নিজৰবোৰে চিপৰাং মাৰিলে গৌৰৱ গগৈ কেনেকৈ জিকিবঃ শৃংখল চলিহাৰ ক্ষোভ...

নিজৰবোৰে চিপৰাং মাৰিলে গৌৰৱ গগৈ কেনেকৈ জিকিবঃ শৃংখল চলিহাৰ ক্ষোভ...

ডিজিটেল ডেস্কঃ ‘আপোনাৰ আশে-পাশে থকা মানুহবোৰে চিপৰাং নামাৰিলে আপুনিয়েই যোৰহাটত জিকিব’- দেওবাৰে সাক্ষাতৰ বাবে যোৱা যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈক এনেদৰে ক’লে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। শিৱসাগৰস্থিত শৃংখল চলিহাৰ বাসগৃহত উপস্থিত হৈ গৌৰৱ গগৈয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সহায়-সহযোগিতাৰ কামনা কৰে আৰু শৃংখল চলিহাইও তেওঁক সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

গৌৰৱ গগৈক সাক্ষাতৰ পাছতে সংবাদ মাধ্যমৰ আগত শৃংখল চলিহাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে- মই তেওঁক সকলোখিনি কথা মুকলিকৈ কৈছো। তেওঁৰ সোঁৱে-বাৱেঁ থকা মানুহবোৰেই যে তেওঁক চিপৰাং মাৰি আছে সেইবোৰ কথা মই তেওঁক কৈছো। লগতে কৈছো যে, লগত থকাবোৰে যদি চিপৰাং নামাৰে তেন্তে তেৱেই যোৰহাটত জিকিব। বাকী আমি সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো।‘

শিৱসাগৰত কংগ্ৰেছৰ এটাও নিৰ্বাচনী কাৰ্যালয় নথকা বিষয়টোক লৈ সৰৱ শৃংখল চলিহাই কয় যে- গৌৰৱ গগৈক লৈ বহুতে চক্ৰান্ত কৰি আছে। এতিয়া চাওঁক শিৱসাগৰত গৌৰৱ গগৈৰ এটাও নিৰ্বাচনী কাৰ্যালয় নাই। এনেকৈ কোনোবাই জিকিব পাৰে নেকি? গতিকে মই তেখেতক কৈছো যে, নিজৰ মানুহখিনিয়েই যদি তেওঁক চিপৰাং মাৰে তেওঁ জিকাটো অসম্ভৱ।

ইফালে অখিল গগৈৰ স্থিতিৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শৃংখল চলিহাই কয়- অখিল গগৈয়ে কি স্থিতি লৈছে নিৰ্বাচনৰ ফলাফলে কব। আমি তেওঁক বিধানসভা নিৰ্বাচনত আমাৰ সংগঠনৰ ফালৰ পৰা ৫৭হাজাৰ ভোট দিয়াইছিলো। এতিয়া তেওঁ বিধায়ক হোৱাৰ পাছত শিৱসাগৰত কিমান ভোট দিয়াব পাৰে ফলাফলে কব।‘

উল্লেখ কৰা প্ৰয়োজন যে, যোৰহাট লোকসভা সমষ্টিত শাসকীয় দলৰ প্ৰাৰ্থী তপন গগৈৰ হৈ ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে। ইয়াৰ বিপৰীতে গৌৰৱ গগৈয়েও লোকসভা সমষ্টিটোৰ অন্তৰ্গত প্ৰায়বোৰ অঞ্চলত সভা-সমিতিৰে প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে।

নিজৰবোৰে চিপৰাং মাৰিলে গৌৰৱ গগৈ কেনেকৈ জিকিবঃ শৃংখল চলিহাৰ ক্ষোভ...
গ্ৰাম্য পথৰ বিধ্বস্ত ৰূপঃ ৰাজহুৱা সমস্যা সমাধানৰ আহ্বান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in