লোকসভা নিৰ্বাচনঃ খাতা খুলিলে বিজেপিয়ে..

লোকসভা নিৰ্বাচনঃ খাতা খুলিলে বিজেপিয়ে..

author-image
Asomiya Pratidin
New Update
লোকসভা নিৰ্বাচনঃ খাতা খুলিলে বিজেপিয়ে..

ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমখন আসন প্ৰায় নিশ্চিত হৈছে। গুজৰাটৰ অন্তৰ্গত চুৰট সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দীৰে জয়লাভ কৰা দিশে বিজেপি প্ৰাৰ্থী মুকেশ দলাল। তথ্য অনুসৰি ইতিমধ্যে চুৰটৰ কংগ্ৰেছ প্ৰাৰ্থী নীলেশ কুম্ভণিৰ মনোনয়ন বাতিল কৰা হৈছে। কংগ্ৰেছৰ গুজৰাট ইউনিটৰ মুৰব্বী শক্তিসিংহ গোহিলে দেওবাৰে অভিযোগ কৰে যে ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্দেশত চুৰট লোকসভা আসনৰ পৰা নীলেশ কুম্ভনীৰ মনোনয়ন পত্ৰ বাতিল কৰা হৈছে।

Advertisment

এই ঘটনাক ‘গণতন্ত্ৰৰ হত্যা’ বুলি অভিহিত কৰে গোহিলে। প্ৰস্তাৱকৰ স্বাক্ষৰত অমিলৰ অভিযোগ উত্থাপন কৰি দলৰ প্ৰাৰ্থী নীলেশ কুম্ভণিৰ মনোনয়ন পত্ৰ বাতিল কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছে গুজৰাট উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব বুলি জনায়। ইতিমধ্যে চুৰটৰ পৰা দলটোৰ বিকল্প প্ৰাৰ্থী সুৰেশ পদছালাৰ মনোনয়ন পত্ৰও বাতিল কৰা হৈছে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে,মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত কেৱল প্ৰ-পত্ৰত থকা প্ৰস্তাৱকৰ স্বাক্ষৰ তেওঁলোকৰ নহয় বুলি দাবী কৰিয়েই মনোনয়ন প্ৰ-পত্ৰ বাতিল কৰিব নোৱাৰিব। আনহাতে এই ক্ষেত্ৰত নিৰ্বাচনী বিষয়াগৰাকীৰ কয় যে, প্ৰস্তাৱকসকলে শপতনামাত প্ৰকাশ কৰিছে যে তেওঁলোকে নিজে প্ৰ-পত্ৰত স্বাক্ষৰ কৰা নাই।

উল্লেখ্য যে ২০২২ চনৰ নিৰ্বাচনত দুজন প্ৰস্তাৱকে তেওঁৰ মনোনয়ন পত্ৰত স্বাক্ষৰ কৰা নাই বুলি দাবী কৰিছিল যদিও চুৰাট-পূব বিধানসভাৰ আসনৰ পৰা আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল কৰা হোৱা নাছিল বুলিও গোহিলে দাবী কৰে।

Also Read: মঙলদৈত অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতিঃ পত্নী আৰু সতীয়া ভাতৃক এচিডেৰে আক্ৰমণ

loksabha elections 2024 first victory of bjp mukesh dalal