মণিপুৰৰ পিছত অৰুণাচলৰো কেইবাটাও ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ...

সোমবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰিছে নিৰ্দেশনা
মণিপুৰৰ পিছত অৰুণাচলৰো কেইবাটাও ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ...
মণিপুৰৰ পিছত অৰুণাচলৰো কেইবাটাও ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ...

ডিজিটেল ডেস্কঃ মণিপুৰৰ পিছত অৰুণাচল প্ৰদেশৰো কেইবাটাও ভোটকেন্দ্ৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিলে নিৰ্বাচন আয়োগে। উল্লেখ্য যে, দেওবাৰে মণিপুৰৰ ১১ টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ নিৰ্বাচনৰ নিৰ্দেশ প্ৰদান কৰিছিল নিৰ্বাচন আয়োগে।

সোমবাৰে পুনৰ আয়োগে অৰুণাচল প্ৰদেশৰ ৮ টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। অৰুণাচল প্ৰদেশ ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্বাচনী বিষয়া লিকেন কোয়ে এই সন্দৰ্ভত কয়, ২৪ এপ্ৰিল (বুধবাৰ)ৰ পুৱা ৬ বজাৰ পৰা দিনৰ ২ বজালৈকে এই ভোটগ্ৰহণ কেন্দ্ৰ কেইটাত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

তেওঁ কয়, যোৱা ১৯ এপ্ৰিল, শুকুৰবাৰে এই ভোটগ্ৰহণ কেন্দ্ৰ কেইটাত অনিয়ম, হিংসা আৰু ইভিএম খেলিমেলি হোৱাৰ বাবে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। চুবুৰীয়া ৰাজ্যখনৰ যিকেইটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব সেই ভোটগ্ৰহণ কেন্দ্ৰ কেইটাৰ ভিতৰত আছে পূব কামেং জিলাৰ বামেং বিধানসভা সমষ্টিৰ চাৰিঅ', কুৰুং কুমেইৰৰ নিয়াপিন বিধানসভা সমষ্টিৰ লংটে লথ, ডিংছাৰ, বগিয়া ছিয়াম, জিম্বাৰী আৰু আপাৰ সোঁৱণশিৰি জিলাৰ নাচো বিধানসভা সমষ্টিৰ অন্তৰ্গত লেংগী ভোটকেন্দ্ৰ। ইয়াৰোপৰি চিয়াং জিলাৰ ৰামগং বিধানসভা কেন্দ্ৰৰ বোগনে আৰু মালোম ভোটকেন্দ্ৰতো পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

স্মৰ্তব্য যে, যোৱা শুকুৰবাৰে অৰুণাচলৰ দুটা লোকসভা সমষ্টিৰ লগতে ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণো অনুষ্ঠিত হৈছিল। ৰাজ্যখনৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত ১০ টাতে ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।

২০১৪ ৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনত ৰাজ্যখনত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল যদিও পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে দলটোৰ অধিকাংশ বিধায়কে বিজেপিত যোগদান কৰে। ইয়াৰ পিছত ২০১৯ ৰ নিৰ্বাচনত ৰাজ্যখনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।

এইবাৰো ৰাজ্যখনত পুনৰ বিজেপিৰেই চৰকাৰ গঠন হ'ব বুলি ধাৰণা কৰা হৈছে। ৰাজ্যখনত বিজেপিৰ ফালেই পূৰ্ণ গতিত বলিছে বতাহ। বিজেপিৰ বিৰুদ্ধে ১০ টাকৈ সমষ্টিত কংগ্ৰেছ, এন পি পি আদি দলে প্ৰাৰ্থী থিয় কৰাব নোৱাৰা বিষয়টোৱেই প্ৰমাণ কৰে ৰাজ্যখনত বিজেপি কিমান শক্তিশালী স্থিতিত আছে।

মণিপুৰৰ পিছত অৰুণাচলৰো কেইবাটাও ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ...
ন্যায়ালয় এতিয়া বিজেপিৰঃ মমতা বেনাৰ্জী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in