/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/2854ae01-c0e7-4751-9155-bbc890a4680e/RAHUL_4.jpg)
'প্ৰথমে ৰায়বেৰলীত জিকি লওক': প্ৰিয় দবা খেলুৱৈয়ে কিয় ৰাহুলক ক'লে এইদৰে...
ডিজিটেল ডেস্কঃ দেশত চলি আছে আই পি এল আৰু নিৰ্বাচন। আই পি এলত প্ৰায় প্ৰতিদিনেই নতুন নায়কৰ জন্ম হৈছে। ২২ গজৰ এই ৰণত মুহূৰ্ততে কোনোবা যদি নায়ক হৈছে আন কোনোবা আকৌ নায়কৰ পৰা খলনায়কৰ শাৰীলৈ অৱনমিত হৈছে।
আই পি এলৰ এনা মহাৰণৰ মাজতো কিন্তু শেহতীয়াকৈ চৰ্চালৈ আহিছে ক্ৰিকেট জগতৰ বাহিৰৰ এগৰাকী খেলুৱৈ। অৱশ্যে তেওঁ নিজৰ প্ৰদৰ্শনৰ বাবে নহয়, ৰাজনৈতিক নেতাক উদ্দেশ্য কৰি কৰা এটা 'সৰু কৌতুক'ৰ বাবেহে চৰ্চালৈ আহিছে।
নেট দুনিয়াত এতিয়া চৰ্চাৰ শীৰ্ষত দুজন বিশেষ ব্যক্তি। এগৰাকী কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা অষ্টাদশ লোকসভা নিৰ্বাচনৰ দুটাকৈ সমষ্টি ক্ৰমে কেৰালাৰ ৱায়নাড আৰু উত্তৰ প্ৰদেশৰ ৰায়বেৰলীৰ প্ৰাৰ্থী ৰাহুল গান্ধী। আনগৰাকী আকৌ দবাৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন গেৰী কাস্পাৰোভ।
এই দুয়োগৰাকীৰ কৰ্মক্ষেত্ৰ বেলেগ হলেও এতিয়া কিন্তু এই দুয়োগৰাকী লোক চৰ্চালৈ আহিছে ৰাজনীতিৰ বাবেই। সম্প্ৰতি লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে ৰাহুল গান্ধীয়ে দাবী কৰিছিল তেওঁ সকলো ভাৰতীয় ৰাজনৈতিক নেতাৰ ভিতৰত শ্ৰেষ্ঠ দবা খেলুৱৈ।
ৰাহুলৰ এই মন্তব্যৰ পাছতে নেটিজেনসকলে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তাৰ মাজতে ৰাহুলৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দবাৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন গেৰী কাস্পাৰোভে। তেওঁ ৰাহুলক দিয়া উত্তৰে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।
গেৰী কাস্পাৰোভে ৰাহুলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দি কৈছিল, ''শীৰ্ষস্থান অধিকাৰ কৰিবলৈ প্ৰথমে ৰায়বেৰলীত জিকিব লাগিব।'' গেৰী কাস্পাৰোভৰ এই মন্তব্যৰ পাছতে ৰাহুলক বহুতেইক কটাক্ষ কৰিবলৈ আৰম্ভ কৰে। ৰাজনৈতিক প্ৰচাৰৰ মাজত স্থান লাভ কৰিছে গেৰী কাস্পাৰোভৰ এই মন্তব্য।
এনে পৰিস্থিতিত এতিয়া পুনৰ গেৰী কাস্পাৰোভে তেওঁৰ সেই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাহুলৰ প্ৰসংগত তেওঁ কৰা প্ৰথম মন্তব্য এটা 'সৰু কৌতুক' আখ্যা দি তেওঁ ইয়াক লৈ ভুল বুজাবুজি হ’ব নালাগে বুলি মন্তব্য কৰিছে।
তেওঁ এক্সত লিখিছে ''মই বহুত আশা কৰোঁ যে, মোৰ ‘সৰু কৌতুক’ সম্পৰ্কে কোনো ভুল বুজাবুজি নহ’ব।'' অৱশ্যে তাৰ মাজতে তেওঁ পুনৰ ৰাহুল গান্ধীক উদ্দেশ্য কৰি শ্লেষাত্মকভাৱে কয় যে, কোনো ৰাজনৈতিক নেতাই তেওঁৰ প্ৰিয় খেল বিধৰ ওপৰত ধেমালি কৰা চাবলৈ আগ্ৰহী নহয়।
কাস্পাৰোভৰ এনে প্ৰতিক্ৰিয়াৰ আঁৰত আচলতে আছে কি? এই প্ৰশ্নও সৰ্বত্ৰে এতিয়া চৰ্চা চলিছে। বহুতেই তেওঁ ৰাহুলক এইদৰে আক্ৰমণ কৰাৰ আঁৰত বিচাৰি পাইছে ৰাজনৈতিক উদ্দেশ্য। কিন্তু সেয়া কিমানদূৰ সত্য?
দৰাচলতে সামাজিক মাধ্যমত ৰাহুলে তেওঁৰ মোবাইলত দবা খেলি থকা এটা ভিডিঅ’ শ্বেয়াৰ কৰি এগৰাকী লোকে লিখিছিলি যে, কাস্পাৰোভ আৰু বিশ্বনাথন আনন্দে সোনকালে অৱসৰ লৈছে, আমাৰ সময়ৰ সৰ্বশ্ৰেষ্ঠ দবা চেম্পিয়নৰ মুখামুখী হোৱা নাই বুলি ভাবি ভাল লাগিছে।
ইয়াতে অসন্তুষ্ট হৈছে কাস্পাৰোভ। সেয়ে তেওঁ ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে প্ৰথমে ৰাহুলে ৰায়বেৰলীত বিজয়ী হৈ লওক বুলি কৈ কৌতুক কৰি কৈছিল। কিন্তু এই মন্তব্যই এতিয়া ৰাজনৈতিক ক্ষেত্ৰত সৰৱ চৰ্চাৰ বিষয় হৈ পৰিছে।
অৱশ্যে ৰাহুল গান্ধীৰো প্ৰিয় দবা খেলুৱৈ এইগৰাকী প্ৰাক্তন বিশ্ব চেম্পিয়ন। ৰাহুলে কাস্পাৰোভক তেওঁক প্ৰিয় দবা খেলুৱৈ আখ্যা দি কৈছে কাস্পাৰোভে যিদৰে প্ৰতিপক্ষক চাপত ৰাখি প্ৰতি চাল চলাই সেয়া বৰ উপভোগ্য।
I very much hope my little joke does not pass for advocacy or expertise in Indian politics! But as an "all-seeing monster with 1000 eyes," as I was once described, I cannot fail to see a politician dabbling in my beloved game! https://t.co/MlBnR4PeZ6
— Garry Kasparov (@Kasparov63) May 3, 2024
Also Read: দুই প্ৰাক্তন মন্ত্ৰীৰ সৈতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে অৰবিন্দ সিং লাভলীয়ে...