/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/63c1eb88-3852-481d-a5c3-7abdb6f595e5/hhuss.jpg)
ডিজিটেল সংবাদ, ঘিলামৰাঃ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ গ্ৰাম্য পথ সমূহ নিৰ্মাণ আৰু মেৰামতি কৰাৰ ব্যৱস্হা নোলোৱাৰ বাবে গ্ৰামাঞ্চলৰ ৰাইজে যাতনা ভোগ কৰি আহিছে। চৰকাৰী উন্নয়ন আঁচনিয়ে ঢুকি পোৱা নাই ঘিলামৰাৰ অতি প্ৰয়োজনীয় এটা গ্ৰাম্য পথ। পথটোৰৰ বিধ্বস্ত ৰূপে ৰাইজক বিগত বহু বছৰ ধৰি জ্বলা-কলা খুৱাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
ৰাজহুৱা অভিযোগ অনুসৰি ঘিলামৰা পঞ্চায়তৰ অন্তৰ্গত মিলন নগৰৰ প্ৰায় পাঁচশ মিটাৰ দৈঘ্যৰ পথছোৱা ক্ৰমাণ্বয়ে অস্তিত্বহীন হৈ যাতায়তৰ বাবে অনুপযোগী হোৱাৰ পিছতো সংশ্লিষ্ট কতৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ঘিলামৰা বাচ আস্হানৰ সমীপৰ পৰা দিঘলী সংযোগী পথৰ পশ্চিম দিশেৰে সোমাই যোৱা অতি ব্যস্ততাপূৰ্ণ পথটো খণ্ড বিখণ্ড হোৱাৰ লগতে পুখুৰী সদৃশ দ’ গাঁতৰ সৃষ্টি হোৱাত যাতায়ত কৰাটো দুৰ্বিসহ হৈ পৰিছে।
উক্ত পথেৰে ঘিলামৰা নগৰ হাইস্কুল, ঘিলামৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, প্ৰগতি ইংৰাজী মাধ্যম বিদ্যালয়, জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে অহা-যোৱা কৰাৰ উপৰিও ঘিলামৰা ৰাজহুৱা শ্মশান, ঘিলামৰা মেডিকেল কলনী, ঘিলামৰা গেছ এজেন্সী, দিঘলী, মেলেকী, মিলন নগৰৰ ৰাইজে যাতায়ত কৰি আহিছে। এনে এক ব্যস্ত আৰু প্ৰয়োজনীয় পথটো নিৰ্মাণ অথবা মেৰামতি কৰিবৰ বাবে বৰ্তমান সময়লৈকে চৰকাৰী পক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুণ্ণ হোৱা ৰাইজে পথটো উন্নীত কৰণ কৰিবলৈ আহ্বান জনাইছে।
Also Read: ঢকুৱাখনাত ৫ ৰাজহ কৰ্মচাৰীক অৱসৰকালীন সম্বৰ্ধনা...