/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4e1dbeca-92e7-403a-b042-737e5d0d79ab/akhil.jpg)
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থনত জুৰীয়াত অখিল গগৈৰ বিশাল সভা..
ডিজিটেল সংবাদ,জুৰীয়াঃ বুধবাৰে জুৰীয়াত এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰে কংগ্ৰেছে। সভাত দলীয় প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ চলাই বিধায়ক অখিল গগৈয়ে। উপস্থিত ৰাইজৰ সন্মুখত শাসকীয় দল তথা মুখ্য়মন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কৰি এইবেলি প্ৰদ্যুৎ বৰদলৈ বিপুল ভোটত জয়ী হ'ব বুলি দাবী কৰে বিধায়কগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/af406e90-ef4a-43a6-a7b1-d69ee6359825/9006bdb0_1e04_41be_9671_101e65aa9909.jpg)
জুৰীয়াৰ সভাত বিজেপি চৰকাৰৰ একাংশ আঁচনিক লৈও বহু মন্তব্য কৰি হিমন্তক মিছলীয়া আখ্যা দিয়ে অখিল গগৈয়ে। ইয়াৰোপৰি শাসকীয় দলৰ কেবাগৰাকী নিৰ্বাচনী প্ৰাৰ্থীকো লক্ষ্য কৰি লৈ কটু মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/91217360-acd9-4c9f-8541-05b5d2ab0a74/3e8c11c5_f57d_490c_932a_79136a734e1c.jpg)
উল্লেখ্য যে আজিৰ সভাত অখিল গগৈক সংগ দিয়ে বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু স্থানীয় বিধায়ক নুৰুল হুদায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/e3cc7328-f55d-479b-affd-22d1d5d7d9a3/d4856804_34bb_4995_9e50_1220e9883503.jpg)
Also Read: চাকমা, হাজং শৰণাৰ্থী অসমত সংস্থাপনৰ বিৰোধিতাৰে আপৰ প্ৰতিবাদ...