাখ ভোট লাভ কৰি স্বৰ্ণা দেৱীৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে। সমষ্টিৰ ২১,৮৭,২০৪ গৰাকী ভোটাৰে কাক ভোট দি দিল্লীলৈ যোৱাৰ বাট সুগম কৰিব সেয়া সময়ত পৰিলক্ষিত হ'ব।।

দৰং-ওদালগুৰিত ২১,৮৭,২০৪গৰাকী ভোটাৰৰ বিপৰীতে চাৰিগৰাকী প্ৰাৰ্থীয়ে আৰম্ভ কৰিলে প্ৰচাৰ...
অসম জাতীয় পৰিষদ এৰিলে দুলু আহমেদে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in