লামডিঙত ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত ৰে'ল কৰ্মচাৰী: দুজনক গ্ৰেপ্তাৰ...

পূৰ্বেও ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ হৈছিল একেজন কৰ্মচাৰী
লামডিঙত ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত ৰে'ল কৰ্মচাৰী: দুজনক গ্ৰেপ্তাৰ...
লামডিঙত ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত ৰে'ল কৰ্মচাৰী: দুজনক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ লামডিংঃ ক্ৰমান্বয়ে ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে ৰে'ল নগৰী লামডিং। শুকুৰবাৰে পুনৰ লামডিঙ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ৰে'ল কৰ্মচাৰী আৰু এজন যুৱক।

উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়াৰ ভাগত লামডিং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান দুয়োকে গ্ৰেপ্তাৰ কৰিছে। লামডিঙৰ বাবুপট্টিৰ পৰা গ্ৰেপ্তাৰ কৰা দুয়োকে ড্ৰাগছৰ সৈতে কৰায়ত্ত কৰে আৰক্ষীয়ে।

ইয়াৰে ৰে'ল কৰ্মচাৰীগৰাকী দীপক দাস (ভূষণ) বুলি জানিব পৰা গৈছে। তেওঁৰ আৱাস পৰাই দুটাকৈ ড্ৰাগছ ভৰ্তি দুটাকৈ চাবোনৰ বাকচ উদ্ধাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা আনগৰাকী লোকৰ নাম দীপ হাজৰিকা। তেওঁ নিউ কলনীৰ বাসিন্দা।

জানিব পৰা মতে দুয়োটা চাবোনৰ বাকচত মুঠ ২৮ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন আছিল। অভিযোগ অনুসৰি ৰে'ল বিভাগৰ কৰ্মচাৰী দীপক দাস বহু দিনৰে পৰা ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল। ইয়াৰ পূৰ্বেও তেওঁ লামডিং আৰক্ষীৰ হাতত ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছিল।

লামডিঙত ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত ৰে'ল কৰ্মচাৰী: দুজনক গ্ৰেপ্তাৰ...
কাছাৰৰ লক্ষীপুৰত স্কুলীয়া ছাত্ৰৰ মাৰপিটক কেন্দ্ৰ কৰি দুই ফৈদৰ সংঘৰ্ষ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in