প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ গ্ৰাউণ্ড ৰিপ'ৰ্টে হতাশ কৰিছে মোডীক ! সাম্প্ৰদায়িক মন্তব্যক লৈ উত্তাল ৰাজনীতি...

ৰাজস্থানৰ জনসভাত মোডীৰ সাম্প্ৰদায়িক মন্তব্যৰ পাছতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ কঠোৰ সমালোচনা
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ গ্ৰাউণ্ড ৰিপ'ৰ্টে হতাশ কৰিছে মোডীক ! সাম্প্ৰদায়িক মন্তব্যক লৈ উত্তাল ৰাজনীতি...
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ গ্ৰাউণ্ড ৰিপ'ৰ্টে হতাশ কৰিছে মোডীক ! সাম্প্ৰদায়িক মন্তব্যক লৈ উত্তাল ৰাজনীতি...

ডিজিটেল ডেস্কঃ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত আশা কৰা ধৰণে ফলাফল লাভ নকৰিব নেকি বিজেপিয়ে? প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণে চিন্তিত কৰিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক? 'অবকি বাৰ ৪০০ পাৰ' শ্লোগান কেৱল শ্লোগানতেই সীমাবদ্ধ হৈ থাকিব নেকি? প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ আগলৈকে এক প্ৰকাৰে নৰম হৈ থকা নৰেন্দ্ৰ মোডী হঠাৎ গৰম হৈ পৰিছে। জনসভাত চূড়ান্ত সাম্প্ৰদায়িক মন্তব্যৰে সৃষ্টি কৰিছে বিতৰ্ক। উন্নয়নৰ পৰিৱৰ্তে ধৰ্মীয় কথাবতৰাৰে উত্তপ্ত কৰিছে ৰাজনৈতিক পৰিবেশ। যাৰ পৰিপ্ৰক্ষিতত উত্থাপিত হৈছে এনে প্ৰশ্ন।

উল্লেখ্য যে, ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত দেশৰ মুঠ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২ টা সমষ্টিত অনুষ্ঠিত হৈ যায় ভোটগ্ৰহণ। এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতে কংগ্ৰেছে দাবী কৰিছে এইবাৰ দক্ষিণ ভাৰতৰ পৰা নিঃশেষ হ'ব বিজেপি।কংগ্ৰেছৰ এনে দাবীৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজস্থানৰ এক জনসভাত কংগ্ৰেছ আৰু মুছলমানসকলক উদ্দেশ্য কৰি কৰা কেতবোৰ মন্তব্যই এতিয়া দেশৰ ৰাজনীতি গৰম কৰি তোলাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে হিতাহিত জ্ঞান হেৰুৱাইছে বুলি সামাজিক মাধ্যমত চৰ্চা হৈছে।

ৰাজস্থানৰ এক জনসভাত মোডীয়ে মুছলমানসকলক উদ্দেশ্য কৰি কয়, কংগ্ৰেছে দেশৰ সম্পদ মুছলমানসকলৰ মাজত বিলাই দিবলৈ বিচাৰিছে। তেওঁ মুছলমানসকলে অধিক সন্তান জন্ম দিয়ে বুলি অভিযোগ কৰি তেওঁলোকক অনুপ্ৰবেশকাৰী আখ্যা দিছে।

নিৰ্বাচনৰ মাজত মোডীৰ এনে মন্তব্যত স্বাভাৱিকতে দেশৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। কংগ্ৰেছে মোডীক সমালোচনা কৰি কয়, দক্ষিণ ভাৰতৰ পৰা বিজেপি সম্পূৰ্ণৰূপে আঁতৰাৰ লগতে প্ৰথম পৰ্যায়ত তেওঁলোকে আশাকৰা ধৰণে ফলাফল লাভ নকৰিব বুলি উপলব্ধি কৰিয়েই এতিয়া নৰেন্দ্ৰ মোডীয়ে মুছলমানৰ নাম লৈ সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে। তেওঁ মূল সমস্যাৰ পৰা জনতাৰ দৃষ্টি আঁতৰাবলৈ চেষ্টা কৰিছে। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দাবী কৰিছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত নৰেন্দ্ৰ মোডী উদ্বিগ্ন হৈ পৰিছে।

মন কৰিবলগীয়া যে, প্ৰথম পৰ্যায়ত যি ১০২ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল তাৰ ভিতৰত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত তামিলনাডুত ভোটগ্ৰহণ হৈ গৈছে। অহা ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত কেৰালাৰ আটাইকেইখন আসনত ভোটগ্ৰহণ হ’ব।

কৰ্ণাটকতো দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হ'ব। ইয়াৰ পিছত মে’ মাহত অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আদিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। দক্ষিণ ভাৰতৰ এই ৰাজ্যসমূহত আছে মুঠ ১৩০ খন লোকসভা আসন।

এই ১৩০ খন আসনৰ ভিতৰত ২০১৯ ত বিজেপিয়ে লাভ কৰিছিল ২৯ খন আসন। ইয়াৰ ভিতৰত কৰ্ণাটকত ২৫ খন আৰু তেলেংগানাত ৪ খন আসনত বিজয় সাব্যস্ত কৰিছিল। বাকী আটাইকেইখন ৰাজ্যতে বিজেপি চূড়ান্ত ৰূপত ব্যৰ্থ হৈছিল। তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰালা, পুডুচেৰীত এখনো আসন নাপালে বিজেপিয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইবাৰ এই ১৩০ খন আসনৰ ভিতৰত বিজেপিয়ে ৩০ খন আসন দখল কৰৰা লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছতে বিজেপিৰ এই লক্ষ্য সম্ভৱ নহয় বুলি উপলব্ধি হোৱাত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাম্প্ৰদায়িক কথা বতৰা আৰম্ভ কৰা বুলি দাবী কৰিছে কংগ্ৰেছে।

কংগ্ৰেছৰ প্ৰধান মুখপাত্ৰ জয়ৰাম ৰমেশে কয়- প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ গ্ৰাউণ্ড ৰিপ’ৰ্টে কয় ইণ্ডিয়া গোট বিজেপিতকৈ আগত আছে। তামিলনাডু, মহাৰাষ্ট্ৰত ইণ্ডিয়া গোটে আটাইকেইখন আসন লাভ কৰিব। বিহাৰ, ৰাজস্থান, উত্তৰ প্ৰদেশতো বিৰোধী বহু আগত আছে। উত্তৰ প্ৰদেশ, বিহাৰত প্ৰথম পৰ্যায়ত ভোটৰ হাৰ কম হৈছে। সেয়ে বিজেপিৰ চিন্তা বাঢ়িছে। ফলাফল বেয়া হ'ব বুলি অনুমান কৰিব পাৰিয়েই বিজেপিৰ নেতৃত্বই ভয় খাইছে। প্ৰধানমন্ত্ৰীৰ বক্তব্যত সেয়া স্পষ্ট হৈছে।

জয়ৰাম ৰমেশে দাবী কৰিছে এইবাৰ ক’তো 'মোডী হাৱা' নাই। প্ৰধানমন্ত্ৰীৰ ভাষণত বিজয়ৰ কোনো আশা দেখা নাই। তেওঁৰ মতে মোডী চৰকাৰৰ বিৰুদ্ধে ঢৌ তীব্ৰ হৈছে। নতুনকৈ মোডী বিৰোধী বতাহ বলিব ধৰিছে।

তেওঁ কয় চি এছ ডি এছ সংস্থাৰ সমীক্ষাত প্ৰকাশ পাইছে দেশৰ সৰ্বাধিক জনতাই চাকৰি, মূল্যবৃদ্ধিক লৈ চিন্তিত। আধাতকৈ অধিক মানুহে মোডী চৰকাৰ পুনৰ ক্ষমতালৈ আহিব নালাগে বুলি কৈছে। এনে প্ৰেক্ষাপটতে প্ৰধানমন্ত্ৰীয়ে হিন্দু বনাম মুছলমানৰ যুঁজ সৃষ্টি কৰি নিৰ্বাচনত বিজয়ী হোৱাৰ চেষ্টা চলাইছে। ক্ষমতালুভী মানুয়েহে এনে কাম কৰিব পাৰে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ গ্ৰাউণ্ড ৰিপ'ৰ্টে হতাশ কৰিছে মোডীক ! সাম্প্ৰদায়িক মন্তব্যক লৈ উত্তাল ৰাজনীতি...
মণিপুৰৰ পিছত অৰুণাচলৰো কেইবাটাও ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in