/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/20c36874-6d14-4186-8710-2940701c1a06/jammu_7.jpg)
'আমি গান্ধীৰ হিন্দুষ্টানতহে চামিল হৈছিলোঁ মোডীৰ হিন্দুষ্টানত নহয়' - ফাৰুক আব্দুলা
ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে জম্মু কাশ্মীৰৰ নেচনেল কনফাৰেঞ্চৰ নেতা ফাৰুক আব্দুল্লাই ধৰ্মীয় ৰাজনীতিৰ জৰিয়তে সমাজত ঘৃণা বিয়পোৱাৰ সন্দৰ্ভত মুখ খুলিছে। তেওঁ এ এন আইৰ সৈতে হোৱা এক বাৰ্তালাপত কয়, যেতিয়া দেশ স্বাধীন হৈছিল তেতিয়া গান্ধী আছিল। আমি গান্ধীৰ 'হিন্দুষ্টান'ত হে চামিল হৈছিলোঁ, মোডীৰ 'হিন্দুষ্টান'ত নহয়। আমি সেই গান্ধীৰ 'হিন্দুষ্টান' ঘূৰাই আনিব বিচাৰোঁ। য‘ত আমি সন্মানৰ সৈতে আগবাঢ়িব পাৰোঁ, কথা ক'ব পাৰোঁ।
তেওঁ কয়, সহানুভূতিৰে মানুহক সহায় কৰক। তেওঁলোক হিন্দু নে মুছলমান সেয়া চাব নালাগে। দেশত যি ঘৃণাৰ সৃষ্টি হৈছে সেই ঘৃণাই ভাৰতক শক্তিশালী কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। তেওঁ কয়, এই ঘৃণাৰ জৰিয়তে আমি শক্তিশালী হ'ম নেকি? হিন্দু আৰু মুছলমান পৃথক নেকি?
ফাৰুক আব্দুলাই পুনৰ কয়, আমি ঈশ্বৰে আমাক সমানে সৃষ্টি কৰিছে। আমি এই ঘৃণাবোৰ সৃষ্টি কৰিছোঁ। ইয়াৰ বাবে আমিয়েই দায়বদ্ধ। যিসকল ৰাজনৈতিক লোকে ঘৃণাৰ বজাৰ সৃষ্টি কৰিছে তেওঁলোক ইয়াৰ বাবে দায়বদ্ধ। পূৰ্বে ভাৰতত কোনো ঘৃণা নাছিল।
#WATCH | Budgam, J&K: JKNC Chief Farooq Abdullah says, "... Will all this hatred strengthen India? Are Hindu and Muslim different in any way?... We are responsible for this hatred. Politicians are responsible for giving rise to this hatred... We had acceded to Gandhi's India and… pic.twitter.com/vVVacZikxb
— ANI (@ANI) May 7, 2024
Also Read: অসমত ধুবুৰীত সৰ্বাধিক, গুৱাহাটীত সৰ্বনিম্ন ভোটদান...