কৰিমগঞ্জত নিৰ্বাচনী বিষয়া কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্তঃ ওদালগুৰিত গ্ৰেপ্তাৰ প্ৰিজাইদিং বিষয়া...

কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰ এলেকাত সংঘটিত হৈছে দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
মাজুলীৰ চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা, এগৰাকী মহিলাক সালিনতা হানিৰ চেষ্টা…

কৰিমগঞ্জত নিৰ্বাচনী বিষয়া কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্তঃ ওদালগুৰিত গ্ৰেপ্তাৰ প্ৰিজাইদিং বিষয়া...

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে কৰিমগঞ্জ লোকসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কঢ়িয়াই নিয়া এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰ এলেকাত সংঘটিত হোৱা এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আটাইকেইগৰাকী বিষয়া।

Advertisment

জানিব পৰা মতে এই নিৰ্বাচনী বিষয়াকেইগৰাকী ১৪৩ নং ভোট কেন্দ্ৰ অভিমুখে যাত্ৰা কৰাৰ সময়তে এই দুৰ্ঘটনাৰ সন্মুখীন হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আহত আটাইকেইজনকে ভৰ্তি কৰোৱা হৈছে স্থানীয় চিকিৎসালয়ত।

আনহাতে এই নিৰ্বাচনী বিষয়াৰ দলটোৰ বিকল্প হিচাপে আন এটা দলক ভোটকেন্দ্ৰটোলৈ প্ৰেৰণ কৰা হৈছে।

ইফালে ওদালগুৰিত কৰ্তব্যৰ সময়তে সুৰা সেৱন কৰাৰ অভিযোগত এজন প্ৰিজাইডিং বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা প্ৰিজাইডিং বিষয়াগৰাকী অৰুণ দৈমাৰী। তেওঁ ওদালগুৰি ছোৱালী হাই স্কুলৰ শিক্ষক।

Also Read: হিমন্ত বিশ্ব শৰ্মাৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ চাকমা, হাজংক অসমত সংস্থাপিত কৰাৰ ভুৱা প্ৰচাৰ চলাইছে- কিৰেণ ৰিজিজু

পথ দুৰ্ঘটনা লোকসভা নিৰ্বাচন