মমতা বেনাৰ্জীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি নিৰ্বাচন আয়োগৰ ৰোষত পৰিল অভিজিৎ গাংগুলী...

কলকাতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকীক ২৪ ঘণ্টাৰ বাবে 'চেঞ্চৰ' লগালে আয়োগে
মমতা বেনাৰ্জীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি নিৰ্বাচন আয়োগৰ ৰোষত পৰিল অভিজিৎ গাংগুলী...
মমতা বেনাৰ্জীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি নিৰ্বাচন আয়োগৰ ৰোষত পৰিল অভিজিৎ গাংগুলী...

ডিজিটেল ডেস্কঃ ৰাজনীতি কৰিলে প্ৰতিপক্ষক ব্যক্তিগত আক্ৰমণ কৰিব লাগিবই নেকি? প্ৰতিপক্ষক অশ্লীল গালি, গালাজ নকৰাকৈ ৰাজনীতি কৰিব নোৱাৰি নেকি? এই প্ৰশ্নই উত্থাপন হৈছে শেহতীয়াকৈ পশ্চিমবংগৰ এগৰাকী 'হেভিৱেইট' বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে কঠোৰস্থিতি গ্ৰহণ কৰাৰ পাছতে।

নিৰ্বাচন আয়োগৰ ৰোষৰ বলি হোৱা এই বিজেপি প্ৰাৰ্থীগৰাকী আন কোনো নহয়, কলকাতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অভিজিৎ গাংগুলী। অভিজিৎ গাংগুলীৰ বিৰুদ্ধে অভিযোগ- তেওঁ নিৰ্বাচনী প্ৰচাৰত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে নকবলগীয়া কথা কৈছে। যাৰ বাবে এতিয়া নিৰ্বাচন আয়োগে নিৰ্দেশ প্ৰদান কৰিছে অভিজিৎ গাংগুলীয়ে মঙ্গলবাৰৰ বিয়লি ৫ বজাৰ পৰা আগন্তুক ২৪ ঘণ্টালৈ কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব।

আয়োগে অভিজিত গাংগুলীলৈ ৪ পৃষ্ঠাৰ এক পত্ৰ প্ৰেৰণ কৰিছে য’ত তেওঁক কঠোৰ ভাষাৰে ভৰ্ৎসনা কৰিছে। ইয়াৰোপৰি এই পত্ৰৰ এটা কপি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডালৈয়ো প্ৰেৰণ কৰিছে। পত্ৰখনৰ জৰিয়তে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীকো এই কথা নিশ্চিত কৰিবলৈ কোৱা হৈছে যে, আগন্তুক সময়ত যাতে কোনো বিজেপি প্ৰাৰ্থীয়ে দেশৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীক কুৰুচীপূৰ্ণ ভাষাৰে আক্ৰমণ নকৰে।

বংগৰ এই প্ৰাক্তন ন্যায়াধীশগৰাকীক নিৰ্বাচন আয়োগে তেওঁৰ পূৰ্বৰ কৰ্মস্থলীৰ কথা সোঁৱৰাই তেওঁৰ পৰা এনে অশালীন তথা অপ্ৰত্যাশিত মন্তব্য নিন্দনীয় বুলি উল্লেখ কৰিছে। আয়োগে লিখিছে- ভাৰতত মহিলাক সৰ্বোচ্চ সন্মান দিয়া হয়। বিজেপি প্ৰাৰ্থী অভিজিৎ গাংগুলীৰ মন্তব্যই মহিলাসকলৰ সেই সন্মান অৱক্ষয় কৰিছে। অভিজিৎ গাংগুলীৰ শিক্ষাগত অৰ্হতা আৰু যি কৰ্মক্ষেত্ৰৰ পৰা তেওঁ আহিছে তাৰ পাছত তেওঁৰ এনেধৰণৰ মন্তব্য অপ্ৰত্যাশিত আৰু নিন্দনীয়।

উল্লেখ্য যে, যোৱা ১৫ মে’ত নিৰ্বাচনী প্ৰচাৰত অভিজিৎ গাংগুলীয়ে মমতা বেনাৰ্জীক সমালোচনা কৰিবলৈ গৈ অশালীন ভাষাৰে আক্ৰমণ কৰিছিল। কলকাতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে এক জনসভাত কৈছিল- "ৰেখা পাত্ৰ হৈছে আমাৰ প্ৰাৰ্থী যি দৰিদ্ৰ লোকৰ ঘৰত কাম কৰি খায়। তেওঁ মমতা বেনাৰ্জীৰ দৰে ধুনীয়া নহয়, তেওঁতকৈ অলপ বেছি ধুনীয়া। সেইকাৰণে ৰেখা পাত্ৰক ২,০০০ টকাত ক্ৰয় কৰিব পাৰি। আমি কল্পনা কৰিব নোৱাৰো যে এগৰাকী মহিলাই আন এগৰাকী মহিলাৰ বিষয়ে কেনেকৈ এইদৰে ক'ব পাৰে। মমতা বেনাৰ্জী এগৰাকী মহিলাই নে! কেতিয়াবা মোৰ মনত প্ৰশ্ন উত্থাপিত হয়। মমতা বেনাৰ্জী, আপুনি কিমান দামত বিক্ৰী হয়? আপোনাৰ হাতত ৮ লাখ টকা গুজি দিলেই এটা চাকৰি দিয়ে। আপোনাৰ হাতত ১০ লাখ টকা ৰাখিলে বা গুজি দিলে ৰেচন আন এখন দেশলৈ পঠিয়াই দিয়ে। ভাৰতত সেই ৰেচন নাথাকে। তেন্তে আপোনাৰ মূল্য কিমান, ১০ লাখ?"

অভিজৎ গাংগুলীৰ এই মন্তব্যৰ পাছতে বিতৰ্কৰ সূচনা হৈছিল আৰু তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তৃণমূল কংগ্ৰেছে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হৈছিল। ইয়াৰ পাছতে নিৰ্বাচন আয়োগে বিজেপি প্ৰাৰ্থী অভিজিৎ গাংগুলীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে। সোমবাৰে সেই জাননীৰ উত্তৰ দিছিল অভিজিত গাংগুলীয়ে।কিন্তু তেওঁৰ উত্তৰত সন্তুষ্ট নহৈ তেওঁৰ বিৰুদ্ধে কঠোৰ হয় আয়োগ।

মমতা বেনাৰ্জীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি নিৰ্বাচন আয়োগৰ ৰোষত পৰিল অভিজিৎ গাংগুলী...
জগন্নাথ মন্দিৰক লৈয়ো চিন্তিত মোডীঃ বিজেপিৰ শাসনতহে হ'ব হেনো সুৰক্ষিত !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in