মঙলদৈত অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতিঃ পত্নী আৰু সতীয়া ভাতৃক এচিডেৰে আক্ৰমণ

মঙলদৈত অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতিঃ পত্নী আৰু সতীয়া ভাতৃক এচিডেৰে আক্ৰমণ

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ ২ নং ৱাৰ্ডত দেওবাৰে নিশা সংঘটিত হয় এচিড আক্ৰমণৰ ঘটনা। স্বামী আখতাৰ হুছেইনে নিজ পত্নী ৰফিদা বেগম আৰু সতীয়া ভাতৃ ৰফিকুল হুছেইনক এচিডেৰে আক্ৰমণ কৰে।

Advertisment

পত্নী শুই থকা অৱস্থাতে আক্ৰমণ কৰাৰ বিপৰীতে ভাতৃক ফোন কৰি মতাই আনি ৰাজপথতে এচিডেৰে আক্ৰমণ কৰে। স্বামীয়ে কৰা এচিড আক্ৰমণত আহত হয় পত্নী আৰু ভাতৃ ৰফিকুল হুছেইন। আহত অৱস্থাত দুয়োকে জিএমচিএইছত ভৰ্তি কৰা হয়।

এচিড আক্ৰমণ কৰিয়ে নিশাই মঙলদৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ আখতাৰ হুছেইনৰ। এইক্ষেত্ৰত আৰক্ষীৰ ওচৰত স্পষ্টকৈ কোৱা নাই যদিও পত্নী আৰু ভাতৃ ৰফিকুলৰ মাজত থকা অবৈধ সম্পৰ্কৰ বাবেই এনে ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Also Read: সনাতনক ধ্বংস কৰি বিৰোধীয়ে পুনৰ দেশক দাসত্বলৈ ঠেলি দিব বিচাৰেঃ মোডী

mangoldoi crime