/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/cecfed74-5383-4ae2-a085-c4a90d5152ae/DELHI_4.jpg)
দুই প্ৰাক্তন মন্ত্ৰীৰ সৈতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে অৰবিন্দ সিং লাভলীয়ে...
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ভৰপক সময়তে মাত্ৰ কেইটামান দিন পূৰ্বে পদত্যাগ কৰা দিল্লী কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অৰবিন্দৰ সিং লাভলীয়ে আজি আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিত। কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ সময়ৰে পৰা তেওঁ বিজেপিত যোগদান কৰিব বুলি চৰ্চা হৈ আহিছিল।
কেৱল অৰবিন্দৰ সিং লাভলীয়েই নহয়, তেওঁৰ সৈতে আজি আনুষ্ঠানিকভাৱে বিজেপিত চামিল হয় পূৰ্বৰ মন্ত্ৰী ৰাজ কুমাৰ চৌহান, পূৰ্বৰ মন্ত্ৰী নছিব সিং, নীৰজ বাসৌয়া আৰু অমিত সিং।
উল্লেখ্য যে, অৰবিন্দৰ সিং লাভলীয়ে দুবাৰকৈ দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। তেওঁ মুঠ চাৰিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ উপৰিও শীলা দীক্ষিতৰ মন্ত্ৰীসভাত মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল।
আনহাতে ৰাজ কুমাৰ চৌহান আৰু নছিব সিঙে দীৰ্ঘ সময় ধৰি দিল্লীৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰত মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰছিল। আনহাতে অমিত সিং আছিল দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যক্ষ। তেওঁ পূৰ্বে এন এছ ইউ আইৰ সৈতে জড়িত আছিল।
Also Read: জীয়াভৰলীৰ পাৰৰ ১০০বিঘা মাটিত বৃহৎ কৃষি পাম স্থাপন...