/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/8096758c-1b0e-422d-a4a2-925e17de000a/darrang_24.jpg)
দৰঙৰ ৪৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ আজিয়েই ৰাওনা প্ৰিজাইডিং,পোলিং বিষয়াৰ দল...
ডিজিটেল সংবাদ মঙলদৈঃ অহা ২৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া দৰং জিলাৰ অন্তৰ্গত ৪৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ বুধবাৰে আগতীয়াকৈ ৰাওনা হৈছে ভোটগ্ৰহণৰ দায়িত্বত নিয়োজিত প্ৰিজাইডিং-পোলিং বিষয়াৰ দল।জিলাখনৰ দূৰণিবটীয়া অঞ্চলত অৱস্থিত এই ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ যাতায়ত ব্যৱস্থা সূচল নোহোৱাৰ বাবেই জিলা প্ৰশাসনে ভোটগ্ৰহণৰ দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক দুদিন আগতীয়াকৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে।
উল্লেখ্য যে, অহা ২৬ এপ্ৰিলত দৰং-ওদালগুৰি সমষ্টিৰ অন্তৰ্গত দৰং জিলাত লোকসভা নিৰ্বাচনৰ ভোট গ্রহণ অনুষ্ঠিত হ'ব। তথ্য অনুসৰি, ৪৯ নং ছিপাঝাৰ বিধান সভা সমষ্টিৰ ১৪ টা, ৫০ নং মঙলদৈ বিধান সভা সমষ্টিৰ ৯ টা আৰু ৫১ নং দলগাওঁ বিধান সভা সমষ্টিৰ ২০ টা এনে ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰিজাইডিং-পোলিং বিষয়াৰ দল আগতীয়াকৈ ৰাওনা হৈছে।
মঙলদৈ মহাবিদ্যালয়ত স্থাপন কৰা কাৰ্যালয়ৰ পৰা ভোটগ্ৰহণৰ প্ৰয়োজনীয় নথি-পত্ৰকে ধৰি সকলো সামগ্ৰী সংগ্ৰহ কৰি আজি ৪৩ টি দল নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে।
Also Read: সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থনত জুৰীয়াত অখিল গগৈৰ বিশাল সভা..