UPPLৰ প্ৰাৰ্থীৰ সমৰ্থনত কোকৰাঝাৰত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোডশ্ব'...

জৰেগাঁওত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতিৰ বন্যা
UPPLৰ প্ৰাৰ্থীৰ সমৰ্থনত কোকৰাঝাৰত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোডশ্ব'...
UPPLৰ প্ৰাৰ্থীৰ সমৰ্থনত কোকৰাঝাৰত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোডশ্ব'...

ডিজিটেল সংবাদ কোকৰাঝাৰ: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ জিলাৰ কালিপুখুৰী এলেকাৰ জৰেগাঁও খেলপথাৰত ইউপিপিএল প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। লোকে লোকাৰণ্য হৈ পৰা বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলায় ।

বিশমুৰীৰ পৰা সৰলপাৰালৈ যোৱা ৪০ কিলোমিটাৰ পথ পুণৰনিৰ্মান, কালিপুখুৰী বাসুগাওঁৰ চম্পাৱতী নদীৰ ওপৰত দলং নিৰ্মান, কালিপুখুৰী হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা, ঘৰে ঘৰে অৰুণোদয় আৰু ৰেচন কাৰ্ড প্ৰদান কৰাকে ধৰি আন কেবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ ভাষনত কয় যে, কোকৰাঝাৰত পদুম ফুল মানেই ট্ৰেক্টৰ, ট্ৰেক্টৰ মানেই পদুম ফুল। আপোনালোক ট্ৰেক্টৰৰ ছবিত ভোট দি নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰক। অহা ৭ মে'ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আপোনালোকে মনত ৰাখিব কোকৰাঝাৰত পদুমো নাই, হাতীও নাই কিন্তু মনত ৰাখিব কোকৰাঝাৰত পদুম মানে ট্ৰেক্টৰ, ট্ৰেক্টৰ মানে পদুম।

আপোনালোকে মোক যদি ভালপায়, মোক বিশ্বাস কৰে অহা ৭ মে'ত মোৰ ছবি চাই , মোৰ কথা মনত পেলাই ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক। নিৰ্বাচনৰ পিছতে প্ৰতিটো পৰিয়ালক অৰুণাদয়ক দিয়া হ'ব , যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক ৰেচন কাৰ্ড দিয়া হ'ব। ৰেচন কাৰ্ড থাকিলে অৰুণোদয় পাব। নাঙলে অৰুণোদয় দিব পাৰিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে কোকৰাঝাৰ,দিল্লী, দিছপুৰ কতোৱেই নাঙল নাই।

কটা হাতৰ কাম নাই নাঙলৰ দাম নাই বুলি মন্তব্য কৰি খেতি যেনেকৈ ট্ৰেক্টৰেদি ভাল হয়, ভাল কামো তেনেকৈ এনডিএ চৰকাৰৰ দ্বাৰা কৰা হয়। অসমত মামা যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছে আৰু নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হৈছে তেতিয়াৰ পৰা গুলী-বাৰুদ নাই। আগতে কোকৰাঝাৰত আহি চিকিৎসালয়ত খবৰ লৈছিলো। এতিয়া চৌদিশে শান্তি। এই শান্তি অব্যাহত ৰাখিবলৈ হলে ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক।

তেওঁ লগতে প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰে ইতিমধ্যে এক লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিলে আৰু আগন্তুক জুলাই মাহত পুনৰ পঞ্চাশ হেজাৰ যুৱক যুৱতীক চাকৰি দিয়া হব বুলি জনায়। ইয়াৰে তৃতীয় চতুৰ্থ শ্ৰেণীৰ লগতে কামাণ্ডোত নিযুক্তি দিয়া হব বুলি উল্লেখ কৰি তেওঁ তাৰ বাবে যুৱক যুৱতীসকলক সাজু হৈ থকাৰ আহবান জনায়।

কেৱল এয়াই নহয় চাকৰি নোপোৱাসকলক অসম চৰকাৰে দুই লাখ টকা বেহা-বেপাৰ তথা বাণিজ্য কৰিবলৈ দিব। তাৰে এক লাখ টকা হে চৰকাৰক ওভোতাই দিব লাগিব বাকী এক লাখ নালাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰোপৰি মুখ্যমন্ত্ৰী শৰ্মাই মেট্ৰিক পাছ কৰা লৰা-ছোৱালীক বিনামূলীয়াকৈ নাম ভৰ্তিৰ সুবিধা দিয়াৰ উপৰিও প্ৰতিগৰাকী মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীৰ বেংক একাউণ্টত পঢ়াশুনাৰ খৰচৰ বাবদ দহ হাজাৰ কৈ টকা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে।

প্ৰকাশ যে, দালাল ৰাজ শেষ কৰিবলৈ বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ সকলো হিতাধিকাৰীয়ে প্ৰাপ্ত কৰিব পৰা কৈ নিজৰ ঘৰৰ জিঅ'টেগিং নিজেই কৰিব পাৰিব বুলি তেওঁ ৰাজহুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ।

ইপিনে কোকৰাঝাৰত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত কোকৰাঝাৰত আজি সন্ধিয়া বিশাল ৰোডশ্ব'ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বহুমুখী খেলপথাৰৰ পৰা আৰম্ভ বিশাল ৰোডশ্ব'ই কোকৰাঝাৰ সদৰ চহৰ পৰিভ্ৰমন কৰি কোকৰাঝাৰ হিমৎসিংকা খেলপথাৰত অন্ত পৰে। ৰোডশ্ব'ৰ সময়ছোৱাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰাৰ উপৰিও পথৰ দুয়োকাষে মামাক এবাৰ কাষৰ পৰা প্ৰত্যক্ষ কৰিবলৈ অজস্ৰ লোকৰ সমাগম হয় ।

ৰোড শ্ব' উপলক্ষে কোকৰাঝাৰ সদৰ চহৰ জনসমুদ্ৰত পৰিণত হয় । আজিৰ ৰোডশ্ব'ত বিটিচি প্ৰধান প্ৰমোদ বড়ো, প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, মন্ত্ৰী অশোক সিংঘল, বিধায়ক লৰেঞ্চ ইছলাৰী আদিকে ধৰি বহু বিশিষ্ট নেতাই অংশগ্ৰহণ কৰে।

UPPLৰ প্ৰাৰ্থীৰ সমৰ্থনত কোকৰাঝাৰত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোডশ্ব'...
লামডিঙত ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত ৰে'ল কৰ্মচাৰী: দুজনক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in