'NDA ৰ কেইবাটাও দল INDIA লৈ আহিবলৈ ৰৈ আছে'- জয়ৰাম ৰমেশ...

ইণ্ডিয়াৰে চৰকাৰ গঠন হ'ব বুলি আত্মবিশ্বাসী কংগ্ৰেছ
'NDA ৰ কেইবাটাও দল INDIA লৈ আহিবলৈ ৰৈ আছে'- জয়ৰাম ৰমেশ...
'NDA ৰ কেইবাটাও দল INDIA লৈ আহিবলৈ ৰৈ আছে'- জয়ৰাম ৰমেশ...

ডিজিটেল ডেস্কঃ এক্সিট পোলৰ ফলাফলক গুৰুত্ব দিয়া নাই কংগ্ৰেছে। বিভিন্ন সংস্থাই প্ৰচাৰ কৰা এক্সিট পোল অনুসৰি কেন্দ্ৰত পুনৰ গঠন হ'ব এন ডি এৰ চৰকাৰ। এক্সিট পোলৰ এনে ফলাফলৰ বিপৰীতে প্ৰৱল আত্মবিশ্বাসী হৈ আছে কংগ্ৰেছ।

দলটোৰ শীৰ্ষ নেতৃত্বই বিশ্বাস কৰিছে এইবাৰ দেশত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰে চৰকাৰ গঠন হ'ব। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ইয়াৰো অধিক ওপৰলৈ গৈ আজি সাংবাদিকৰ আগত কয় যে, এন ডি এৰ সৈতে থকা কেইবাটাও ৰাজনৈতিক দল 'ইণ্ডিয়া'ত চামিল হ'বলৈ আগ্ৰহী হৈ আছে। নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পাছতে এই দল কেইটাই ইণ্ডিয়াত যোগদান কৰিব।

জয়ৰাম ৰমেশে আজি সাংবাদিকৰ আগত কয় যে, এন ডি এৰ কেইবাটাও ৰাজনৈতিক দল তেওঁৰ সম্পৰ্কত আছে। পূৰ্বে দাবী কৰাৰ দৰেই কংগ্ৰেছে ২৯৫ বা তাতকৈ অধিক আসন লাভ কৰিব বুলি দাবী কৰাৰ দৰেই আসন দলটোৱে লাভ কৰিবনে নাই সেই সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, বহু লোক যি এতিয়া এন ডি এত আছে তেওঁলোক 'ইণ্ডিয়া'লৈ আহিবলৈ শাৰি পাতি থিয় হ'ব। বহুজনেই মোলৈ ফোন কৰি আছে। মই তেওঁলোকৰ নাম ল’ব বিচৰা নাই।

ইয়াৰোপৰি তেওঁ কয়,বহু আঞ্চলিক ৰাজনৈতিক দলৰ নেতাই মোৰ সৈতে কথা পাতি আছে। তেওঁলোক 'ইণ্ডিয়া'লৈ আহিব পাৰে। মই তেওঁলোকক ভালকৈ জানোঁ। তেওঁলোকে আমাক শুভকামনা জনাইছে আৰু আমাৰ লগত আহিবলৈ আগ্ৰহী হৈ আছে।  

আনহাতে বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ চৰকাৰ গঠন হ'লে প্ৰধানমন্ত্ৰী কোন হ'ব সেই বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ৫ তাৰিখে ইয়াৰ উত্তৰ আপোনালোকে লাভ কৰিব। প্ৰথমে জনাদেশ লৈ ল’বলৈ দিয়ক। তাৰ পিছত অলপো পলম নহয়।

'NDA ৰ কেইবাটাও দল INDIA লৈ আহিবলৈ ৰৈ আছে'- জয়ৰাম ৰমেশ...
কাইলৈ গুৱাহাটীত গাড়ী চলোৱাৰ পূৰ্বে চাই লওক এই খবৰঃ বিপদত পৰিব পাৰে আপুনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in