ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান নগাঁৱৰ চিকিৎসক, এ চি এছ বিষয়াৰ নাম...

ন্যায় বিচাৰি আদালতৰ কাষ চপাৰ প্ৰস্তুতি
ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান নগাঁৱৰ চিকিৎসক, এ চি এছ বিষয়াৰ নাম...
ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান নগাঁৱৰ চিকিৎসক, এ চি এছ বিষয়াৰ নাম...

ডিজিটেল সংবাদ নগাওঁঃ সংবিধান প্ৰদত্ত ভোটাধিকাৰৰ অধিকাৰৰ পৰা বঞ্চিত হ'ল নগাওঁ টাউনৰ এগৰাকী চিকিৎসক আৰু এগৰাকী এ চি এছ বিষয়া। নগাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত নগাওঁ টাউনৰ চিকিৎসক ডাঃ প্ৰাঞ্জল প্ৰতিম বৰা (৫০) আৰু এ চি এছ বিষয়া হিমাশ্ৰী হাজৰিকা (৫৩) ই এইবাৰ লোকসভা নিৰ্বাচনত ভোটাধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হয়।

হিমাশ্ৰী হাজৰিকা সম্পৰ্কত প্ৰাঞ্জল প্ৰতিম বৰাৰ বৌয়েক। দুয়োগৰাকীয়ে পূৰ্বৰ লোকসভা নিৰ্বাচনৰ লগতে ২০২১ৰ বিধানসভা নিৰ্বাচনত ৩১ নং কিৰনবালা গোস্বামী ছোৱালী হাইস্কুলত ভোটদান কৰিছিল যদিও এইবাৰ আশ্চৰ্যজনকভাৱে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান হৈছে।

চিকিৎসক প্ৰাঞ্জল প্ৰতিম বৰাৰ ভোটাৰ কাৰ্ড
চিকিৎসক প্ৰাঞ্জল প্ৰতিম বৰাৰ ভোটাৰ কাৰ্ড

ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে চিকিৎসক ডাঃ প্ৰাঞ্জল প্ৰতিম বৰা। প্ৰয়াত ৰোহিনী কুমাৰ বৰাৰ সন্তান তথা চিকিৎসক প্ৰাঞ্জল প্ৰতিম বৰা আৰু হিমাশ্ৰী হাজৰিকাই ভোটদানৰ অধিকাৰৰ পৰা বিঞ্চিত হ'বলগীয়া বিষয়টোক সহজভাৱে লোৱা নাই।

আজি ভোটগ্ৰহণ চলি থকাৰ মাজতে প্ৰাঞ্জল প্ৰতিম হাজৰিকাই কয়, তেওঁলোকৰ সৈতে হোৱা অন্যায়ৰ সন্দৰ্ভত নগাওঁ জিলা আয়ুক্তগৰাকীক অৱগত কৰিছে। জিলা আয়ুক্তজনে পৰৱৰ্তী সময়ত তেওঁলোকৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিব বুলি কথা দিছে যদিও চিকিৎসক প্ৰাঞ্জল প্ৰতিম বৰাই সংবিধান প্ৰদত্ত গণতান্ত্ৰিক অধিকাৰৰ পৰা বিঞ্চিত হোৱাৰ বিষয়টোৰ সন্দৰ্ভত ন্যায় বিচাৰি আদালতৰ কাষ চাপিব বুলি জনাইছে।

২০১৪ লোকসভা নিৰ্বাচনৰ ভোটাৰ তালিকা
২০১৪ লোকসভা নিৰ্বাচনৰ ভোটাৰ তালিকা

ইফালে অনুৰূপ ধৰণে নগাওঁ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰূপহীহাটৰ জুৰীয়াতো দুখন গাঁৱৰ প্ৰায় ৩০ জন লোকক জীৱিত অৱস্থাতে মৃত বুলি দেখুওৱা হৈছে। ফলত তেওঁলোকো ভোটদানৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। এই সন্দৰ্ভত ভুক্তভোগীসকলৰ মাজৰ দুজনে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু কাৰ ভুলৰ বাবে এইদৰে ভোটাৰ তালিকাত মহাভুল হ'ল সেয়া আৰক্ষীয়ে সঠিকভাৱে তদন্ত কৰিলেহে জানিব পৰা যাব।

ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান নগাঁৱৰ চিকিৎসক, এ চি এছ বিষয়াৰ নাম...
ৰূপহীহাটৰ জুৰীয়াত ৩০ মৃত ব্যক্তি আহিল ভোট দিবলৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in