অসমত ধুবুৰীত সৰ্বাধিক, গুৱাহাটীত সৰ্বনিম্ন ভোটদান...

নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে ৩ বজালৈকে ভোটদানৰ হাৰ

author-image
Asomiya Pratidin
New Update
অসমত ধুবুৰীত সৰ্বাধিক, গুৱাহাটীত সৰ্বনিম্ন ভোটদান...

অসমত ধুবুৰীত সৰ্বাধিক, গুৱাহাটীত সৰ্বনিম্ন ভোটদান...

ডিজিটেল ডেস্কঃ বতৰ মুকলি হোৱাৰ পাছত লাহে লাহে গুৱাহাটীত বৃদ্ধি হৈছে ভোটদানৰ হাৰ। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৩ বজালৈকে অসমত মুঠ ৬৩.০৮ শতাংশ ভোটদান হৈছে।

Advertisment

অসমৰ ৪ টা লোকসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটদান হৈছে ধুবুৰীত। সমষ্টিটোত ৬৫.৫১ শতাংশ ভোটদান হৈছে। ইয়াৰ পিছতে বৰপেটাত ভোটদান হৈছে ৬৫.২০ শতাংশ। সেইদৰে কোকৰাঝাৰত ভোটদান হৈছে ৬৩.৬৪ শতাংশ। আটাইতকৈ কম ভোটদান হৈছে গুৱাহাটীত। গুৱাহাটী লোকসভা সমষ্টিত ৩ বজালৈকে মুঠ ভোটদান হৈছে ৫৭.৪৬ শতাংশ।

ইফালে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে ৩ বজাত ভোটদানৰ হাৰে স্পৰ্শ কৰিছে ৫০ ৰ ঘৰ। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৩ বজালৈকে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মুঠ ৫০.৭১ শতাংশ ভোটদান হৈছে।

সেই অনুসৰি অসমত ৬৩.০৮ শতাংশ, বিহাৰত ৪৬.৬৯ শতাংশ, ছত্তিশগড়ত ৫৮.১৯ শতাংশ, দাদৰা আৰু নগৰ হাৱেলী আৰু দামান আৰু দিউত ৫২.৪৩ শতাংশ, গোৱাত ৬১.৩৯ শতাংশ, গুজৰাটত ৪৭.০৩ শতাংশ কৰ্ণাটকত ৫৪.২০ শতাংশ, মধ্যপ্ৰদেশত ৫৪.০৯ শতাংশ, মহাৰাষ্ট্ৰত ৪২.৬৩ শতাংশ, উত্তৰ প্ৰদেশত ৪৬.৭৮ শতাংশ আৰু পশ্চিম বংগত ৬৩.১১ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

Also Read: অশোক শৰ্মাৰ চিকিৎসাৰ প্ৰয়োজন আছেঃ দিলীপ শইকীয়া...

লোকসভা নিৰ্বাচন